Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীৰ নতুন চছলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে গঠিত হোৱা নতুন চছল সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ২য় বাৰ্ষিক নতুন চছল বিহু সন্মিলন ১৪ আৰু ১৫ এপ্ৰিলত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ৷ বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, পৰম্পৰাগত খেল-ধেমালী, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত চিত্ৰাংকন, একক লোকনৃত্য প্ৰতিযোগিতা আৰু মনোমোহা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ একক লোক নৃত্য প্ৰতিযোগিতাত ৰিয়া ৰয়, ৰিয়াংসী বৰুৱা, আৰু ভাগ্যশ্ৰী প্ৰিয়াই যথাক্ৰমে প্ৰথম,দ্বিতীয়, তৃতীয় স্থান আৰু চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে যথাক্ৰমে অনিশা বৈশ্য আৰু ময়ুৰদ্বীপ তালুকদাৰে।
লগতে বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হয়।৷ ৩০ চতৰ দিনা ৰাতিপুৱা ৯.৩০ বজাত মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাৰে সভানেত্ৰী তৃষ্ণা দেৱীক নিজ গৃহৰ পৰা বিহু তলিলৈ আদৰি আনে আৰু ইয়াৰ পিচতে আনুষ্ঠানিকভাৱে বিহুৰ পতাকা উত্তোলন কৰে৷ নতুন চছল অঞ্চলৰ বয়োজ্যেষ্ঠ নাগৰিক গণেশ চন্দ্ৰ দাসে শ্বহীদ বেদী, প্ৰয়াত শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ লগতে স্থানীয় প্ৰয়াত ব্যক্তি বুদ্ধিন শইকীয়া আৰু অকালতে মৃত্যুবৰণ কৰা নতুন চছলৰ উদিয়মান যুৱক চামিম চৌধুৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
নতুন চছল অঞ্চলৰ ৬ গৰাকী বিশিষ্ট ব্যক্তিক নিজ গৃহত সম্বৰ্ধনা জনোৱা হয়। বিহুতলীত অনুষ্ঠিত পৰম্পৰাগত খেল -ধেমালী প্ৰতিযোগিতাত শিশু সকলৰ লগতে স্থানীয় বয়োজ্যেষ্ঠ পুৰুষ মহিলা সকলোৰে অংশগ্ৰহণে এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে। ইয়াৰ পিছত উপস্থিত সমূহ বিহু বলীয়া ৰাইজে বিহুতলীত সমূহীয়া বিহুৰ জলপান গ্ৰহণ কৰে। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত একক লোক নৃত্য প্ৰতিযোগিতা, স্থানীয় শিল্পী সকলৰ সংগীতানুষ্ঠান আৰু দৃষ্টি নন্দন নৃত্যানুষ্ঠানে বিহুৰ মঞ্চ জিপাল কৰি তোলে।
সংগীতানুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী সুদীপ্ত ভৰদ্বাজৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে।সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত বন্তি প্ৰজ্বলন কৰে গুৱাহাটীত পৌৰ নিগমৰ ৫৯ নং ৱাৰ্ডৰ পাৰিষদ অসীম শইকীয়াই। নতুন চছলৰ মহিলা সকলৰ শ্ৰুতি মধূৰ সমবেত সঙ্গীত ‘মায়াবিনী’ আকৰ্ষণীয় জেং বিহু, বৰবাৰী কাৰ্বি নৃত্য দলৰ কাৰ্বি লোক নৃত্য, নতুন চছলৰ মহিলা সকলৰ আকৰ্ষনীয় গোৱালপৰীয়া লোকনৃত্য ‘চম্পাকলি’য়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷
সাংস্কৃতিক অনুষ্ঠানত নতুন চছল অঞ্চলৰ ১১ গৰাকী জ্যেষ্ঠ নাগৰিকক বিহু সন্মিলনৰ কৰ্মকৰ্তা সকলে ফুলাম বিহুৱানেৰে বিহুৰ সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। শিল্পী ভূমি কৌশিক, অদিতি তাছা আৰু তৃষ্ণা দেৱীৰ সংগীতানুষ্ঠানে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তোলে লগতে জনপ্ৰিয় ঘোষক ধনঞ্জয় তালুকদাৰ সাৱলীল মঞ্চ সঞ্চালনাই দুদিনীয়াকৈ অনুষ্ঠিত বিহু উৎসৱৰ কাৰ্যসূচী ত এক অনন্য মাত্ৰা প্ৰদান কৰে। অসম সংগীতেৰে ২য় বাৰ্ষিক নতুন চছল বিহু সন্মিলনৰ সফল সামৰণি পৰে।






























