অসম বিধানসভা নিৰ্বাচনৰ অংশ হিচাপে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আজি ৮১.৮৯ শতাংশ ভোটদানৰ হাৰেৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। পুৱাৰ পৰা ভোটাৰ ৰাইজৰ উৎসাহজনক উপস্থিতিত সমষ্টিটোৰ বিভিন্ন ভোটকেন্দ্ৰত উলাহজনক পৰিৱেশ দেখা যায়।
গৃহ সমষ্টি বোকাখাতত অগপ সভাপতি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই পত্নী বুলবুলি বৰা আৰু কন্যা পূৰ্বাশা বৰাৰ সৈতে সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰে। তেওঁ বোকাখাতৰ জ্যোতি বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়স্থিত ১৪৬ নং ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰে।
একেই কেন্দ্ৰতে দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন বিধায়ক তথা নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়েও ভোটাধিকাৰ সাব্যস্ত কৰে। উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত বোকাখাত সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। তেওঁলোকৰ ভিতৰত আছে মিত্ৰজোঁটৰ অতুল বৰা, বিৰোধী ঐক্যৰ হৰি প্ৰসাদ শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ, বিবেকানন্দ ৰাজোৱাৰ, প্ৰণৱ দলে আৰু হেমন্ত দলৈ।
সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ১,৬৪,৬৪৮ জন আৰু ১১ টা নগৰ আৰু ২০১ টা গ্ৰাম্য ভোটকেন্দ্ৰসহ মুঠ ২১২ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়।পুৱাৰ ভাগত কিছু ঠাইত সামান্য বৰষুণ হোৱা সত্ত্বেও ভোটগ্ৰহণত তাত্ত্বিকভাৱে কোনো বিঘ্ন নঘটে। দিনটোৰ পাছলৈ বতৰ অনুকূল হৈ থকাৰ ফলত ভোটদানৰ হাৰত ইতিবাচক প্ৰভাৱ পৰে।
ভোটকেন্দ্ৰসমূহত প্ৰাপ্তবয়স্ক ভোটাৰৰ লগতে বৃদ্ধ, অসুস্থ ব্যক্তি, সন্তানসম্ভৱা মহিলা আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰো সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়।সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কোনো অপ্ৰীতিকৰ ঘটনা বা গুৰুত্বপূৰ্ণ অভিযোগৰ বাতৰি পোৱা নগ’ল। যদিও ড্ৰাই ডে’ ঘোষণাৰ মাজতে কিছু ঠাইত অবৈধ সুৰা জব্দ হোৱাৰ খবৰ লাভ কৰা হৈছে।
বোকাখাত সমষ্টিত চাহ বাগিচা অঞ্চল আৰু মিচিং জনগোষ্ঠীৰ বাসস্থান অধিক হোৱাৰ বাবে এই অঞ্চলসমূহতো সন্তোষজনক ভোটদান পৰিলক্ষিত হয়।ভোটদানৰ পাছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অতুল বৰাই কয় যে, “বোকাখাতত মোৰ প্ৰতিদ্বন্দ্বী নাই।” লগতে তেওঁ অধিক ভোটত জয়লাভ কৰাৰ আশা প্ৰকাশ কৰি কয় যে, ৰাজনৈতিক সচেতনতা বৃদ্ধি পোৱাৰ ফলতেই ভোটদানৰ হাৰো বৃদ্ধি পাইছে।






























