Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘জুবিনদা বিহীন বহাগ বিহু আত্মাবিহীন শৰীৰৰ দৰে’তেজপুৰত সংবাদমেলত ক’লে পৱন খেৰাই

publisher by publisher
April 3, 2026
in Assam, News
Reading Time: 1 min read
0
‘জুবিনদা বিহীন বহাগ বিহু আত্মাবিহীন শৰীৰৰ দৰে’তেজপুৰত সংবাদমেলত ক’লে পৱন খেৰাই
2
SHARES
16
VIEWS
ShareShareShareShare

Pawan khera:✒️এইবাৰৰ বহাগ বিহু দুখৰে ভৰা৷ জুবিনদা বিহীন বহাগ বিহু আত্মা বিহীন শৰীৰৰ দৰে৷ আজি অসমীয়া মানুহৰ বহাগ বিহু পালনৰ উৎসাহ নোহোৱা হৈছে৷ মানুহ কণ্ঠৰুদ্ধ হৈ পৰিছে৷ জুবিনদা যিটো পৰিস্থিতিত আমাৰ পৰা গুছি গ’ল এয়া দুখৰ বিষয়৷ আমি ১০০ দিনত ন্যায়ৰ কথা কোৱাত বাণ্টি আৰু বাবলি হতাশ হৈছে৷ আমি বুজি নাপাও যে জুবিনদাৰ বাবে কোনোবাই ন্যায় দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মা আতংকিত হয় কিয়? হিমন্ত বিশ্ব শৰ্মাই কাক সুৰক্ষা দিব খুজিছে আৰু কি কথা গোপন কৰি ৰাখিব খুজিছে৷ আজি এই কথা সমগ্ৰ অসমে জানিব খোজে৷— বৃহস্পতিবাৰে তেজপুৰত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই।

ADVERTISEMENT

জুবিন গাৰ্গ সন্দৰ্ভত পৱন খেৰাই আৰু কয় যে জুবিনদাৰ গুছি যাবলৈ সময় হোৱা নাছিল৷ কংগ্ৰেছে জুবিনদাৰ ন্যায় বিচৰাতো অপৰাধ নহয় বুলি উল্লেখ কৰি তেওঁ কয়, ”কিছুদিন পূৰ্বে মই জুবিন ক্ষেত্ৰলৈ গৈছিল৷ বৰষুণ হৈছিল৷ জুবিন ক্ষেত্ৰৰ অৱস্থা নাই৷ বিজেপি আৰ আৰএছএছৰ সমগ্ৰ দেশত পঞ্চতাৰকা সদৃশ কাৰ্যালয় স্থাপন কৰি থকা হৈছে৷ কিন্তু জুবিন ক্ষেত্ৰৰ কাম কৰিব পৰা নাই৷ জুবিন গাৰ্গৰ বাবে বিজেপিৰ নেতাৰ মনত সন্মান নাই৷ যাৰ বাবে আতংকিত হৈ আছে৷’’

RelatedPosts

সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেঁচা পৱন খেড়াৰ

পৱন খেড়াৰ আগাম জামিন আবেদনত শুনানি স্থগিত

Pawan Khera:অগ্রিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়া

খেৰাই আৰু কয় যে মুখ্যমন্ত্ৰীয়ে জুবিনদাক হত্যা কৰা বুলি কৈছিল৷ যদি হত্যা কৰা হৈছিল তেন্তে আঁৰত কোন আছিল৷ যিয়ে হত্যা কৰিছিল তেওঁলোকৰ ৰাজনীতিক সম্পৰ্ক কাৰ স’তে সেয়া পোহৰলৈ আহক৷ হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃত সত্য পোহৰলৈ আহিবলৈ দিব খোজা নাই বাবেই ইমান দুৰ্বল চাৰ্জশ্বিট দিয়া হ’ল বুলিও কয় পৱন খেৰাই। তেওঁ প্ৰশ্ন কৰে, ”মুখ্য অভিযুক্তৰ বেংক একাউণ্ট খুলি দিব পৰাকৈ কিয় চাৰ্জশ্বিট দিয়া হ’ল? এইবোৰ প্ৰশ্ন আমি নুসুধিম নেকি? জুবিন গাৰ্গ অসমৰ কণ্ঠ৷ কোনোবাই নিজৰ স্বাৰ্থত নালাগে বুলি ক’লেই আমি জুবিনদাৰ ন্যায়ৰ কথা নকম নেকি?’’

