পূৰ্বৰ ইউপিএ চৰকাৰৰ দিনত টকাৰ মূল্যৰ পতনক লৈ তদানীন্তন প্রধানমন্ত্রী ড° মনমোহন সিঙক সমালোচনাৰে থকা-সৰকা কৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত টকাৰ মূল্য হ্রাসে নিতৌ নতুন অভিলেখ সৃষ্টি কৰিছে। আনকি আজি এক ডলাৰৰ মূল্য প্রায় ৯৫ টকা হয়।
শুকুৰবাৰে সন্ধিয়া দেখা যায় যে প্রতি ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯৪.৫৬ টকা হয়। ইয়ে সা-সামগ্ৰীৰ বজাৰত জুই জ্বলাৰ সম্ভাৱনা প্রবল কৰিছে। কাৰণ পেট্র’ল-ডিজেলকে ধৰি বিভিন্ন সামগ্রী বিদেশৰ পৰা আমদানি কৰে। পূৰ্বৰ তুলনাত আমদানিত অধিক ধন ব্যয় কৰিবলগীয়া হ’ব। এনে সামগ্ৰীৰ মাজত চিকিৎসাত ব্যৱহৃত যন্ত্র-পাতিও আছে।
উল্লেখ্য যে বিগত এবছৰতকৈ অধিক দিন ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমন ঘটি আছে। মধ্যপ্রাচ্য যুদ্ধৰ সূত্রপাত ঘটাৰ পাছৰে পৰা এই অবনমন অধিক বৃদ্ধি পায়। কাৰণ যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা কাইলৈ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৩.৫ শতাংশ হ্রাস পায়।
যোৱা বৃহস্পতিবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৯৩.৯৬ টকা আছিল। আজি পুনৰ এক টকা ১৫ পইচাৰ পতন ঘটি ৯৪.৫৬ টকা হয়। ইপিনে, মোদী চৰকাৰৰ ৰক্ষণাবেক্ষণত নামি একাংশ বিশেষজ্ঞই যুক্তি প্রদর্শন কৰিছে যে ডলাৰ স্থিৰ হৈ থকাৰ বাবেহে টকাৰ পতন ঘটি আছে। একেদৰে টকাৰ এই পতনে বিশেষ ক্ষতি নকৰে বুলিও এনে বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
এই সম্পর্কত চি আৰ ফৰেক্স এডভাইজৰ্ছৰ গবেষণা গোটৰ পৰিচালন সঞ্চালক অমিত পাবাৰীয়ে আশা প্রকাশ কৰিছে যে মধ্যপ্রাচ্যৰ উত্তেজনা দূৰ হ’লে পৰিস্থিতি স্বাভাৱিকলৈ আহিব।
একেদৰে শ্বেয়াৰ বজাৰতো প্রবল ধুমুহা অব্যাহত আছে। শুকুৰবাৰে ছেনছেক্সৰ এহেজাৰৰো অধিক পইণ্টৰ পতন ঘটাত একে দিনাই সাত লাখ কোটি টকা বজাৰৰ পৰা উধাও হয়। অর্থাৎ বিনিয়োগকাৰীসকল এই বিপুল অংকৰ ধনৰ লোকচানৰ সম্মুখীন হয়। আজি স্টক এক্সচেঞ্জ বন্ধ হোৱাকৈ এইদৰে শ্বেয়াৰ বজাৰ বাঙলী হয়। টকাৰ মূল্যৰ অভূতপূর্ব পতনেও শ্বেয়াৰ বজাৰ বক্তাক্ত কৰা বুলি চৰ্চা হৈছে।
কালি মুঠতে ছেনছেক্সৰ ১,৬৯০ পইণ্টৰ পতন ঘটে। ফলত সম্প্রতি ছেনছেক্স ৭৩,৫৮৮.২২ হৈছে। একে অৱস্থাৰ সৃষ্টি হয় নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় স্টক এক্সচেঞ্জতো। শুকুৰবাৰে এই এক্সচেঞ্জৰ সূচকাংক নিফটী ২২,৮৫০ৰ তললৈ নামে। ফলত সম্প্রতি দেশৰ শ্বেয়াৰ বজাৰত হতাশা বিৰাজ কৰিছে। শ্বেয়াৰ বজাৰৰ এই পতনৰ বাবে মধ্যপ্রাচ্য যুদ্ধৰ লগতে টকাৰ মূল্যৰ অভূতপূর্ব পতন আৰু দেশৰ পৰা বিদেশী পুঁজিৰ ব্যাপক বহির্গমনক দায়ী কৰিছে বিশেষজ্ঞসকলে।






























