প্ৰতিকূল বতৰৰ ফলত উৰণ ব্যৱস্থাত গুৰুতৰ প্ৰভাৱ পৰিছে ৰাজধানীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Indira Gandhi International Airport)ত । বিশেষকৈ ঘন কুঁৱলি আৰু প্ৰতিকূল বতৰৰ বাবে IndiGo-ৰ একাধিক ফ্লাইট বিলম্বিত আৰু ব্যাহত হৈছে।
বিমান সংস্থাটোৱে জনোৱা মতে, বতৰৰ অনিশ্চিত পৰিস্থিতিৰ বাবে বিমান উৰণ আৰু অৱতৰণত অসুবিধা সৃষ্টি হৈছে, যাৰ ফলত যাত্ৰীৰ সূচীত ব্যাঘাত ঘটিছে। বহু ফ্লাইট বিলম্বিত হোৱাৰ লগতে কিছুমান ফ্লাইট পুনৰ নিৰ্ধাৰণ কৰিবলগীয়া হৈছে।
IndiGo-এ যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ আগতে নিজৰ ফ্লাইটৰ অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। লগতে সংস্থাটোৱে কয় যে, বতৰ স্বাভাৱিক হ’লেহে পৰিস্থিতি পূৰ্বৰ দৰে নিয়মীয়া হ’ব।
বিমানবন্দৰত এই পৰিস্থিতিৰ ফলত যাত্ৰীসকলৰ মাজত কিছু অসুবিধা আৰু উৎকণ্ঠা দেখা গৈছে। কৰ্তৃপক্ষই যাত্ৰীসকলক ধৈৰ্য্য ধৰি থাকিবলৈ অনুৰোধ কৰাৰ লগতে সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছে।






