ইফালে, ইস্তাহাৰ মুকলি সন্দৰ্ভত পৱন খেৰাই কয় যে আজি এটা এতিহাসিক দিন৷ আজি ঐতিহাসিক সম্বল মুকলি কৰিছে কংগ্ৰেছে৷ ইয়াৰ জৰিয়তে অসমৰ ভাগ্য সলনি কৰাৰ ৰাস্তা মুকলি হ’ব৷ বিগত ১০ বছৰত এনেকুৱা লাগিছে যে অসম বনবাসত আছে৷ অসম আৰু অসমবাসীয়ে বিজেপিক ভৰসা কৰিছিল৷ এবাৰ নহয় দুবৰাকৈ অসমবাসীয়ে বিজেপিক ভৰসা কৰিছিল৷ সেই ভৰসাক বিজেপিয়ে ভৰিৰে মোহাৰি পেলাইছে। আজি অসম বনবাসত থাকিবলৈ বাধ্য হৈছে৷ আজি আপুনি নৱ প্ৰজন্মৰ মুখলৈ চাওক৷ নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ আজি অসমত ড্ৰাগছৰ সমস্যা বৃদ্ধি পাইছে৷ পূৰ্বে অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছত আসক্ত হোৱা নাছিল৷ আজি অসমত মহিলাৰ সুৰক্ষা নাই৷ অসমত ইয়াৰ পূৰ্বে কেতিয়াও আইন-শৃংখলা পৰিস্থিতি ইমান বেয়া নাছিল৷ মানুহৰ ভূমি সুৰক্ষিত নহয়৷ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নজৰ সাধাৰণ মানুহৰ ভূমিত আছে৷ আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ওচৰত ১২ হাজাৰ বিঘা ভূমি আছে৷ চাহ বাগান, জনজাতীয় লোকৰ ডেৰলাখ বিঘা ভূমি প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ পুঁজিপতিক গতাই দিয়া হৈছে৷ আজি মানুহৰ দুবেলা দুসাজ, জংঘল, পানী অস্তিত্বৰ সংকটত৷ বানপানীৰ পৰা মানুহৰ জীৱন-সম্পত্তি সংকটত৷ আজি অসম যেন সলনি হৈ গ’ল৷ ইমান সুন্দৰ অসমৰ মানুহ, ইমান ধুনীয়া বননি, শুদ্ধ বতাহ, শুদ্ধ পৰিৱেশেৰে ভৰপূৰ অসম৷ অসমত উদ্যোগ স্থাপনৰ কি সুন্দৰ সুযোগ আছিল৷ কিন্তু অসমৰ ওপৰত বেয়া নজৰ পৰিল৷ সেয়েহে কংগ্ৰেছ দল আৰু মিত্ৰদলৰ স’তে লগলাগি দীঘলীয়া চৰ্চা কৰিছো৷ কেবামাহ অসমৰ চাহ বাগিচা এলেকা, জনজাতীয় এলেকাকে ধৰি বিভিন্ন দল-সংগঠন, সংখ্যালঘূ, ব্যক্তিবিশেষৰ পৰা পৰামৰ্শ লৈ আৰু চৰ্চাৰ অন্তত আমি এখন ইস্তাহাৰ প্ৰস্তুত কৰিছো৷

