Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

publisher by publisher
May 3, 2026
in News, Assam
Reading Time: 1 min read
0
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
1
SHARES
14
VIEWS
ShareShareShareShare

বিৰাট বিৰাট হিচাপ ৰাইজৰ আগত দাঙি ধৰিছে যদিও প্রকৃত ছবিখন তেনেকুৱা নহ’ব পাৰে বুলি একাংশ বিশ্লেষকে মন্তব্য কৰিছে। সেয়েহে শাসক-বিৰোধী সকলোৱে সম্ভাব্য ফলাফলক লৈ নিজৰ পক্ষে মায়াজাল সৃষ্টি কৰা বুলি চর্চা চলিছে। ইয়াৰ অন্ত পৰিবলৈ এতিয়া মাজত মাত্র কেইটামান ঘণ্টাহে বাকী ৰৈছে।

ADVERTISEMENT

সোমবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভোটগণনাৰ জৰিয়তে এইবাৰ ১২৬টা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৭২২ গৰাকী প্রার্থীৰ ৰাজনৈতিক ভাগ্য নিৰূপণ হ’ব। ইয়াৰে মহিলা প্রার্থীৰ সংখ্যা ৫৯ গৰাকী। প্রতিদ্বন্দ্বিতা কৰা দলবোৰৰ ভিতৰত সৰ্বাধিক ৯৯ গৰাকী প্রার্থী কংগ্ৰেছৰ। ইয়াৰ পাছতে বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যা ৯০ গৰাকী। তেনেদৰে আন কেইটামান দলৰ প্ৰাৰ্থীৰ সংখ্যা হ’ল ক্রমে- অসম গণ পৰিষদৰ ২৬, বিপিএফৰ ১১, ইউপিপিএলৰ ১৮, এআইইউডিএফৰ ৩০, চিপিএমৰ তিনি, ৰাইজৰ দলৰ ১৩, অসম জাতীয় পৰিষদৰ আঠ, তৃণমূল কংগ্ৰেছৰ ২৩, এপিএইছএলচিৰ দুই, আপৰ ১৮ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ ১৬ গৰাকী। তদুপৰি নিৰ্দলীয় প্রার্থীৰ সংখ্যা ২৫৮ গৰাকী।

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

বিজেপিৰ আগ্রাসী নির্বাচনী প্ৰচাৰ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিতর্কিত মন্তব্যৰে নির্দিষ্ট একাংশ ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা, শেষ মুহূৰ্তত হ’লেও কংগ্ৰেছৰ নেতৃত্বত গঢ়ি উঠা বিৰোধী মিত্রজোট, ‘তিনি গগৈ’ৰ ঐক্যবদ্ধ তৎপৰতা আদিৰ প্ৰভাবত ভোটাৰে কাৰ পক্ষত স্থিতি লৈছে, সেয়া চাৰি মে’ৰ দিনটোতহে স্পষ্ট হ’ব।

ভোটগ্রহণৰ আগমুহূর্তত কংগ্রেছে মুখ্যমন্ত্ৰীৰ পত্নীৰ তিনিখন বিদেশী ৰাষ্ট্ৰৰ পাৰপত্ৰ, আমেৰিকাত কোম্পানী আৰু ডুবাইত বৃহৎ পৰিমাণৰ সম্পত্তি থকাৰ যি অভিযোগ উত্থাপন কৰে, তাৰো প্রভাৱ এনডিএৰ বিৰুদ্ধে পৰে নেকি, সেয়াও চাৰি মে’তে স্পষ্ট হ’ব। ৰাইজৰ মাজত প্রশ্ন উত্থাপিত হৈছে যে বিজেপি নেতৃত্বাধীন এনডিএই বিপুল জনসমর্থনৰে ৰাজ্যত ধাৰাবাহিক তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব পাৰিবনে? তেওঁলোকে দাবী কৰা মতে কমেও ৯০ টা সমষ্টিত জয়লাভ সম্ভৱ হ’ব নে?

