Pawan Khera:✒️কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়া(Pawan Khera)ৰ আগাম জামিন আবেদন সন্দৰ্ভত শুনানি স্থগিত ৰাখিছে তেলেংগানা উচ্চ ন্যায়ালয়ে(Telangana High Court)।
আদালতে জনোৱা মতে, এই গুৰুত্বপূৰ্ণ আবেদনৰ ওপৰত কাইলৈ ৰায় প্ৰদান কৰা হ’ব।
প্ৰাপ্ত তথ্য অনুসৰি,পৱন খেড়াৰ নিজৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ প্ৰেক্ষাপটত আগাম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। শুনানিৰ সময়ত দুয়োপক্ষৰ আইনজীৱীয়ে নিজৰ নিজৰ যুক্তি দাখিল কৰে।
আদালতে এই আবেদনৰ ওপৰত বিস্তৃতভাৱে শুনানি গ্ৰহণ কৰি ৰায় সংৰক্ষণ কৰে আৰু পৰৱৰ্তী দিনত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা চলি আছে। বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা তীব্ৰ ৰাজনৈতিক সংঘাতৰ মাজতে এই গোচৰটো অধিক গুৰুত্ব লাভ কৰিছে।
উল্লেখযোগ্য যে, এই ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি পৱন খেড়া (Pawan Khera)ৰ আগন্তুক আইনী পৰিস্থিতি স্পষ্ট হ’ব।






