খেৰাই কয় যে এই ইস্তাহাৰখন হৈছে অসমখনক বনবাসৰ পৰা মুক্তি দিয়াৰ৷ এইখন ইস্তাহাৰ অসমক পুনৰ মুখ্য ধাৰালৈ আনিবৰ বাবে৷ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দ্ৰুত গতিত অসমৰ ভৱিষ্যত সলনি হৈছিল৷ সেইখন অসমত ভেদভাৱ নাছিল৷ কোন সংখ্যালঘূ, কোন সংখ্যাগুৰু, কোন কি জাতিৰ, কি ধৰ্মৰ, কোন আদিবাসী এইবোৰ চোৱা হোৱা নাছিল৷ সেইবাবে অসম আগুৱাই গৈছিল৷ আমাৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈসহ অসমৰ নেতাসকলৰ সৈতে মিলি এই সিদ্ধান্ত লোৱা হৈছে যে আমি যিখন ‘ৰাইজৰ ইস্তাহাৰ মুকলি’ কৰিছো সেইখন প্ৰত্যক্ষ কৰি মানুহে ক’বলৈ আৰম্ভ কৰে যে মোৰ কথা এইখন ইস্তাহাৰত সন্নিৱিষ্ট কৰা হৈছে৷ ক্ষমতা আৰু ধনৰ বলেৰে হোৱা কামবোৰ গুণ্ডা প্ৰকৃতিৰ৷ এনে গুণ্ডাৰ পৰা অসমক মুক্তি দিব খোজা হৈছে৷ বাণ্টি-বাবলি চৰকাৰৰ পৰা অসমক কেনেকৈ মুক্তি দিব পাৰি সেয়া আমাৰ উদ্দেশ্যে৷ সেই কাৰণে ৰাইজৰ ইস্তাহাৰত একচন প্লেন সাজু কৰা হৈছে৷ আমাৰ অনুৰোধ যে এইখন ইস্তাহাৰত ৰাইজৰ ওচৰলৈ নিয়ে যেন৷ আমি ১০০ দিনৰ ভিতৰত মৰমৰ জুবিন গাৰ্গৰ বাবে ন্যায় সুনিশ্চিত কৰিবলৈ পণ লৈছো৷

