TIPRA Motha sweeps Tripura ADC polls:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চুবুৰীয়া ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত মুখথেকেচা শাসকীয় বিজেপিৰ ৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত ২৮খন আসনৰ ভিতৰত ২৪খন আসনত জয়লাভ কৰে প্ৰদ্যুৎ মানিক্য দেৱবৰ্মনৰ নেতৃত্বাধী টিপ্রা মথা দলে ৷ বাকী চাৰিখন আসন বিজেপিয়ে দখল কৰাৰ বিপৰীতে চিপিআই (এম) আৰু কংগ্ৰেছে একেৰাহে দ্বিতীয়বাৰৰ বাবে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল ৷
উল্লেখ্য যে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ অংশীদাৰ টিপ্রা মথা দল ৷ কিন্ত প্ৰায় ১৫ লাখ লোকৰ বসতিস্থল জনজাতি অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷
স্মতৰ্ৱ্য যে ২০২০ চনত ত্ৰিপুৰা ৰাজবংশৰ উত্তৰাধিকাৰী প্ৰদ্যুৎ দেৱবৰ্মাই ‘বৃহত্তৰ টিপ্ৰালেণ্ড’ৰ দাবীৰে টিপ্ৰা মথা পাৰ্টি গঠন কৰি জনজাতি অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ শাসনভাৰ গ্ৰহণ কৰে ৷ এইবাৰ একেৰাহে পুনৰ দ্বিতীয়টো জয়ে ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল টিপ্ৰা মথা পাৰ্টিয়ে ৷
আনহাতে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ বিশেষ কৰ্তব্যৰত বিষয়া বিপুল বৰ্মনে কয় যে, “২৮খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু পৰিষদৰ দুজন সদস্যক ৰাজ্যপালৰ দ্বাৰা মনোনীত কৰা হৈছে। টিএমপিয়ে ২৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে চাৰিখন আসন লাভ কৰে।
ইপিনে ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদ্যুৎ দেৱবৰ্মাই কয় যে এই বিজয়ে তেওঁৰ দলৰ দায়িত্ব বৃদ্ধি কৰিছে।প্ৰেমে ঘৃণাক জয় কৰিছে। মই জয়ী হোৱাসকলক ৰাজ্য আৰু দেশৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছো। সাধাৰণ মানুহে অসাধাৰণ কাম কৰে। মই সকলোকে আহ্বান জনাইছো যে আমাৰ পৰিষদীয় এলেকাত আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে কোনো ধৰণৰ হিংসা হ’ব নালাগে।”
আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক মন্ত্ৰী ৰতন লাল নাথে পৰাজয় স্বীকাৰ কৰি কয় যে, “মই কৈছিলোঁ যে যদি নিৰ্বাচকে আৱেগিক বিষয়ত ভোট দিয়ে তেন্তে পৰিসৰ পাতল । যদি মানুহে উন্নয়নৰ বাবে ভোট দিব বিচাৰে তেন্তে বিজেপিয়েই পছন্দ।”
উল্লেখ্য যে ১২ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ভোটদানৰ হাৰ আছিল ৮৩.৫০ শতাংশ ৷ ২০২১ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮১ শতাংশতকৈ অধিক। এইবাৰ নিৰ্বাচনত মুঠ ১৭৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁঁজত অৱতীৰ্ণ লৈছিল।
২০২১ চনৰ টিটিএএডিচি নিৰ্বাচনত টিপ্রা মথা পাৰ্টিয়ে ৪৬.৭০ শতাংশ ভোটৰ অংশীদাৰিত্বৰে ১৮খন আসন লাভ কৰাৰ বিপৰীতে ২৯.৩০ শতাংশ ভোটৰে বিজেপিয়ে লাভ কৰিছিল ৯খন আসন। এইবাৰ নিৰ্বাচনত পূৰ্বতকৈ ৫ খন আসন হ্ৰাস পাই বিজেপিৰ ৷






























