IndiGo:✒️উৰন্ত অৱস্থাত ইঞ্জিনত সমস্যাৰ সংকেত পোৱাৰ পিছতেই ইণ্ডিগ’ (IndiGo)ৰ এখন যাত্ৰীবাহী বিমান দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Indira Gandhi International Airport)ত সুৰক্ষিতভাৱে জৰুৰী অৱতৰণ কৰে। ঘটনাৰ সময়ত বিমানবন্দৰত ‘ফুল ইমাৰ্জেন্সি’ ঘোষণা কৰা হৈছিল।
বিমানখন আছিল বিশাখাপট্টনমৰ পৰা দিল্লীমুখী 6E 579 নম্বৰৰ ফ্লাইট। উৰন্ত অৱস্থাত ইঞ্জিনত কাৰিকৰী ত্ৰুটি দেখা দিয়াৰ সন্দেহ হোৱাত পাইলটে তৎক্ষণাত এয়াৰ ট্ৰাফিক কণ্ট্ৰ’লক অৱগত কৰে।
ইয়াৰ পিছতেই দিল্লী বিমানবন্দৰত সকলো ধৰণৰ জৰুৰী সুৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হয়।
অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু অন্যান্য উদ্ধাৰকাৰী দলসমূহ ৰানৱেত সাজু কৰি ৰখা হয়, যাতে বিমানখন অৱতৰণৰ সময়ত কোনো অঘটন ঘটিলে তৎক্ষণাত ব্যৱস্থা ল’ব পৰা যায়।
পাছত বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয় আৰু সকলো যাত্ৰীক সুৰক্ষিতভাৱে নামি যাবলৈ দিয়া হয়।তথ্য অনুসৰি এই ঘটনাত কোনো লোক আহত হোৱা নাই।
প্ৰাথমিকভাৱে ইঞ্জিনজনিত ত্ৰুটি এই ঘটনাৰ কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। ঘটনাটোৰ বিষয়ে অধিক তথ্য জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।






