খেৰাই কয়, ”আমি স্বতন্ত্ৰ দুৰ্নীতি বিৰোধী আয়োগ গঠন কৰাৰ কথা কৈছো৷ আজি চৰকাৰী ঠিকা কেৱল চৰকাৰ চলাই থকা লোক আৰু ঘনিষ্ঠসকলে লাভ কৰে৷ ভাই-ভতিজাই ঠিকা লাভ কৰে৷ বিগত দহ বছৰে একেইখিনি লোকে ঠিকা লাভ কৰি আছে৷ এই পৰম্পৰাক আমি বাধা দিব লাগিব৷ এই ঠিকা পৰম্পৰাৰ বিৰুদ্ধে আমি তদন্ত কৰিম৷ নিবনুৱাই যাতে পাৰদৰ্শী পদ্ধতিত ঠিকা লাভ কৰে তাৰ ব্যৱস্থা কৰা হ’ব৷ সকলো ঠিকা বাণ্টি আৰু বাবলিয়ে লাভ কৰিব লাগে জানো? এদিন পূৰ্বে আমি মন্ত্ৰী পত্নীৰ সম্পত্তি বৃদ্ধিক লৈ তথ্য ৰাজহুৱা কৰিছো৷ ৫ বছৰত মন্ত্ৰী-বিধায়কৰ হাজাৰ গুণ সম্পত্তি বৃদ্ধি পাইছে৷ বাণ্টি আৰু বাবলিয়ে এনেদৰেই সম্পত্তি গঢ়িছে৷’’ তেওঁ আৰু কয় যে বিজেপিয়ে টোপ দি অন্য দলৰ নেতাক নিজ দললৈ নিয়ে৷ এইকাৰণে আমি স্বতন্ত্ৰ দুৰ্নীতি বিৰোধী আয়োগৰ কথা কৈছো৷ আমি এখন শ্বেতপত্ৰ প্ৰস্তুত কৰিম৷ ৰাজ্যৰ আৰ্থিক পৰিস্থিতিক লৈ শ্বেতপত্ৰ প্ৰকাশ কৰিম৷ ইমান ঋণ লৈ কি কৰিলে সেই বিষয়টো ৰাজহুৱা কৰিব লাগিব৷ আমি ১০ লাখ লোকক মাটি পট্টা দিয়াৰ কথা কৈছো৷ চুৰি কৰা ১২ হাজাৰ বিঘা ভূমি আমি ভূমিহীনক গতাম৷ বানত গৃহহাৰাসকলক তিনি কঠাকৈ মাটি দিম৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ ব্যৱস্থা কৰিম৷ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে অসমলৈ আহি জনজাতিকৰণ কৰাৰ কথা কয়৷ কিন্তু বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত জনজাতিকৰণৰ কথা নাই৷ কিন্তু আমি জনজাতিকৰণ কৰিম৷ আজি প্ৰধানমন্ত্ৰীৰ বন্ধুসকলক অসমৰ বনভূমি গতাই দি থকা হৈছে৷ নদী বৈ থকা এলেকাতো মাটি দিয়া হৈছে৷ আমি সিদ্ধান্ত লৈছো যে যি যি ঠাইত ১০ বিঘাতকৈ বেছি মাটি দিয়া হৈছে তাৰ তদন্ত হ’ব৷ এখন এছআইটি গঠন হ’ব৷ শুনানি হ’ব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আমি উন্নয়নৰ বিৰোধী নহয়৷ কিন্তু বিকাশৰ নামত জনজাতীয় লোকক অত্যাচাৰ চলাবলৈ দিয়া নহ’ব, জনজাতিৰ জীৱন-সম্পত্তি ধ্বংস কৰিবলৈ দিয়া নহ’ব। পুঁজিপতিক জনজাতীয় লোকৰ যিমান মাটি দিয়া হৈছে তাৰ পৰ্যালোচনা কৰা হ’ব৷ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে আমি কাম কৰিম৷ ৰাজস্থানৰ অশোক গেহলটৰ মডেল কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিগৰাকী লোকক ২৫ লক্ষ টকাৰ বীমা প্ৰদান কৰা হ’ব৷ যাতে জটিল ৰোগত জমাধন খৰচ কৰিবলগীয়া নহয়৷ ২৫ লাখ টকাৰ কেচলেচ স্বাস্থ্য বীমা লাভ কৰিব৷ ৰাজস্থানত এয়া সফল হৈছিল আৰু বিশ্বই প্ৰশংসা কৰিছিল৷ ২৪ ঘণ্টাই এম্বুলেন্স সেৱা প্ৰদান কৰা হ’ব৷ মহিলাক বিনা চৰ্তত ব্যৱসায় আৰম্ভ কৰিবলৈ বিত্তীয় সাহায্য ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব৷ চাকৰিত মহিলাক ৪০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ যুৱ প্ৰজন্মৰ নিয়োগৰ বাবে পাৰদৰ্শী ব্যৱস্থা কৰা হ’ব৷ ছয়মাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব৷ ফলাফল ঘোষণাৰ তিনিমাহৰ ভিতৰত নিযুক্তি দিয়া হ’ব৷ ধনৰ বিনিয়মত চাকৰি দিয়াৰ ব্যৱস্থা নাথাকিব৷ চাকৰি প্ৰদানৰ নামত দুৰ্নীতি সংঘটিত হ’বলৈ দিয়া নহ’ব৷ ৰাজ্যৰ প্ৰতিটো ব্লকত এআই সক্ষম স্কুল স্থাপন কৰা হ’ব৷ প্ৰতিখন স্কুলত এআই পাঠ্যক্ৰম থাকিব৷ কেৱল দিল্লী, মুম্বাই, কলকাতাই নহয় অসমতে যুৱ প্ৰজন্মই এআই পঢ়াৰ সুবিধা লাভ কৰিব লাগিব৷ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দি অভিভাৱকৰ টিউচনৰ খৰচ হ্ৰাস কৰিবলৈ “টিউচন বাইদেউ” কাৰ্যসূচী আৰম্ভ কৰা হ’ব। “পঢ়িবা কার্ড”ৰ অধীনত উচ্চ শিক্ষাৰ বাবে ৪ শতাংশ সুতত ৫ লাখ টকালৈকে ঋণ প্ৰদান কৰা, যাৰ পৰিশোধ চাকৰি পোৱাৰ পাছতহে আৰম্ভ হ’ব। সাংস্কৃতিক ক্ষেত্ৰত কাম কৰিব বিচৰা বা কৰি থকা যুৱক-যুৱতীসকলৰ বাবে “জুবিন গাৰ্গ ফেল’শ্বিপ” প্রৱর্তন কৰা হ’ব। অসমৰ শৈল্পিক প্রতিভাক বিকশিত কৰিবলৈ ‘জুবিন গাৰ্গ চেণ্টাৰ ফৰ এক্সেলেঞ্চ ফৰ আৰ্ট এণ্ড কালচাৰ’ স্থাপন কৰা হ’ব। সমৃদ্ধ সংস্কৃতি আগবঢ়াই নিয়াৰ লগতে এই কাম কৰি আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম৷ ভূমিহীন কৃষকৰ সমস্যা সমাধান কৰা হ’ব৷ কৃষকক ন্যূনতম সমৰ্থন মূল্য দিয়া হ’ব৷ সৰিয়হ, ধান, ফচলৰ বাবে এমএছপি সুনিশ্চিত কৰিম৷ চাহ শ্ৰমিকৰ উপাৰ্জন বৃদ্ধি কৰা হ’ব৷ চাহ উদ্যোগক অসমৰ মুখ্য উদ্যোগ হিচাপে গঢ়ি তোলা হ’ব৷ চাহে উদ্যোগীয়ে ন্যূনতম সমৰ্থন লাভ কৰিব৷ অসমৰ ক্ষুদ্ৰ উদ্যোগক উৎসাহিত কৰিবলৈ স্থানীয় উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ৩০ শতাংশ সংৰক্ষণ লাভ কৰিব৷ পুৰণি পৰম্পৰাগত উদ্যোগসমূহ উজ্জীৱিত কৰা হ’ব৷ প্ৰতিটো পৰিয়ালক চিকিৎসকৰ স’তে সংলগ্ন কৰি ৰখা হ’ব৷ গাঁৱৰ সামগ্ৰীক বৃদ্ধিৰ বাবে কাম কৰা হ’ব৷ চহৰৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ’ব৷ অসমত প্ৰতিবছৰে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি ধ্বংস কৰে৷ বিশেষ পুলিচ টাস্ক ফৰ্চ গঠন কৰা হ’ব৷ চিণ্ডিকেট আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰা হ’ব৷ আজি অসমত য’তেই নগৰীকৰণ হৈছে তাতেই ভূমাফিয়াৰ দাদাগিৰি চলে৷ ভূমাফিয়াসকলে কোনপিনে ৰাস্তা যাব, কি কাৰ্যালয় বহিব, ৰেল লাইন কোন পিৱে আহিব এই সকলো খবৰ পূৰ্বেই লাভ কৰে৷ পূৰ্বৰ পৰাই সেই ঠাইত মাটি কিনি টকা ঘটাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ ভূমি মাফিয়াই এই কথাবোৰ কেনেকৈ জানে৷ চৰকাৰত থকা লোকসকলে অৱগত কৰে৷ সেই কাৰণে আমি এটা টাস্ক ফৰ্চ গঠন কৰিম৷ টাস্ক ফৰ্চে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধেও কাম কৰিব৷ যুৱ প্ৰজন্মক জৰুৰীভাবে ৰক্ষা কৰিব লাগিব৷ জ্যেষ্ঠ নাগৰিকসকলে মাহেকত ১২৫০ টকা লাভ কৰিব৷ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এটা মন্ত্ৰালয় স্থাপন কৰা হ’ব৷ জ্যেষ্ঠ নাগৰিকৰ সমস্যা আৰু জীৱনৰ কল্যাণৰ বাবে সুকীয়া বিভাগ গঠন কৰা হ’ব৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান নেওচিব পৰা আৰু এক পৰিৱেশ অনুকূল বহনক্ষম অসম গঢ়াই হ’ল কংগ্ৰেছৰ লক্ষ্য। নদী আৰু অৱবাহিকাৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ বাবে এক ‘ব্রহ্মপুত্র অৱবাহিকা আঁচনি’ ৰূপায়ণ কৰা হ’ব। জলাশয়সমূহ (দীপৰ বিল, চোন বিল আদি) পুনৰুজ্জীৱিত কৰা, বনাঞ্চল আৰু বন্যপ্রাণী কৰিডৰ সম্প্ৰসাৰণ কৰা আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰ ঘটোৱা হ’ব। বানপানী, খহনীয়া আৰু জলবায়ুজনিত জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এক উৎসর্গিত ‘জলবায়ু সহনশীল পুঁজি’ গঠন কৰা হ’ব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু স্বেচ্ছাসেৱকসকলক অধিক শক্তিশালী কৰা হ’ব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত নিৰ্মাণ হ’বলগীয়া সকলো নতুন দলঙৰ নক্সা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ’ব। পৱন খেৰাই লগতে কয় যে সত্ৰ আৰু নামঘৰসমূহৰ চোৱাচিতা তথা সাংস্কৃতিক কাৰ্যসূচীৰ বাবে বার্ষিক বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। মাজুলী, শিৱসাগৰ, নগাঁও, কাজিৰঙা, কোকৰাঝাৰ, কাৰ্বি আংলং, ধুবুৰী আৰু গোৱালপাৰাত ‘সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্র’ গঢ়ি তোলা হ’ব। অসমক দেশৰ ভিতৰতে অন্যতম দ্রুতবেগী আৰু শক্তিশালী অর্থনীতি হিচাপে প্রতিষ্ঠা কৰাই হ’ল কংগ্ৰেছৰ লক্ষ্য। ৰাজ্যৰ ঐতিহ্যমণ্ডিত উদ্যোগ যেনে কাগজ কল (নগাঁও আৰু কাছাৰ), মৰাপাট কল, চেনী কল আৰু সাৰ কাৰখানাক অগ্রাধিকাৰ ভিত্তিত পুনৰুজ্জীৱিত কৰা হ’ব। আধুনিক ৰিলিং আৰু বয়ন কেন্দ্ৰৰ জৰিয়তে মুগা, এৰী আৰু পাটৰ উৎপাদন বৃদ্ধি কৰা হ’ব। উত্তৰ পাৰ (তেজপুৰ-ডিব্ৰুগড়) আৰু বৰাক উপত্যকাৰ বাবে বিশেষ ঔদ্যোগিক কৰিডৰ স্থাপন কৰা হ’ব। সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইনবৰ্ডত ৮০% বিষয়বস্তু অসমীয়া ভাষাত আৰু ২০% অন্যান্য ভাষাত লিখাটো বাধ্যতামূলক কৰা হ’ব। ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব পৰাকৈ সক্ষম কৰাৰ ব্যৱস্থা কৰা হ’ব৷ অসমে দেখা কপোন দহ বছৰে পূৰণ নহ’ল৷

