Indian Pencak Silat Fedaration:
ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মেঘালয় পেন্চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত চলিত মাহৰ ২৬ আৰু ২৭ মাৰ্চত মেঘালয়ৰ শ্বিলং স্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ইণ্ড’ৰ ষ্টেডিয়ামত সৰ্বভাৰতীয় পৰ্য্যায়ত দুইদিনীয়াকৈ অনুষ্ঠিত হোৱা আস্মিতা খল’ ইণ্ডিয়া ছিনিয়’ৰ পেন্চাক চিলাট লীগ্:২০২৬ ত অসমে এটা সোণৰ, দুটা ৰূপৰ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে মুঠ ছয়টা পদক অৰ্জন কৰি ৰাজ্যখনক উজ্জ্বলাই তুলিছে।
দেশৰ ২৬ ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগীতাখনত অসম দলটিৰ নেতৃত্ব দিয়ে পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা ভাৰতীয় পেনচাক চিলাট মহাসংঘৰ জ্যেষ্ঠ কার্যনির্বাহী সদস্য লক্ষ্যজিত দলে আৰু সন্থাৰ যুটীয়া সম্পাদক তথা ৰাষ্ট্ৰীয় বিচাৰক মাষ্টাৰ গগন চন্দ্ৰ বড়ো। উল্লেখ্য যে ৰাষ্ট্ৰীয় বিচাৰক ভাস্কৰজ্যোতি ডেকা, ৰবিজিত ৰাজকুমাৰ আৰু এলবিষ্টন মাৰাকে বিচাৰকৰূপে প্ৰতিযোগীতাখনত দায়িত্বভাৰ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।
ৰাজ্য খনৰহৈ শোণিতপুৰ জিলাৰ চন্দ্ৰমা মেধী ডেকাই ব্ৰঞ্জৰ পদক, ধেমাজী জিলাৰ জুচি ডেকাই সোনৰ পদক, খেম কমাৰী প্লধানে ৰূপৰ পদক, লখিমপুৰ জিলাৰ পম্পি দেউৰীয়ে ব্ৰঞ্জৰ পদক আৰু গোলাঘাট জিলাৰ মনিকা বড়োৱে ৰূপৰ পদক, বৰপেটা জিলাৰ ৰামেলা খাতুনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে প্ৰতিযোগিতাখনিৰ উদ্বোধনি অনুষ্ঠানত ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী ৱাইলড চিল্লা আৰু মেঘালয় অলিম্পিক সন্থাৰ সভাপতি জন্ এফ্ খাৰ্চিয়েং উপস্থিত থাকে আৰু আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোত্সৱ:২০২৭ ত পেন্চাক চিলাট ক্ৰীড়াৰ অন্তৰ্ভুক্তি কথা ব্যক্ত কৰে।



