একেদৰে বিৰোধীয়েও চৰকাৰ গঠনৰ দাবী কৰি আহিছে সেয়াও বাস্তৱত প্রতিফলিত হ’ব নে? এই প্রশ্নবোৰৰ উত্তৰ পাবলৈ এতিয়া কেরল অপেক্ষা মাথোঁ।

কে’বাটাও সমষ্টিৰ ওপৰত ৰাইজৰ দৃষ্টি নিবদ্ধ

এইবাৰৰ নিৰ্বাচনত কে’বাটাও সমষ্টিৰ সম্ভাব্য ফলাফলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে। জালুকবাৰীৰ পৰা যোৰহাটলৈকে, বিন্নাকান্দিৰ পৰা শিৱসাগৰ-খোৱাঙলৈকে, ভৱানীপুৰ-সৰভোগৰ পৰা দিছপুৰলৈকে, মধ্য গুৱাহাটীৰ পৰা কোকৰাঝাৰ আৰু তামুলপুৰলৈকে, বিস্তৃত হৈ থকা সমষ্টিবোৰত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে বিভিন্ন দলৰ প্ৰভাৱশালী নেতা তথা বহু চর্চিত প্রার্থী। জালুকবাৰীত এইবাৰ পূৰ্বৰ দৰে যোৱাবাৰৰ তুলনাত অধিক ভোটত হিমন্ত বিশ্ব শর্মা বিজয়ী হোৱাৰ সম্ভাৱনাক লৈ বিজেপিতে চর্চা অব্যাহত আছে।

কংগ্ৰেছৰ প্রার্থী বিদিশা নেওগে সমষ্টিটোৰ বৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত শৰ্মাৰ বিজয় নিশ্চিত হ’লেও পূৰ্বৰ মান ৰক্ষা পৰিবনে বুলি চর্চা চলিছে। ইয়াৰ পাছতে যোৰহাটত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নে বিজেপিৰ অভিজ্ঞ নেতা হিতেন্দ্র নাথ গোস্বামীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব তাক লৈও জল্পনা-কল্পনা চলিছে। এই প্রসংগতে গোস্বামীয়ে আজি ‘দৈনিক অগ্রদূত’ক কয়, ‘মাজত মাত্র এটা দিন আছে। গতিকে সেই দিনটোলৈ অপেক্ষা কৰাৰ বিকল্প নাই। অৱশ্যে ৰাইজে মোক অগ্রাধিকাৰ দিয়া বুলি খবৰবোৰ পাইছো। আকৌ এবাৰ বিধানসভালৈ নির্বাচিত হ’ম বুলি মনত গভীৰ আশা আছে।’

একেদৰে ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ থকা একাংশ সমষ্টি হ’ল- মধ্য গুৱাহাটী, দিছপুৰ, ভৱানীপুৰ-সৰভোগ, টিহু, নলবাৰী, শিৱসাগৰ, খোৱাং, জাগীৰোড, ডিব্ৰুগড়, দুলীয়াজান, মৰিয়নি, বোকাখাত, কলিয়াবৰ, বিন্নাকান্দি, তামুলপুৰ, কোকৰাঝাৰ, ওদালগুৰি আদি। শিৱসাগৰত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা স্পষ্ট হৈছে। মিত্রদল হৈয়ো সমষ্টিটোত অগপ আৰু বিজেপিয়ে নিজৰ নিজৰ প্রার্থী প্রক্ষেপ কৰিছে। ইয়াৰ বিপৰীতে সমষ্টিটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোত বিজেপিয়ে প্রার্থী ঘোষণা কৰা দিনটোৰ পৰাই বিভিন্ন বিতর্কিত পৰিস্থিতিৰ সৃষ্টি হয়।

