Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Editor's Choice

শ্রদ্ধা যেতিয়া ঘৃণাত পৰিণত হয়!

প্রাঞ্জলসেন ডেকা

publisher by publisher
April 27, 2026
in Editor's Choice
Reading Time: 1 min read
0
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
2
SHARES
16
VIEWS
ShareShareShareShare

যুক্তি-তথ্য বিচাৰ কৰাৰ উপযুক্ত নৌহওঁতেই শৈশৱত আমাৰ মনত ইন্দিৰা গান্ধীৰ সম্পৰ্কত এক বিষাক্ত ধাৰণা গঢ় দিয়া হৈছিল। বোধকৰো সেই সময়ত আন বহুতৰ ক্ষেত্ৰতো একেই হৈছিল। বদ্ধমূল হৈ পৰা সেই ধাৰণাটো আছিল যে ইন্দিৰা গান্ধী হৈছে ক্ষমতা কুক্ষিগত কৰাৰ বাবে যিকোনো পর্যায়লৈ যাব পৰা এগৰাকী বিষাক্ত খলনায়িকা। দেশৰ সাধাৰণ জনতাৰ স্বার্থবিৰোধী এগৰাকী স্বেচ্ছাচাৰী নেত্রী।তেওঁৰ প্ৰতি এক ধৰণৰ ঘৃণাৰ জন্ম দিয়া হৈছিল। শিশু মনত গঢ় লৈ উঠা যিকোনো ধাৰণা পাছৰ জীৱনত সলনি কৰাটো বৰ সহজ নহয়। নিজৰ অজানিতে সেয়ে ইন্দিৰা গান্ধীৰ সেই ধৰণৰ এক চৰিত্ৰই আজিও মনত ক্ৰিয়া কৰি থাকে। কিন্তু এতিয়া প্রায়ে মনত প্রশ্নৰ উদ্রেক হয়- ইন্দিৰা গান্ধী আজি থকাহেঁতেন লজ্জিত হ’লহেঁতেন নে।

ADVERTISEMENT

আজি এই লেখাৰ বিষয় ইন্দিৰা গান্ধী নহয় যদিও প্রসংগক্রমে উল্লেখ কৰিছো যে ইমার্জেন্সিৰ ৰূপত ভুমুকি মৰা তেওঁৰ সেই স্বেচ্ছাচাৰী-ক্ষমতালোভী চৰিত্ৰৰ আঁৰত প্ৰধানমন্ত্ৰীৰূপে তেওঁ গ্রহণ কৰা শক্তিশালী পদক্ষেপসমূহ ঢাকি পেলোৱা হ’ল। আন্তর্জাতিক হেঁচাক পৰোৱা নকৰি পাকিস্তানক দ্বিখণ্ডিত কৰা আৰু প্ৰথমবাৰলৈ সফল পৰমাণু পৰীক্ষা সম্পন্ন কৰাৰ জৰিয়তে ভাৰতক বিশ্বৰ এক অনুপেক্ষণীয় শক্তিৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তদুপৰি তীব্র প্রত্যাহ্বানকো নেওচি বেংকৰ ৰাষ্ট্ৰীয়কৰণ আৰু ৰাজন্যবৰ্গৰ ভাত্তা বিলোপ আছিল তেওঁৰ সফল সংস্কাৰ কাৰ্যসূচী।

RelatedPosts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

যি কি নহওক, ক্ষমতাৰ বাবে কোন কিমান তললৈ নামিছে তাৰ নিত্য নতুন নিদর্শন আমাৰ সম্মুখত প্রতিদিনে জলজল পটপটকে জিলিকি আছে। তাৰ লগে লগে শ্রদ্ধা পৰিণত হৈছে ঘৃণাত! ভাৰতৰ দৰে এখন সমস্যাবহুল দেশৰ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ বাবে প্ৰতিটো নির্বাচন জয়েই একমাত্র লক্ষ্য আৰু উদ্দেশ্য হ’ব পাৰে নে? তাৰ বাবে কিদৰে সমগ্ৰ চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰা হৈছে, তাৰ জ্বলন্ত নিদর্শন হৈছে পশ্চিমবংগৰ চলিত বিধানসভা নির্বাচন।

