অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ভোটগ্ৰহণৰ মাজতে শাসক দলৰ আত্মবিশ্বাসী সুৰ স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। তেওঁ দাবী কৰে যে, এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোটে ৰাজ্যত প্ৰায় ৯০খন আসন লাভ কৰিব।
আজিৰ দিনটোতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী শিবিৰক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ “তিনি গগৈ”—অর্থাৎ গৌৰৱ গগৈ(Gaurav Gogoi) অখিল গগৈ (Akhil Gogoi) আৰু লুৰীণজ্যোতি গগৈ(Lurinjyoti Gogoi)ক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায়।
তেওঁৰ মন্তব্য অনুসৰি, বিৰোধী পক্ষৰ এই নেতৃত্বসমূহে জনসাধাৰণৰ মাজত কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ ৰাজনৈতিক শক্তি সীমিত হৈ পৰিছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ৰাইজে উন্নয়ন আৰু স্থিৰতাৰ পক্ষত ভোট প্ৰদান কৰিছে আৰু এই নিৰ্বাচনত শাসক পক্ষই পুনৰ শক্তিশালীভাৱে ক্ষমতালাভ কৰিব।
উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনত “তিনি গগৈ” বিষয়টো ৰাজনৈতিক ক্ষেত্ৰত বিশেষ আলোচনাৰ বিষয় হৈ উঠিছে, য’ত বিৰোধী শিবিৰে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰিছে।
এই বক্তব্যৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত হৈ উঠিছে আৰু নিৰ্বাচনী ফলাফলক লৈ সকলোৰে দৃষ্টি এতিয়া আগন্তুক ভোটগণনাৰ দিনলৈ নিবদ্ধ হৈ আছে।






























