মানুহৰ বিৱৰ্তন থমকি ৰোৱা নাই। বছৰৰ পাছত বছৰ ধৰি সামান্য সামান্যকৈ বিবর্তিত হৈ আছে মানুহৰ নানা শাৰীৰিক গঠন, বৈশিষ্ট্য আৰু স্বাস্থ্য সংক্রান্তীয় খুঁটি-নাটি। সম্প্রতি এক গৱেষণাত তাৰেই প্রমাণ দেখুৱালে একাংশ বিজ্ঞানীয়ে। দীর্ঘদিন ধৰি একাংশ বিজ্ঞানীয়ে দাবী কৰি আহিছিল যে আধুনিক মানুহৰ বিৱৰ্তনৰ প্ৰক্ৰিয়া স্তব্ধ হৈছে। এটা নির্দিষ্ট পৰ্যায়লৈ অহাৰ পাছত মানুহ আৰু বিৱৰ্তিত হোৱা নাই বুলিয়ে তেওঁলোকে গণ্য কৰে। যদিও নতুন গৱেষণাই সেই ধাৰণাক নস্যাৎ কৰিছে। উঠি আহিছে একাধিক নতুন তত্ত্ব।
ব্রিটিছ প্রকৃতিবিদ চার্লছ ডাৰউইনৰ ‘যোগ্যতমৰ উদ্বর্তন’ সূত্ৰ বিৱৰ্তনৰ ইতিহাসত ধ্রুব সত্য। তেওঁ কৈছিল যে প্রকৃতিত তেওঁলোকেই তিষ্ঠি থাকিব পাৰে, যিসকল যোগ্যতম। বাকীবোৰ হেৰাই যায় সময়ৰ গৰ্ভত। তিষ্ঠি থকাৰ এই সংগ্ৰামৰ সংগীয়েই হৈছে বিৱৰ্তন।
প্রকৃতিৰ স’তে ৰজিতা খাই প্রাণীবোৰেও নিজকে সলাই থাকে। কি বৈশিষ্ট্য তিষ্ঠি থাকিব, প্রকৃতিয়ে সেয়া নির্ধাৰণ কৰি দিয়ে। পশু-পক্ষী-মানুহ কোনোৱেই এই ‘প্ৰকৃতিৰ নিৰ্বাচন’ৰ বাহিৰত নহয়। গৱেষকৰ দলটোৱে এই সূত্রকেই ধ্রুরসত্য বুলি মানি লৈ আগুৱাই গৈছিল। কিছুদিনৰ পূর্বে তেওঁলোকৰ গৱেষণাৰ ফলৰ প্রতিবেদন প্রকাশ পাইছে ‘নেচাৰ’ পত্রিকাত।
মানৱ বিৱৰ্তন সংক্রান্তীয় এই গৱেষণাত চামিল হৈছিল আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানী। তেওঁলোকৰ লগত যোগ দিছিল ইৰান আৰু অষ্ট্ৰিয়াৰ এদল বিজ্ঞানীয়ে।প্রধানকৈ পশ্চিম ইউৰেছীয় মানৱগোষ্ঠীক লৈ বিশেষজ্ঞসকলে কাম কৰিছে।
বিগত ১০ হেজাৰ বছৰ ধৰি ইউৰোপ আৰু এছিয়াৰ পশ্চিমাংশত বসবাসকাৰী জনগোষ্ঠীসমূহৰ অন্ততঃ ১৬ হেজাৰ ডিএনএ তেওঁলোকে সংগ্রহ কৰে। ইয়াৰ বাবে প্ৰায় বছৰৰ প্রয়োজন হয়। এই জিন সংকেতসমূহ বিশ্লেষণ কৰি দেখা গৈছে যে একাধিক বৈশিষ্ট্য মানুহৰ শৰীৰত পৰিৱৰ্তনৰ পাছত স্থায়ী হৈ পৰিছে।
ৰঙচুৱা চুলি, পুৰুষ তপা হোৱাৰ সম্ভাৱনা হ্রাস তাৰ ভিতৰত অন্যতম। ‘প্রাকৃতিক নির্বাচন’-এ এই বৈশিষ্ট্যসমূহক বিৱৰ্তনৰ অনুকূললৈ আনি দিছে। লণ্ডনৰ কিংছ কলেজৰ নৃবিজ্ঞানী মাইকেল বার্থোম এই গৱেষণাৰ স’তে যুক্ত নাছিল। তেওঁ কয়, ‘প্রায়েই ধৰি লোৱা হয় যে আমি আজি যি আৰু যেনেকুৱা, সেয়াই চূড়ান্ত। ইয়াকেই বিৱৰ্তনৰ উচ্চ শিখৰ বুলি গণ্য কৰা হয়; কিন্তু এক জীবন্ত সত্তাৰূপে মানুহৰ বিৱর্তন সর্বদা অব্যাহত থাকিব।’