বিজেপিয়ে কুশল দুৱৰীক প্রার্থী প্রক্ষেপ কৰাৰ পাছতে অখিল গগৈয়ে ধাৰাবাহিকভাৱে নানান গুৰুতৰ অভিযোগ উত্থাপন কৰে। সমষ্টিটোত অখিল গগৈয়ে জয়লাভৰ দাবী যিমানেই কৰিছে, কুশল দুৱৰীৰ দাবীও তাতকৈ কম নহয়। অগপৰ জ্যেষ্ঠ নেতা প্রদীপ হাজৰিকায়ো ভোটাৰৰ পৰা ব্যাপক সমর্থন লাভ বুলি দাবী কৰে। গতিকে সমষ্টিটোৰ ওপৰত সকলোৰে দৃষ্টি নিবন্ধ হৈ ৰৈছে। একেদৰে খোৱাঙত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এইবাৰ নিৰ্বাচনত প্রথমটো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’বনে নহয়, তাৰ ওপৰতো ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ হৈ আছে। তেওঁৰ বিপৰীতে বিজেপিৰ চক্ৰধৰ গগৈয়ে সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিছে।

লুৰীণজ্যোতি গগৈয়ে তেওঁৰ বিজয় নিশ্চিত বুলি আজি প্রত্যয়ৰে প্রকাশ কৰে। ভোট যুদ্ধ আকর্ষণীয় স্তৰত উপনীত হোৱা বুলি চর্চা চলা অন্যতম এটা সমষ্টি হ’ল ভবানীপুব-সৰভোগ। সমষ্টিটোত বিজেপিৰ হেভিৱেইট প্রার্থী ৰঞ্জিত কুমাৰ দাসৰ বিপৰীতে আছে চিপিএমৰ শক্তিশালী প্রার্থী মনোৰঞ্জন তালুকদাৰ। দাসৰ বিজয়ৰ পথ মসৃণ নহ’ব বুলি প্ৰথমৰ পৰাই চৰ্চা চলি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও দাসৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায়। ইমানৰ পাছতো ৰঞ্জিত কুমাৰ দাসক তেওঁৰেই সোঁরে-বাঁরে থকা একাংশ নেতাই চিপৰাং মাৰে আৰু সেই কথা তেওঁ নিজেই ৰাজহুৱা কৰিছে। মনোৰঞ্জন তালুকদাৰ সমষ্টিটোত বিৰোধী মৰ্চাৰ প্ৰাৰ্থীৰূপে অবতীর্ণ হোৱাত আটাইকেইটা দলৰ সমর্থন লভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত তালুকদাৰৰ শক্তি যথেষ্ট বৃদ্ধি হয়। নবগঠিত টিহু সমষ্টিটোত ৰাজ্যৰ বাজনীতিৰ অন্যতম এজন জ্যেষ্ঠ নেতা চন্দ্রমোহন পাটোৱাৰীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’বনে? এই চর্চা এতিয়া সমষ্টিটোৰ ৰাইজৰ মুখে মুখে। একেদৰে নলবাৰীত দুই হেভিৱেইট প্রার্থী বিজেপিৰ জয়ন্ত মল্ল বৰুৱা আৰু কংগ্ৰেছৰ অশোক শৰ্মাৰ মাজত তীব্র যুঁজ চলাৰ সম্ভাৱনাই অধিক। ডিব্ৰুগড়ত বিজেপি প্রার্থী জ্যেষ্ঠ নেতা তথা মন্ত্রী প্রশান্ত ফুকন। অৱশ্যে ফুকনৰ জয়ৰ সম্ভাৱনা অধিক বুলি ৰাজনৈতিক মহলত চর্চা চলিছে। বিন্নাকান্দি সমষ্টিত এআইইউডিএফৰ প্রার্থী বদরুদ্দিন আজমলৰ বিজয় সম্ভৱ হ’বনে বুলিও চর্চা অব্যাহত আছে। সংসদীয় ৰাজনীতিৰ পৰা পুনৰ ৰাজ্য ৰাজনীতিলৈ উভতি অহা আজমলৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰিছে অজাপৰ বেজাউল কৰিম চৌধুৰীয়ে।

