Cyber Crime:✒️বর্ষ ২০২৫ত দেশৰ অপৰাধৰ জগতত সবাটোকৈ চর্চিত শব্দটো আছিল ‘ডিজিটেল এৰেষ্ট’। বিদায়ী বর্ষত অচিনাক্ত নম্বৰৰ পৰা অহা ফোনকলে একাংশ লোকক আতংকিত কৰাৰ লগতে ‘ডিজিটেল এৰেষ্ট’ৰ ভাবুকিৰে অনলাইন লুটপাতো কৰিছিল।
প্ৰৱৰ্তক সঞ্চালকালয় (ইডি), ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ), চিবিআই, আৰক্ষী, আয়কৰ আদিৰ নাম লৈ চাইবাৰ অপৰাধীয়ে এই বর্ষটোত কোনো ব্যক্তিলৈ ফোন কৰি বা ই-মেইল, হোৱাটছএপ মেছেজ আদি কৰি বিভিন্ন ভুৱা অপৰাধৰ অভিযোগ উত্থাপন কৰি ডিজিটেলী এৰেষ্ট কৰাৰ ভাবুকি দিয়ে।
এইদৰে চাইবাৰ অপৰাধীয়ে ভাবুকি দি জালত পৰা ব্যক্তিৰ পৰা অনলাইন পদ্ধতিৰে ধন দাবী কৰে। এই ধৰণৰ ভুৱা আৰক্ষী, চিবিআই, ইডি আদি বিভাগৰ বিষয়া বুলি দাবী কৰা ব্যক্তিৰ ভাবুকিত ‘ডিজিটেল এৰেষ্ট’ৰ ভয়ত একাংশ লোকে বিচৰা ধন দিবলৈ সন্মত হয়।
ভাৰতত বিদায় বৰ্ষটোত এই ধৰণৰ চাইবাৰ অপৰাধৰ ঘটনা বহু বৃদ্ধি পালে। চাইবাৰ অপৰাধীয়ে এই নতুন কৌশলবে ডিজিটেল এৰেষ্টৰ নামত প্রতিদিনে অসংখ্য লোকৰ বেংকৰ একাউন্ট খালী কৰি আহিছে।
চৰকাৰী পৰিসংখ্যা অনুসৰি ছেপ্টেম্বৰ ২০২৪ৰ পৰা বৰ্তমানলৈকে চাইবাৰ অপৰাধ ব্যূৰ’বে ৮,০৩১ কোটি ভুৱা বিত্তীয় লেনদেন প্রতিৰোধ কৰিছিল। তদুপৰি বিভাগটোৱে দেশত ২৪.৬ লাখ ভুৱা বেংক একাউন্টো চিনাক্ত কৰিছিল।
এই পৰিসংখ্যাৰ পৰাই স্পষ্ট হয় যে বিদায়ী বর্ষত দেশত ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ অপৰাধ কিমান বৃদ্ধি পালে।






























