Pawan Khera:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অগ্রিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পৱন খেড়া ৷ ইতিমধ্যে কংগ্ৰেছ নেতা গৰাকীৰ হৈ বুধবাৰে তেওঁৰ অধিবক্তাই দাখিল কৰিছে অগ্রিম জামিন ৷
উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ ইউএই ,ইজিপ্ত সহ তিনিখন দেশৰ নাগৰিকত্ব পাচপোৰ্ট থকা বুলি এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পৱন খেড়াই অভিযোগ উদ্থাপনৰ পিছতে পত্নী ৰিনিকি ভূঞা শৰ্মাই
খেড়াৰ বিৰুদ্ধে গোচৰ দেওবাৰে গোচৰ তৰিছিল গুৱাহাটী ক্ৰাইম বাঞ্চত ৷
ৰিনিকি ভূঞা শৰ্মাই দিয়া এজহাৰৰ ভিত্তিত মঙলবাৰে ক্ৰাইম বাঞ্চৰ এটা দলে খেড়াৰ দিল্লীৰ বাসগৃহত উপস্থিত হয় যদিও তেওঁৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ৷ আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা কেতবোৰ নথিপত্ৰ,লেপটপ আৰু পেইন ড্ৰাইভ জব্দ কৰিছিল ৷






