বোকাখাতত অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাৰ সম্ভাৱনীয়তা এইবাৰ উজ্জ্বল বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে। ইয়াৰ বিপৰীতে কলিয়াবৰত অগপৰ প্রার্থী তথা মন্ত্রী কেশৱ মহন্ত প্রত্যাহ্বানৰ সম্মুখীন হোৱা বুলি মনোনয়ন দাখিলৰ দিনটোৰ পৰা চর্চা চলি আহিছে। কোকৰাঝাৰ সমষ্টিৰ ওপৰতো ৰাইজৰ দৃষ্টি নিবন্ধ হৈ আছে। কাৰণ এই সমষ্টিটোৰ অন্যতম এগৰাকী প্রার্থী হ’ল বিপিএফ মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰী। বিটিচিৰ অন্তৰ্গত তামুলপুৰ সমষ্টিটোৰ ওপৰত ৰাজনৈতিক মহলৰ বিশেষ দৃষ্টি নিবদ্ধ হৈ আছে। কাৰণ সমষ্টিটোত প্রত্যক্ষ যুঁজত অৱতীর্ণ হৈছে ইউপিপিএলৰ সভাপতি তথা শেহতীয়াকৈ ৰাজ্যসভালৈ নির্বাচিত হোৱা প্রমোদ বড়ো আৰু বিজেপিৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব, তাৰ ছবিখন অদ্যাপি স্পষ্ট নহয়। বিধানসভা নির্বাচনৰ আন এটা আকর্ষণীয় সমষ্টি হৈছে ওদালগুৰি। সমষ্টিটোত বিপিএফ আৰু ইউপিপিএলৰ মাজত প্রত্যক্ষ যুঁজ হৈছে আৰু দুয়োটা দলে উল্লেখনীয় প্রার্থীক খুঁজত নমাইছে। এবছু ত্যাগ কৰি ইউপিপিএলত যোগদান কৰি দলীয় ৰাজনীতিত ভৰি দিয়া দ্বীপেন বড়ো হ’ল সমষ্টিটোৰ ইউপিপিএলৰ প্রার্থী। ইয়াৰ বিপৰীতে আছে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী বিহণ দৈমাৰী।

আনহাতে, মৰিয়নি সমষ্টিৰ নিৰ্বাচনী যুঁজক লৈ পূৰ্বৰে পৰা চৰ্চা চলি আহিছে। সমষ্টি পুনর্নির্ধাৰণৰ জৰিয়তে পূৰ্বৰ মৰিয়নি সমষ্টিৰ পৰিসীমা যথেষ্ট সলনি হৈছে। তথাপি সমষ্টিটোত বিজেপি প্রার্থী বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুর্মী। তেওঁৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাইজৰ দলৰ ড’ জ্ঞানশ্ৰী বৰাই। ৰূপজ্যোতি কুৰ্মীৰ অভিজ্ঞতা সম্পন্ন ৰাজনীতিৰ বিপৰীতে ভোটৰ ৰাজনীতিত নতুনকৈ প্রবেশ কৰা জ্ঞানশ্ৰী বৰাই অতি কম দিনৰ ভিতৰত সমষ্টিটোৰ ভোটাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়।

সমষ্টিটোত অভিজ্ঞতাৰ বিপৰীতে নবাগতাৰ যুঁজ হ’লেও যুঁজখন যথেষ্ট আকর্ষণীয় হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। এইবাৰৰ নিৰ্বাচনত বিশেষভারে চর্চাত থকা সমষ্টি হ’ল দিছপুৰ। কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিয়ে সমষ্টিটোত প্রার্থী হয় সদ্যপ্রাক্তন সাংসদ প্রদ্যুৎ বৰদলৈ। বৰদলৈক এনেদৰে প্রার্থী প্রক্ষেপ কৰাক লৈ কেৱল দিছপুৰতে নহয়, অসমৰ ৰাজনীতিতো তুমুল চর্চা চলে।

