Bengal BJP legislature Party Meeting:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:চুবুৰীয়া পশ্চিমবংগত ১৫ বছৰে শাসনৰ গাদীত থকা তৃণমূল কংগ্ৰেছক পৰাভূত কৰি কলকাতাৰ মচনদ দখল কৰা বিজেপিয়ে নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। শুকুৰবাৰে দিনৰ ২ বজাত কলকাতাত বিজেপি বিধানসভা দলৰ বৈঠক অনুষ্ঠিত হ’ব ৷ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিক সহ-পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব। দিনৰ দুই বজাৰ বৈঠকত নিৰ্বাচিত হ’ব পশ্চিমবংগৰ বিজেপি বিধায়িনী দলৰ নেতা৷বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ পিছত বিজেপি নেতাসকলে ৰাজভৱনলৈ গৈ চৰকাৰ গঠনৰ দাবী উদ্থাপন কৰিব ।
ইয়াৰ পিছতে কাইলৈ অৰ্থাৎ ৯ মে’ত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব কলকাতাৰ ব্ৰিগেড খেলপথাৰত শপতগ্ৰহণৰ বাবে ইতিমধ্যে ৰাজ্য প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে ৷ বিশাল শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতীন নবীন, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। ২০খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী,উপ- মুখ্যমন্ত্ৰীয়েও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।





