এই কথা দোহৰাৰ প্ৰয়োজন নাই যে দেশৰ গণতান্ত্রিক পৰিৱেশ সুস্থিৰ কৰি ৰখাত প্রতিজন নাগৰিকৰে ভূমিকা থাকে। ইয়াক সুনিশ্চিত কৰাৰ সবাতোকৈ অধিক গুৰুত্বপূর্ণ দায়িত্ব নিঃসন্দেহে চৰকাৰৰ মুৰব্বীসকলৰ; কিন্তু বিগত সময়ছোৱাত তেনে কোনো ধৰণৰ দৃষ্টান্ত দাঙি ধৰা দূৰৰ কথা, স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েই বাৰে বাৰে তাক কুঠাৰাঘাত কৰিছে। দূৰলৈ যাবই নালাগে, চলিত মাহৰ কেইটামান ঘটনাই এই ছবিখন অধিক স্পষ্ট কৰি তোলে। যোৱা ন এপ্রিলত অসম, কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণৰ দিনাই প্রধানমন্ত্রী মোদীয়ে সংশ্লিষ্ট ৰাজ্যকেইখনৰ প্ৰধান বাতৰি কাকতসমুহত নাৰীৰ সৱলীকৰণ সম্পৰ্কীয় এক নিৱন্ধ প্রকাশ কৰে। দেশত যে সম্প্রতি মহিলা ভোটাৰসকল এক পৃথক ভোট বেংকত পৰিণত হৈছে সেই কথা পূর্বতে ব্যাখ্যা কৰা হৈছে।

সম্প্রতি দেশৰ যিকোনো নির্বাচনত মহিলাৰ ভোট লাভনিশ্চিত কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে আপ্রাণ চেষ্টা চলাই আহিছে। তাবেই অংশরূপে মহিলাৰ ভোটলৈ লক্ষ্য কৰি প্রধানমন্ত্রীয়ে এই নিৱন্ধৰ জৰিয়তে ভোট গ্ৰহণৰ দিনাও পৰোক্ষভাৱে নির্বাচনী প্ৰচাৰ চলালে। গতিকে প্রধানমন্ত্রীয়ে এই নিবন্ধ সিদিনা প্রকাশ কৰাটো কিমানদূৰ যুক্তিসংগত তাক লৈ প্রশ্ন উত্থাপিত হোৱাটোরে স্বাভাৱিক। তদুপৰি ভোটৰ দিনাহে উল্লিখিত নিবন্ধ প্রকাশ কবি প্রধানমন্ত্রীয়ে ভাৰতীয় নাৰীৰ অধিকাৰ সুৰক্ষিত কৰিব বিচাৰিছে নেকি? গণতান্ত্রিক প্ৰক্ৰিয়াটোৰ প্রতি ন্যূনতমো শ্রদ্ধা নথকা ব্যক্তিৰ দ্বাৰাহে এনে কাৰ্য সম্ভৱ।

তেনেদৰেই পশ্চিমবংগত যোৱা ২৩ এপ্রিলত প্রথম পৰ্যায়ৰ ভোট গ্রহণৰ দিনা প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ আন প্রান্তত দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে একাধিক বৃহৎ গণ সমাবেশত ভাষণ দি বিজেপিৰ বাবে ভোট বিচাৰে। দিনজুৰি সেই সমাবেশৰ ধাৰাবাহিক প্ৰচাৰ অব্যাহত থাকে ইলেক্ট্র’নিক তথা ডিজিটেল প্ৰচাৰ মাধ্যমত। ভোটাৰক প্ৰভাৱিত কৰিবলৈকে যে এনে পদক্ষেপ গ্রহণ কৰা হৈছিল তাৰ ব্যাখ্যা নিষ্প্রয়োজন; অথচ পশ্চিমবংগৰ বাহিৰৰ সকলো লোককে, আনকি পর্যটকসকলকো নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগে সেই ৰাজ্য ত্যাগ কৰিবলৈ কঠোৰ নিৰ্দেশ কাৰ্যকৰী কৰা হৈছিল, কেৱল ভোটত প্রভাৱ বিস্তাৰৰ আশংকাত।

