Appointment of Special Observers in Assam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ৰ বাবে এজন বিশেষ পৰ্যবেক্ষক নিয়োগ কৰিছে।
নিৰ্বাচন আয়োগে কালি অৰ্থাৎ ১৫ মাৰ্চত অসমসহ ৪খন আন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। অসমৰ ভোটগ্ৰহণ ৯ এপ্ৰিল’ত আৰু ভোট গণনা ৪ মে’ত অনুষ্ঠিত হ’ব। সংবাদ মেলত কালি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে অসমসহ সকলো ৰাজ্যতে নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ’ব বুলি আশ্বাস প্ৰদান কৰিছে।
নিযুক্ত বিশেষ পৰ্যবেক্ষক মনজিৎ সিং ৰাজস্থান কেডাৰৰ এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। ভাৰতীয় সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ অধীনত লাভ কৰা ক্ষমতাৰ আধাৰত নিৰ্বাচন আয়োগে অসমত এই বিশেষ পৰ্যবেক্ষক নিয়োগ কৰিছে।
বিশেষ পৰ্যবেক্ষকে নিৰ্বাচনী প্ৰস্তুতি আৰু ৰাজ্যখনত সাধাৰণ নিৰ্বাচনৰ পৰিচালনা পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিয়মীয়াকৈ অসম ভ্ৰমণ কৰিব আৰু প্ৰয়োজন অনুসৰি আয়োগক মতামত আগবঢ়াব। আয়োগৰ প্ৰতিনিধি হিচাপে বিশেষ পৰ্যবেক্ষকে অসমত মুক্ত, শান্তিপূৰ্ণ, নিৰপেক্ষ আৰু স্বচ্ছ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হোৱাত অধিক সহায় কৰিব।






























