Cyber Fraud & Illegal SIM Racket:
কামৰূপ জিলাৰ একাধিক অঞ্চলত দেওবাৰে চিআইডিৰ চাইবাৰ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই পাঁচজন কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অপৰাধী কেইজন হ’ল মইনুল হক , চন্দ্ৰ কলিতা , কংকন কলিতা ,হিৰক জ্যোতি কলিতা আৰু মোস্তাকিম আহমেদ ৷ ধৃত চাইবাৰ অপৰাধী কেইজনে জালিয়াতি, চিম কাৰ্ড অবৈধ ক্ৰয় আৰু বিতৰণ, ১০০০ৰো অধিক ব্যক্তিৰ কেৱাইচিৰ নথিপত্ৰসমূহৰ অপব্যৱহাৰৰ সৈতে জড়িত এক সংগঠিত নেটৱৰ্কক গঢ়ি বিভিন্নজনক প্ৰৱঞ্চনা কৰি আহিছিল ৷


চিআইডিয়ে জব্দ কৰে বিভিন্ন ব্যক্তিৰ নামত ৫৪ খন বেংকৰ পাছবুক১০ খন খালী চেক বুক,৫ খন অব্যৱহৃত ডেবিট কাৰ্ড,প্ৰায় ৫০০ টা ইছ্যু কৰা চিম কাৰ্ডৰ কভাৰ ৷
উল্লেখ্য যে আটকাধীন চাইবাৰ অপৰাধী কেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ): ৩১৮(৩), ৩১৯(২), ৩৩৬(৩), ৩৩৭, আৰু ৬১(২) প্ৰাসংগিক ধাৰাত এটা ছুঅ’ মট’ গোচৰ (নং ০১/২০২৬) পঞ্জীয়ন কৰা হৈছিল চাইবাৰ আৰক্ষী থানাত ।
আনহাতে সকলো ধৰণৰ চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে যুঁজিবলৈ অসম আৰক্ষী দায়বদ্ধ হৈ আছে বুলি উল্লেখ কৰি চিআইডিৰ চাইবাৰ ক্ৰাইমৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়াই নাগৰিকসকলক আহ্বান জনোৱা কয় যে,ব্যক্তিগত কেতিয়াও শ্বেয়াৰ নকৰিব ব্যক্তিগত নথিপত্ৰ (আধাৰ, পেন, বেংকৰ সবিশেষ, ফটো) কেতিয়াও অজ্ঞাত সত্তা বা অনভেৰিফাইড প্ৰশিক্ষণ/চাকৰি আঁচনিৰ সৈতে শ্বেয়াৰ নকৰিব। সন্দেহজনক কল, বাৰ্তা বা অনলাইন কাৰ্য্যকলাপসমূহ তৎক্ষণাত ১৯৩০ (ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন) বা cybercrime.gov.in লৈ ৰিপৰ্ট কৰক। নথিপত্ৰ জমা দিয়াৰ আগতে চৰকাৰী সংশ্লিষ্ট বিভাগৰ জৰিয়তে পৰীক্ষা কৰক।




































