Amit Shah:✒️অসমত নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠাৰ মাজতে কলিয়াবৰস্থিত এক বিশাল জনসভাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
অনুপ্ৰৱেশ বিষয়টো কেন্দ্ৰ কৰি তেওঁ কংগ্ৰেছৰ ৰাজনৈতিক ভূমিকাক লক্ষ্য কৰি একাধিক অভিযোগ উত্থাপন কৰে ।
সভাত ভাষণ প্ৰদান কৰি শ্বাহে অভিযোগ কৰে যে, কংগ্ৰেছৰ শাসনকালত অসমত অবৈধ অনুপ্ৰৱেশ সমস্যাই ভয়ংকৰ ৰূপ লৈছিল। তেওঁ কয়, এই গুৰুত্বপূৰ্ণ বিষয়টো সমাধান কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে ইয়াক ভোট বেংকৰ ৰাজনীতিৰ স’তে জড়িত কৰি ৰাখিছিল।
একেই সময়তে তেওঁ স্পষ্ট কৰি দিয়ে যে বিজেপিৰ অৱস্থান অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে, কোনো ধৰ্মীয় গোটৰ বিৰুদ্ধে নহয়। “অসমৰ স্বদেশীয় মুছলমানসকল আমাৰ নিজৰ মানুহ—তেওঁলোকৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধ নাই। কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অব্যাহত থাকিব”—বুলি তেওঁ মন্তব্য কৰে।
শ্বাহে লগতে অভিযোগ কৰে যে, ৰাহুল গান্ধী(Rahul Gandhi)ৰ নেতৃত্বত কংগ্ৰেছ দলে এই স্পৰ্শকাতৰ বিষয়টোত বিভাজনমূলক ৰাজনীতি কৰিছে আৰু জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে।
নির্বাচনী প্ৰচাৰৰ অংশ হিচাপে শ্বাহে বিজেপি আৰু মিত্ৰদলসমূহৰ প্ৰাৰ্থীৰ বাবে জনসমৰ্থন বিচাৰে আৰু কয় যে, বিজেপি-নেতৃত্বাধীন চৰকাৰে অসমত অনুপ্ৰৱেশ নিয়ন্ত্ৰণ আৰু ভূমি সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।






























