All Assam Sons Of the Soil Indigenous Kachari Somaj:
:অসমৰ ভূমিপুত্র খিলঞ্জীয়া কছাৰী সকলৰ সাতাম পুৰুষীয়া জাতীয় কৃষি উৎসৱ বহাগ বিহুৰ পিছত অসমৰ আগন্তক বিধানসভাৰ নির্বাচন এপ্রিল মাহৰ শেষৰ ফালে অথবা ‘মে’ মাহত অনুষ্ঠিত কৰিবলৈ মূখ্য নির্বাচন আয়ুক্ত ওচৰত দাবী জনাইছে সদৌ অসম ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজে ।
এক বিবৃতিত কছাৰী সমাজৰ নেতৃত্বই কয় যে ভূমিপুত্র খিলঞ্জীয়া কছাৰী সকল অসমৰ ইতিহাস অনুসৰি প্রাচীন কালৰ পৰাই আদিম মানৱ জাতি হিচাবে হাবি- জংগল কাটি চাফ চিকুণ কৰি হাজাৰ হাজাৰ বছৰ ধৰি কছাৰী ৰজা সকলে যুগে যুগে ৰাজত্ব কৰি অহা লগতে কছাৰীসকলৰ ‘মাতৃভূমি তথ্য মালিক। সেয়েহে কথাৰীসকল জীয়াই থকা জীৱিকাৰ প্রধান আহিলা ও মূল পন্থা হৈছে কৃষিজীৱী বা ধান খেতি’। যিহেতুকে প্রত্যেক বছৰৰ বহাগ মাহত প্ৰথম তাৰিখৰ পৰা ধান খেতি কৰিবলৈ প্রস্তুত হয়। সেয়েহে বহাগ মাহত জাতীয় কৃষি উৎসৱ হিচাপে পালন কৰা উদ্দেশ্যে হৈছে ইষ্ট দেৱতাৰ ওচৰত প্রার্থনা জনাই আশীবাদ লোৱা পর্ব ৷ তাকে কোৱা হয় ‘বহাগ বিহু বা কৃষি উৎসৱ হিচাপে পালন কৰি আহিছে। আনহাতে যিহেতুকে অসমৰ কছাৰী সকলৰ লগতে অসমৰ অজনজাতি সকলৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও পৰম্পৰাগতভাৱে
পালন কৰি আহিছে তেনেক্ষেত্রত বহাগ বিশ্বৰ শেষত তথা মে মাহত আগন্তুক বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে কাৰণ অসমৰ বিভিন্ন ৰাজনৈতিক দলে ৰাজনৈতিক মঞ্চলৈ বহাগ বিহুক টানি আনি ৰাজনৈতিক আৰু ব্যৱসায় ভিত্তিত লাভালাভৰ স্বাৰ্থত ‘বহাগ বিহুক’ ব্যৱহাৰ কৰা দেখা যায়। কিন্তু ৰাজনীতি দলবোৰে বহাগ বিহুক যাতে ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে বহাগ বিহুৰ শেষত অর্থাৎ মে মাহত বিধানসভাৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই। বহাগ বিহু কছাৰী সকলৰ পবিত্র ও কৃষি উৎসৱ কিন্তু কোনোপধ্যেই ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰা আৰু বিকৃতি হোৱাটো কেতিয়াও সহ্য কৰা নহব বুলি কছাৰী সমাজৰ নেতৃত্বই সকীয়াই দিয়ে।
আনহাতে বিবৃতিটোত কছাৰী সমাজৰ নেতৃত্বই কয় যে অসমত বসবাস কৰি থকা কিছুমান অনা অসমীয়া তথা অজনজাতি সকলে নিকৃষ্ট মানসিকতাৰে প্ৰকৃততে ‘বহাগ বিহুক’ ৰঙালী বিহু বুলি ছাপ মাৰি বিকৃতি ঘটাই পালন কৰি অহা দেখিবলৈ পোৱা গৈছে কিন্তু এই সংক্রান্তত কছাৰী সমাজৰ নেতৃত্বই সকীয়াই দিয়ে যে বহাগ বিহু এটা কৃষি উৎসৱ কিন্তু কেতিয়াও ৰঙালী বিহু নহয়।
তেনেক্ষেত্রত এই পবিত্র কৃষি ভিত্তিক বহাগ বিহুক ৰঙালী বিহু বুলি বিকৃতি কৰাৰ লগতে ব্যৱসায় ভিত্তিত বিহু মঞ্চত পতা বন্ধ কৰা আৰু ৰাজনৈতিক মঞ্চলৈ টানি আনি ৰাজনৈতিক ভাৱে বহাগ বিহুক জীয়াই জীয়াই হত্যা কৰা ষড়যন্ত্র কেতিয়াও মানি লোৱা নহব বা সহ্য কৰা নহব বুলি কঠোৰ সকীয়াই দিয়ে ।






