প্রায় তিনি লাখ বছৰৰ পূৰ্বে আফ্রিকাত আধুনিক মানুহৰ উৎপত্তি হৈছিল। এই প্রসংগত একাংশ বিজ্ঞানীয়ে কয় যে তাৰ পাছৰ পৰা বিৱৰ্তন অতি কমেই ঘটিছে। জিনৰ নিৰ্দিষ্ট এটা ৰূপ ‘এলিল’কে ইয়াৰ বাবে দায়ী কৰা হয়। ই মানৱ বৈশিষ্ট্যসমূহক এনে এক চৰম আকাৰ প্ৰদান কৰে, যি বাচি থকাৰ বাবে সবাতোকৈ উপযোগী। পৰৱৰ্তী প্রজন্মলৈকো সেয়া সঞ্চাৰিত হৈ থাকে। ফলত জিনৰ অন্যান্য ৰূপসমূহ সেইদৰে প্রকট হ’ব নোৱাৰে।
এই বিশ্লেষণৰ পৰাই বহুতৰ ধাৰণা হৈছিল যে মানুহৰ বিৱৰ্তন স্তব্ধ হৈ পৰিছে। অৱশ্যে নতুন গৱেষণাত বিজ্ঞানীৰ দলটোৱে ৪৭৯টা নতুন এলিল চিনাক্ত কৰিছে। প্রাকৃতিক নির্বাচন তত্ত্বই এইবোক ত্বৰান্বিত কৰিছে। গৱেষণাত দাবী কৰা হৈছে যে খাদ্য সংগ্ৰাহকৰ জীৱনৰ পৰা বাহিৰলৈ ওলাই আহি মানুহে যেতিয়া খেতি-বাতি আৰম্ভ কৰিলে, খাদ্য উৎপাদক হৈ উঠিল, তেতিয়াৰ পৰা বিৱৰ্তন আৰু ত্বৰান্বিত হৈছে।
গৱেষণাত যোগদানকাৰী হার্ভার্ড বিশ্ববিদ্যালয়ৰ জিন বিজ্ঞানী আলী আকবৰীয়ে কয়, ‘মানুহৰ বিৱৰ্তন কেতিয়াও মন্থৰ হৈ পৰা নাই। আমি কেৱল ইমানদিনে সেই সংকেতটোক ধৰিব পৰা নাছিলো।’
প্রাকৃতিক নির্বাচনে যে সকলো এলিল বা জিনগত ৰূপবৈশিষ্ট্যক প্ৰৱলভাৱে সমর্থন কৰিছে, তাৰ ভিতৰত অন্যতম হৈছে চুলিৰ ৰঙচুৱা ৰং। তদুপৰি বগা ছাল, পুৰুষৰ তপা হোৱাৰ প্ৰৱণতা হ্রাস ছিলিয়াক ৰোগৰ আশংকা বৃদ্ধি আৰু মদ্যপানৰ আশংকা হ্ৰাসৰ দৰে বৈশিষ্ট্যসমূহেও মানৱ জীৱনৰ বিৱৰ্তনৰ মাধ্যমেৰে স্থায়িত্ব লাভ কৰিছে।
অধিকাংশ বৈশিষ্ট্যই ডিএনএৰ এটা মাত্র একক পৰিৱৰ্তনৰ ফলত উদ্ভুত বুলি দেখুৱাইছে বিজ্ঞানীৰ দলটোৱে। কিয় এই ‘এলিল’সমূহে আনবোৰক পিছ পেলাই আগুৱাই আহিল? আকবৰীয়ে চমুকৈ কয়, ‘আমি সেয়া নাজানো।’
হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ নেতৃত্বত হোৱা এই গৱেষণাৰ স’তে অৱশ্যে আন একাংশ বিজ্ঞানীয়ে দ্বিমত পোষণ কৰিছে। বহুতেই বিৱৰ্তনৰ এই নতুন তত্ত্ব মানি ল’ব বিচৰা নাই। অৱশ্যে তেওঁলোকে মানি লৈছে যে এই গৱেষণাই আগন্তুক দিনত চিকিৎসা পদ্ধতিৰ উন্নতিত সহায় কৰিব। বিৱৰ্তন সম্পর্কে এশ শতাংশ নিশ্চিত হ’বলৈ পৃথিৱীৰ আন প্ৰান্তৰ মানুহ আৰু আন প্ৰজাতিৰ প্ৰাণীৰ ওপৰত এই ধৰণৰ আৰু গৱেষণাৰ দৰকাৰ বুলি একাংশ বিজ্ঞানীয়ে মত পোষণ কৰিছে।





