তেওঁ আৰু কয় যে অসমত মানুহৰ মাজত ভাগ ভাগ কৰা, ঘৃণা বিয়পোৱা, ইজনৰ বিৰুদ্ধে সিজনক কাজিয়াত লিপ্ত কৰোৱাই হৈছে বিজেপি আৰু আৰএছএছৰ কাম৷ এই বেমাৰ আছে বিজেপি আৰু আৰএছএছৰ৷ সাম্প্ৰদায়িক ৰাজনীতি এই কাৰণেই কৰে যাতে বিজেপিয়ে দুৰ্নীতিৰ কথা লুকুৱাব পাৰে৷ এইবাৰ এইবোৰ নচলিব৷ সংবিধানে সকলোকে সমান অধিকাৰ দিছে৷ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলেই সংবিধানৰ বিৰোধিতা কৰে৷ অসমৰ ৰাইজে এনে এগৰাকী নিম্নস্তৰৰ ৰাজনীতিবিদক মুখ্যমন্ত্ৰীৰ আসনখনৰ পৰা অপসাৰণ কৰিবলৈ মন বান্ধিছে বুলিও কয় খেৰাই।

উল্লেখ্য যে কালিৰ সংবাদমেলত এআইচিচিৰ মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক হৰ্ষদ শৰ্মা, সিদ্ধাৰ্থ তানোৱাৰ, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, শোণিতপুৰ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি কংকন শইকীয়া উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam CongressPawan Khera
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d