Karbianglong Missing:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৯ এপ্ৰিলত ৷ কিন্ত নিৰ্বাচনত কৰ্তব্যৰত এজন নিৰ্বাচনী বিষয়া বিগত ৭ দিনে সন্ধান হৈ আছে কাৰ্বি আংলঙৰ ৰংবংৱেৰ পৰা ৷ বিষয়াজনৰ নাম কার্নেলিয়াছ কিন্দো নামৰ বিষয়াজন ৷
ADVERTISEMENT
কাৰ্বি আংলঙৰ ৰংবংৱেৰ ১৯ নং চাপো কাঠাৰ এল পি স্কুলৰ ভোটকেন্দ্ৰত কৰ্তব্যৰত হৈ আছিল কার্নেলিয়াছ কিন্দো ৷ বিগত সাতটা দিনে বিষয়াজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱা দুৰ্ভগীয়া পৰিয়ালটিয়ে ইতিমধ্যেই থানাত এজাহাৰ দিছে ৷ তথাপিও নিৰুদ্দিষ্ট কার্নেলিয়াছ কিন্দোৰ সন্ধান আৰক্ষীয়েও আজি পৰ্যন্ত উলিয়াবলৈ সক্ষম নোহোৱাত অধিক চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটি ৷






























