Tragic road accident in Lakhimpur:
লখিমপুৰৰ পথালি পাহাৰত বুধবাৰে পুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে কৰুণ মৃত্যুক সাবটি ল’লে এটি কণমানি শিশু সহ একেটা পৰিয়ালৰ চাৰিজনলোকে ৷
চাৰিজন আৰোহী কঢ়িয়াই অনা দ্ৰুতবেগী বাহনহখনে নিয়ন্ত্ৰণ হেৰুৱাই পথালি পাহাৰৰ ৰাজপথৰ কাষৰ ডিভাইদাৰত প্ৰচণ্ড খুন্দা মৰাত বাহন খন সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় ৷ফলত ঘটনাস্থলীত মৃত্যু হয় বাহন খনত থকা হাৰমতী লখনাবৰীৰ দীপাংকৰ হাজৰিকা আৰু পত্নী পৰী হাজৰিকা,তেওঁলোকৰ কণমানি কন্যা বিদিশা হাজৰিকা আৰু দীপাংকৰৰ পিতৃ যজ্ঞোৰাম হাজৰিকা ৷ ঘটনা সংঘটিতৰ পিছতে স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হয় ৷ গক শোকাকুল পৰিবেশৰ মাজতে আৰক্ষীয়ে চাৰিওটি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে এলএমচিএইছলৈ প্ৰেৰণ কৰে ৷ আনহাতে শোকাৱহ দুৰ্ঘটনাৰ খবৰ লাভ কৰি শোকাহত হৈ পৰে হাৰমতী লখনাবৰীৰ দীপাংকৰ হাজৰিকাৰ পৰিয়াল সহ সমগ্ৰ অঞ্চল ৷






























