বিশ্বৰে সবাতোকৈ ধনী ক্রিকেট লীগ ৰূপে পৰিচিত আইপিএলত এইবাৰো ধনৰ বন্যা বৈছে। আইপিএলে ক্রিকেটাৰসকলৰ আৰ্থিক অৱস্থাৰ উল্লেখযোগ্য উন্নতিও সাধন কৰিছে। আইপিএলত এবাৰ ভূমুকি মৰাৰ সুযোগ পালেই ক্রিকেটাৰসকৰ জীৱন বিলাস বহুল হৈ পৰে। বিভিন্ন দলৰ স’তে বৃহৎ অংকৰ চুক্তিৰ বলত ক্রিকেটাৰসকলৰ সম্পদ বৃদ্ধি চকুত লগাকৈ ঘটে।
চুক্তিৰ সময় বা নিলামৰ সময়ত ধনৰ পৰিমাণ বৃদ্ধি পায়। তদুপৰি ধাৰাবাহিকভাৱে ভাল প্রদর্শন কৰা দলসমূহ একোটা ব্ৰেণ্ডত পৰিণত হয় আৰু তেতিয়া উপার্জন বৃদ্ধি পায়। এনে অৱস্থাত একোজন ক্রিকেটাৰ বিপুল অৰ্থৰ গৰাকীত পৰিণত হয়। ধনৰ দিশৰ পৰা আইপিএলৰ ১০টা দলৰ খেলুৱৈসকলৰ কথা লক্ষ্য কৰিলে দেখা যায় যে সবাতোকৈ শীর্ষত আছে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক তথা চেন্নাই ছুপাৰ কিংছৰ স্তম্ভ মহেন্দ্র সিং ধোনি। ধোনিৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২শ কোটি টকা। তেওঁক আইপিএলৰ অন্যতম ধনী ক্রিকেটাৰৰূপে গণ্য কৰা হয়। আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলেও চেন্নাই ছুপাৰ কিংছৰ স’তে ধোনিৰ সম্পর্ক অটুট আছে।
তদুপৰি তেওঁৰ একাধিক ব্যৱসায়ো আছে। ক্রীড়া দল আৰু ‘লাইফ ষ্টাইল’ ব্ৰেণ্ডত তেওঁৰ অংশীদাৰিত্বও আছে। এই ক্ষেত্ৰত ধোনিৰ পাছতে চৰ্চিত হয় বিৰাট কোহলিৰ নাম। বয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ফ্রেন্সাইজীৰ মুখ হ’ল বিৰাট। দলৰ সকলোতকৈ ধনী খেলুৱৈ হৈছে বিৰাট। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্রায় ১১শ কোটি টকা। গতিকে তেওঁক সম্প্রতি বিশ্বৰ অন্যতম চহকী ক্রিকেটাৰ আখ্যা দিয়া হয়। আৰচিবিৰ স’তে তেওঁৰ সম্পৰ্ক দীর্ঘদিনৰ। তদুপৰি তেওঁ অনেক নামী-দামী ব্ৰেণ্ডৰ প্ৰচাৰকো।
ফিটনেচ আৰু ফেশ্বন ব্রেন্ড তথা ৰেস্তোৰাঁ ব্ৰেণ্ডৰ স’তে বিৰাটৰ সম্পর্ক আছে। আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সবাতোকৈ ধনী খেলুৱৈ হ’ল পেট কামিন্স। অস্ট্রেলিয়া পুৰুষ ক্রিকেট দলৰ অধিনায়ক কামিন্স অন্যতম ধনী খেলুৱৈ।
আইপিএলৰ স’তে সংযুক্ত হোৱাৰ পাছৰ পৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ তড়িৎ গতিত বৃদ্ধি পায়। বৰ্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৭৮ কোটি টকা। আনহাতে, মুম্বাই ইণ্ডিয়ানছৰ সবাতোকৈ বিত্তশালী খেলুৱৈ হৈছে ভাৰতীয় ক্রিকেটাৰ ৰোহিত শর্মা। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫০ কোটি টকা। আইপিএলৰ স’তে জড়িত হোৱাৰ পাছৰে পৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পায়।
ইপিনে, কলকাতা নাইট ৰাইডাৰ্ছৰ সকলোতকৈ ধনী খেলুৱৈ হৈছে সুনীল নাৰিন। অলৰাউণ্ডাৰ নাৰিনৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬০ কোটি টকা।নাৰিনৰ পাছতে এই তালিকাত আছে ৰবীন্দ্র জাদেজাৰ নাম। অলৰাউণ্ডাৰ জাদেজাৰো সম্পত্তিৰ মূল্য ১৫০ কোটি টকাৰো অধিক।
দীর্ঘদিন ধৰি তেওঁ চেন্নাই ছুপাৰ কিংছত অন্তর্ভুক্ত আছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজস্থান ৰয়েলছলৈ প্ৰত্যাৱৰ্তন কৰে। তেওঁ ৰাজস্থান ৰয়েলছৰ হাত ধৰিয়েই আইপিএলত প্রৱেশ কৰিছিল।
আনহাতে, দিল্লী কেপিটেলছৰ সবাতোকৈ ধনী খেলুৱৈ হৈছে কে এল ৰাহুল। তেওঁৰ সম্পত্তিৰ মূল্য এশ কোটিৰো অধিক টকা। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সবাতোকৈ বিত্তশালী খেলুৱৈ হৈছে ঋষভপণ্ট। পণ্টৰ মুঠ সম্পত্তিৰ পৰিমাণ এশ কোটিৰো অধিক টকা।
আনহাতে, পঞ্জাব কিংছৰ সবাতোকৈ ধনী খেলুৱৈ হৈছে শ্রেয়াছ আয়াৰ। শান্ত স্বভাৱৰ বাবে খ্যাত আয়াৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭০ কোটি টকা। ক্রিকেট আৰু উপার্জন দুয়োটাতে তেওঁ ধাৰাবাহিকভাৱে উন্নতি সাধন কৰি আছে। এই তালিকাত অন্তিম স্থানত আছে শুভমন গিলৰ নাম। গুজৰাট টাইটানছৰ অধিনায়ক গিলৰ সম্পত্তিৰ মূল্য প্রায় ৬০ কোটি টকা।






























