GMCH Incident:
মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন ৷ সহপাঠী এগৰাকী ছাত্রীক ৰেগিং, অশ্লীল প্রস্তাৱ আৰু মানসিক হাৰাশাস্তি দি অহাৰ অভিযোগ উদ্থাপিত হয় ৩ ছাত্ৰৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে জিএমচিএইছ কর্তৃপক্ষক লিখিত অভিযোগ দিয়াৰ লগতে পাণবজাৰ মহিলা আৰক্ষী থানাতো দিয়ে অভিযোগ ।
আনহাতে ভুক্তভোগী ছাত্ৰী গৰাকীয়ে দিয়া লিখিত অভিযোগৰ ভিত্তিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি ৰেগিঙৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এজন ছাত্ৰক ৬ মাহৰ বাবে বহিস্কাৰ কৰাৰ বিপৰীতে আৰু আন দুজনক ৩ মাহৰ বাবে নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে ৷
উল্লেখ্য যে উত্তৰ- পূৰ্বৰ চিকিৎসা শিক্ষাৰ অগ্ৰণি শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্যৰ বিৰুদ্ধে এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকে যৌন আতিশয্য চলোৱাৰ অভিযোগ উদ্থাপিত কৰিছিল ৷যাৰবাবে ৰাজ্য চৰকাৰে এখন তদন্ত কমিটি গঠন কৰি তদন্ত অব্যাহত ৰাখিছে ৷































