Mamata Banerjee:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বৃহস্পতিবাৰে ভোটগ্রহণ সম্পন্ন হোৱা অসম বিধানসভা নির্বাচনত ভোটদানৰ বাবে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৫০ হেজাৰ মানুহ আনিলে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে।
ৰাজ্য খনৰ চৌবিশ পৰগনা জিলাৰ টেন্টোলিয়াত শুকুৰবাৰে আয়োজিত এক নির্বাচনী সভাত ভাষণ দি মমতাই কয়, ‘অসমৰ নিৰ্বাচনত জয়যুক্ত হ’ব বুলি আত্মবিশ্বাসী নাছিল, সেয়েহে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৰেলত ৫০ হেজাৰ মানুহ অসমলৈ আনে।’ সাপক বিশ্বাস কৰিব পাৰিলেও বিজেপিক বিশ্বাস কৰিব নোৱাৰি বুলি মন্তব্য কৰি মমতাই লগতে অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ অধীনত দেশত নিৰপেক্ষ সংস্থা বুলি একো নোহোৱা হৈছে।
উল্লেখ্য যে মমতাই এই অভিযোগ এনে এক সময়ত উত্থাপন কৰিছে, যি সময়ত অসমৰ বিৰোধী দলসমূহেও উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা হেজাৰ হেজাৰ লোক ভোটগ্রহণৰ প্ৰাকক্ষণত অসমলৈ আহে বুলি অভিযোগ উত্থাপন কৰিছে। গতিকে মমতাৰ এই অভিযোগ ব্যাপকভাৱে চৰ্চিত হৈছে।






