প্রথম পৰ্যায়ৰ ভোট গ্রহণৰ সময়তে দ্বিতীয় পর্যায়ৰ বাবে প্ৰচাৰ অব্যাহত ৰখাৰ ক্ষেত্ৰত আইনী বাধা নাথাকিব পাৰে, কিন্তু নৈতিকতাৰ প্ৰশ্ন থাকিয়েই যায়। তাকো দেশৰ প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ ক্ষেত্ৰত। মহাত্মা গান্ধীয়ে তেতিয়াই কৈছিল- সকলো আইনৰ ঊর্ধ্বত বিবেকৰ আইন। দুর্ভাগ্যজনকভাবে গান্ধীজীৰ গৃহ ৰাজ্যৰেই বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্রীৰ যদি সেই কথা বোধগম্য নহয়, তেন্তে ভাৰতত এনে কি আইন আছে, যিয়ে তেওঁলোকক বাধা দিব পাৰে!

এইবাৰৰ পশ্চিমবংগ বিধানসভা নির্বাচনত মোদী-শ্বাহৰ নেতৃত্বত চৰকাৰে যিদৰে নিৰ্বাচন আয়োগৰ পৰা আৰম্ভ কৰি প্রতিটো কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা আৰু নিৰাপত্তা বাহিনীকে ধৰি সকলো ধৰণৰ যন্ত্ৰক ব্যৱহাৰ কৰিছে, তাকে দেখি গণতন্ত্রত বিশ্বাসী ৰাইজ হতবাক হৈছে। এখন ৰাজ্যৰ বিধানসভা নির্বাচনত জয়ৰ কাৰণে কেন্দ্রীয় গৃহমন্ত্রীয়ে বাহৰ পাতি বহি লৈছে। প্রধানমন্ত্রীয়ে ধাৰাবাহিকভাবে হিচাপবিহীন সভা-সমদলত অংশগ্রহণ কৰিছে। ইয়াৰ দ্বাৰা শীর্ষতম নেতাদ্বয়ে দেশবাসীক কি বার্তা দিব বিচাৰিছে?

কেৱল এই নির্বাচন জয়ৰ লক্ষ্যৰেই সকলো গণতান্ত্রিক পৰম্পৰাক ভেঙচালি কৰি তিনি বছৰ পূৰ্বেই গৃহীত হৈ থকা আইন সভাত মহিলাৰ সংৰক্ষণৰ বিধেয়ক কিদৰে পুনৰ উত্থাপন কৰা হ’ল সেয়া দেশবাসীয়ে প্রত্যক্ষ কৰিলে। অথচ একে সময়তে বিজেপিয়ে যে তেনেই নগণ্যসংখ্যক মহিলাকহে প্রতিনিধিত্বৰ সুযোগ প্রদান কৰি আহিছে, সেয়াও লোকচক্ষুৰ সম্মুখত পুনৰ স্পষ্ট হ’ল। লোকসভাত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নথকা হেতুকে দেখদেখকৈ ব্যর্থ হ’ব বুলি জানিও সংবিধান সংশোধনী বিধেয়ক পাঁচ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতে লৰা-ঢপৰাকৈ উত্থাপন কৰা হ’ল কেৱল ন্যস্তস্বার্থ পূৰণৰ উদ্দেশ্যেই; অথচ আইন সভাত দেশৰ ভিতৰতে সর্বাধিক মহিলাক প্রতিনিধিত্বৰ সুযোগ প্রদান কৰি অহা পশ্চিমবংগৰ শাসক দলৰ নেত্রী মমতা বেনাৰ্জীক কিদৰে তুচ্ছ-তাচ্ছিল্য কৰি কোনে নিম্নৰুচিৰ পৰিচয় দিছে সেয়া দেশবাসীয়ে লক্ষ্য নকৰাকৈ থকা নাই। এনেদৰে প্রতিটো ক্ষেত্ৰতে চৰম ভণ্ডামিৰ আশ্রয় লৈ কেন্দ্রই হওক অথবা যিকোনো ৰাজ্যই হওক, ছলে-বলে-কৌশলে ক্ষমতা দখলেই যে তেওঁলোকৰ একমাত্র লক্ষ্য সেয়া বাৰে বাৰে উদঙাই দিছে। পশ্চিমবংগত ভোট লাভৰ বাবে ঝালমুড়িৰ সোৱাদ লোৱা অথবা নৌকাবিহাৰ কৰা, তামিলনাডুত নির্বাচনী প্রচাৰত অংশগ্ৰহণৰ বাবে যোৱাৰ সময়ত মুখমণ্ডলৰ ৰং কৃষ্ণ বৰণীয়া কৰি লোৱা আদিৰ দৰে লজ্জাজনক ঘটনাবোৰ সামাজিক মাধ্যমত ব্যাপকভাবে চর্চিত হৈছে।