বৰদলৈক আকস্মিকভাবে প্রার্থী প্রদানৰ ফলত সমষ্টিটোত বিজেপিৰ দাবীদাৰ জয়ন্ত কুমাৰ দাসে দল ত্যাগ কৰি নির্দলীয় ৰূপে প্রতিদ্বন্দ্বিতা কৰে। ইয়াৰ ফলত সমষ্টিটোত বিজেপি স্পষ্টভারে দুভাগ হয়। ইয়াৰ সুযোগ লৈ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব নেকি বুলিও ৰাইজৰ মাজত চর্চা চলিছে। অৱশ্যে বৰঠাকুৰ নিজেও এগৰাকী শক্তিশালী প্রার্থী। দিছপুৰৰ সম্ভাব্য ফলাফলৰ ওপৰত ৰাজনীতিৰ ভু-ৰখা মহলে দৃষ্টি নিবদ্ধ কৰিছে। চর্চাত থকা গুৱাহাটীৰ আন এটা সমষ্টি হ’ল মধ্য গুৱাহাটী।

সমষ্টিটোত বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা নে অসম জাতীয় পৰিষদৰ প্রার্থী তথা ৰাজনীতিত একেবাবে নবাগতা কুংকি চৌধুৰীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব, তাক লৈও সৰৱ চর্চাও চলিছে। গুপ্তাক প্রার্থিত্ব প্রদানৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত ব্যাপক প্ৰচাৰ চলে। তাৰ বিপৰীতে বিধানসভাৰ এইবাৰৰ নিৰ্বাচনৰ আটাইতকৈ কম বয়সীয়া প্রার্থী কুংকি চৌধুৰীৰ সপক্ষে ৰাইজৰ মাজত বিশেষ চর্চা চলে। মুখ্যমন্ত্রী শর্মায়ো নির্বাচনী প্রচাৰৰ নামত কুংকি আৰু তেওঁৰ পৰিয়ালক নানান বিতর্কিত বিষয়ৰে সমালোচনাৰ লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰীৰ তেনে বিতর্কিত মন্তব্যই ৰাষ্ট্ৰীয় ৰাজনীতিতো স্থান লাভ কৰে।

কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ

ভোটগণনা প্রক্রিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যবস্থা গ্রহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে নির্বাচন আয়োগৰ নিৰ্দেশনাৰ লগতে অন্যান্য প্রয়োজনীয় সুৰক্ষা ব্যৱস্থাও ভোটগণনাৰ দিনটোত গ্রহণ কৰা হৈছে। ইয়াৰ বাবে নির্বাচনী জিলাবোৰক প্ৰয়োজনীয় নির্দেশনা প্রদান কৰা হৈছে। সেই অনুসৰি, আজি প্রতিখন জিলাই এনে সুৰক্ষাৰ নিৰ্দেশনা জাৰি কৰে। সেইদৰে ভোটগণনাৰ দিনটোত গণনা কেন্দ্ৰৰ পৰা এশ মিটাৰ ব্যাসার্ধত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেৱল দায়িত্ববাহী লোকৰ বাদে এই পৰিসীমাৰ ভিতৰত আন আন যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে।

উপযুক্ত পৰিচয়পত্র অবিহনে আন কোনো লোকবে প্রবেশ নিষিদ্ধ কৰা হৈছে। ভোটগণনাৰ পৰিপ্ৰেক্ষিতত সমবেত হ’বলগীয়া লোকৰ মাজত আৰু বিজয় শোভাযাত্রাত কোনেও অস্ত্রৰূপে ব্যৱহাৰ কৰা কোনো সামগ্রী লগত ৰাখিব নোৱাৰিব। সেই অনুসৰি, যিকোনো ধাৰাল সামগ্রী, লাঠী আদি লৈ মানুহ সমরেত হ’ব নোৱাৰিব। ভোটগণনা কেন্দ্ৰৰ এশ মিটাৰ ব্যাসার্ধত অস্থায়ী বিপণীও নিষিদ্ধ কৰা হৈছে। আতচবাজীৰ ব্যৱহাৰো এই দিনটোত নিষিদ্ধ কৰা হৈছে। জিলাবোৰত জাৰি কৰা নির্দেশনাত এয়া উল্লেখ কৰা হৈছে। এই নির্দেশ উলংঘা কৰা যিকোনো লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ বিধি অনুসৰি আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সতর্ক কৰি দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPCongressElection
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d