Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ এটা দিন থকাৰ লগে লগে তীব্ৰ উৎকণ্ঠা বৃদ্ধি পাইছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ ৷ একেদৰে শাসক – বিৰোধীৰ মাজতো আৰম্ভ হৈছে অংকৰ যোগ- বিয়োগ। ২৯ মে’ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটদান পৰ্ব বিয়লি অন্ত পৰাৰ পিছতে সন্ধিয়া ছয় বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে প্ৰকাশ কৰে বহুচৰ্চিত নিৰ্বাচনী সমীক্ষা ৷ অধিকাংশ সমীক্ষাই অসমত পুনৰ বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ হোৱাৰ ইংগিত দিয়ে যদিও কংগ্ৰেছ সহ আন আন বিৰোধী দল সমূহে একেমুখে নাকচ কৰে নিৰ্বাচনী সমীক্ষা ৷
নিৰ্বাচনী সমীক্ষাত সন্তুষ্টি লাভ কৰি শাসক গোষ্ঠী উৎফুল্লিত হৈ থকাৰ মাজতে শনিবাৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰ বেলতলাৰ হোটেল ৰত্নাৱলীত অনুষ্ঠিত হয়। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত বিৰোধীৰ বৈঠকত বিৰোধী দল সমূহৰ প্ৰক্ষেপিত প্ৰাৰ্থী সহ আন আন নেতা সকলে সদ্য সমাপ্ত নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। সকলোৱে নিজ নিজ সমষ্টিত ৰাইজৰ পৰা পোৱা সহাৰি সন্দৰ্ভত এক ৰিপৰ্ট উপস্থাপন কৰে।
বৈঠকত এআইচিচিৰ জ্যেষ্ঠ নেতা কে শিৱকুমাৰ, ভূপেশ ৱাঘেল, জীতেন্দ্র সিঙৰ উপৰিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও অংশ লয়।
বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে কয়,৪ মে’ ৰ যিটো ভোট গণনা হ’ব সেইয়া নিৰপেক্ষভাৱে হওক। এইবাৰ অসমৰ লোকে বিৰোধী ঐক্যৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিছে। এনেক্ষেত্ৰত আমি Exit Poll ৰ সমীক্ষাক নস্যাৎ কৰিছো। দিছপুৰত এইবাৰ বিৰোধীৰ চৰকাৰ হোৱাটো খাটাং।