অকল সেয়ে নহয়, যোৱা মঙলবাৰে বিজেপি সাংসদ তথা পূৰ্বৰ কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে পশ্চিমবংগত নির্বাচনী প্ৰচাৰৰ ফাকত প্ৰচাৰ মাধ্যমৰ সন্মুখতে মাছ-ভাত গ্রহণ কৰাৰ ঘটনাটোৱেও ব্যাপক চর্চা লাভ কৰিছে। কলকাতাত কোনোবাই মাছ-ভাত খোৱা ঘটনাই বোধকৰো এই প্ৰথমবাৰৰ বাবেহে এনে বিতৰ্কৰ সূত্রপাত ঘটালে। হিন্দুৰ স্বয়ম্ভঅভিভাৱকৰ ৰূপত অৱতীৰ্ণ হোৱা বিজেপিয়ে বিগত প্রায় এক দশকৰো অধিক কাল ধৰি দেশত খাদ্যাভ্যাসক লৈ অবাঞ্ছিত বিতৰ্কৰ সৃষ্টি কৰি আহিছে। বিভিন্ন স্থান, দিন-বাৰ আদিত আমিষ খাদ্য বলপূর্বকভাবে বন্ধ কৰি দিয়া হৈছে। গৃহমন্ত্রী শ্বাহৰ এক ভাষ্যক কেন্দ্ৰ কৰি পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিলে মাছকে ধৰি আমিষ খাদ্য নিষিদ্ধ কৰি দিয়া হ’ব বুলি চলা প্ৰচাৰে দলক ক্ষতি কৰাৰ আশংকা দূৰ কৰিবলৈ বিজেপি তৎপৰ হ’বলগীয়া হয়।

এনে প্রচেষ্টাৰ অংশৰূপেই সাংসদ ঠাকুৰে কেমেৰাৰ সন্মুখত মাছ-ভাত খাই বাঙালীক আশ্বস্ত কৰাৰ চেষ্টা চলায়। কিন্তু হনুমানৰ জন্ম বাৰ হিচাপে মঙলবাৰে উত্তৰ ভাৰতীয় বহু হিন্দু লোকে আমিষ খাদ্য গ্রহণ নকৰে। গতিকে নিজকে হিন্দু ধর্মব ত্রাণকর্তাৰূপে দাবী কৰা অনুৰাগ ঠাকুৰে গেৰুৱা সাজ পৰিধান কৰি কপালত তিলক আঁৰি মঙলবাৰে আমিষ খাদ্য গ্রহণ কৰি প্ৰচাৰ কৰিবলগীয়া হৈছে কেবল মাত্র ভোট লাভৰ আশাত। ইয়াৰ পাছত আৰু ক্ষমতাৰ বাবে কোন কিমান তললৈ নামিব পাৰে তাক লৈ বিতৰ্কৰ প্ৰয়োজন আছে নে?

