Asom Jatiya Parishad:
সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ-অজাপৰ আসন ভাগ-বাটোৱাৰা চূড়ান্ত হয় ৷ সোমবাৰে দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠকত কংগ্ৰেছ-অজাপৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত কৰা হয় ৷ কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ বৈঠকত এই পৰ্যন্ত ১০ টা সমষ্টি অজাপলৈ এৰি দিয়াৰ মতপোষণ কৰে ৷ অৱশ্যে আন দুই অতিৰিক্ত সমষ্টিৰ ক্ষেত্ৰত চলি আছে কথা-বতৰা।
অসম জাতীয় পৰিষদৰ সম্ভাব্য প্রার্থী তালিকা জানিব পৰা গৈছে ৷ সেই অনুসৰি খোৱাঙতলুৰীণজ্যোতি গগৈ,শদিয়াত জগদীশ ভূঞা,ডিব্ৰুগড়ত মৈনাক পাত্র,
সৰুপথাৰত জীৱন চুতীয়া,বঢ়হমপুৰত ৰাজেন গোহাঁই,গুৱাহাটী মধ্যত কে এন চৌধুৰী,পলাশবাৰীত পংকজ লোচন গোস্বামী,বজালীত দিলীপ বৰুৱা,বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী ৷
উল্লেখ্য যে মৰিগাঁও অথবা ধেমাজি সমষ্টি অজাপক এৰি দিব পাৰে কংগ্ৰেছে। সমষ্টি দুটাত অজাপৰ সম্ভাব্য প্রার্থী সকল হ’ল মৰিগাঁৱত বাণী দাস আৰু ধেমাজিত নৰেন কুমাৰ পাও ৷




