এয়া মাত্র এটা-দুটা উদাহৰণহে। এনে বহু ঘটনা প্রতিদিনেই পশ্চিমবংগত সংঘটিত হৈ আছে। এই সময়ছোৱাতে আন এক ঘটনাই সকলোৰে চকু কপালত তুলিছে। বিহাৰৰ মুখ্যমন্ত্রী জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে ৰাজ্য এৰি ৰাজ্যসভালৈ মন মেলাৰ পাছৰে পৰা নতুন মুখ্যমন্ত্রী বাছনিৰ তৎপৰতা আৰম্ভ হয়। জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে অৱশেষত উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীক মুখ্যমন্ত্ৰীৰূপে বাছনি কৰে। এইজন সম্রাট চৌধুৰী সপ্তম শ্রেণীও উত্তীর্ণ নহয় আৰু সাতজন লোকৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত।

১৯৯৫ত তেওঁৰ পিতৃ শকুনি চৌধুৰী সমতা দলৰ প্ৰাৰ্থীৰূপে বিধানসভা নির্বাচনত অবতীর্ণ হৈছিল। ভোট গণনাৰ দিনা প্রতিদ্বন্দ্বী প্রার্থী কংগ্ৰেছৰ সদানন্দ সিঙৰ গৃহত সম্রাট চৌধুৰীৰ নেতৃত্বত এটা দলে বোমা-বাৰুদবে আক্রমণ চলায়। সেই ঘটনাত সিঙৰ পৰিয়ালৰ কমেও পাঁচজন লোকে প্রাণ হেৰুৱায়। আহত অৱস্থাত সিং আৰু আন এজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও সম্রাট চৌধুৰীৰ দলটোৱে তাতে উপস্থিত হৈ তেওঁলোকক হত্যা কৰে। এই হত্যাৰ গোচৰত তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হয় যদিও পাছত ভুবা প্রমাণপত্ৰৰে নিজৰ বয়স ১৫ বছৰ অৰ্থাৎ নাবালক বুলি প্ৰদৰ্শন কৰি মুক্তি লাভ কৰে। এয়া কোনো প্রতিদ্বন্দ্বী দলে উত্থাপন কৰা অভিযোগ নহয়, প্রাক্তন কেন্দ্রীয় গৃহ সচিবে প্রকাশ কৰা তথ্য। বিহাৰত বিজেপিৰ বহু প্ৰভাৱশালী তথা অভিজ্ঞ নেতা থকা সত্ত্বেও কেন্দ্রীয় নেতৃত্বই সম্রাট চৌধুৰীকহে বাছনি কৰাৰ আঁৰত যে কেৱল ক্ষমতাৰ অংকই জড়িত হৈ আছে তাৰ উল্লেখ বাহুল্য মাথোঁ। অথচ এই দলেই সততে চাল-চৰিত্ৰ-চেহেৰাৰ ধ্বনি আওৰায়।

সবাতোকৈ দুর্ভাগ্যজনক বিষয় এয়ে যে ন্যূনতম দ্বিধা-সংকোচ অবিহনেই এনেদৰে এটাৰ পাছত আনটো অনৈতিক কার্যকলাপ চলাই যোৱা হৈছে। প্রতিটো ক্ষেত্রতে বৈষম্য আৰু পক্ষপাতিত্বই চৰম সীমা অতিক্ৰম কৰিছে। সচেতন দেশবাসীয়ে ত্রাহি মধুসুদন সুঁৱৰিলেও সমুখত মুক্তিৰ পথ নাই।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

দৃষ্টিপাত: কনকসেন ডেকা
Editor's Choice

দৃষ্টিপাত: কনকসেন ডেকা

August 15, 2025
অংক মাথোঁ লাভ-লোকচানৰ
Editor's Choice

অংক মাথোঁ লাভ-লোকচানৰ

February 17, 2025
দোস্ত দোস্ত না ৰহা..?
Editor's Choice

দোস্ত দোস্ত না ৰহা..?

February 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d