তলাবন্ধৰ সময়ছোৱা জৰুৰীকালীন সেৱাত ব্যৱহৃত যান-বাহনৰ চলাচলত যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত অট’ম’বাইল খণ্ডৰ ১২খন ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ হৈছে ক্ৰমে মহানগৰীৰ বেলতলাৰ হিন্দুস্থান টায়াৰ, নালাপাৰাৰ ভাৰতী অট’মেটিক ইঞ্জিনিয়াৰিং ৱৰ্কছ, লালমাটিৰ এন এইছ পাৰ্কিং গেৰেজ, লখৰাৰ নিউ ৰোহিত অট’ম’বাইলছ, ফ্ৰেন্স মটৰ কোম্পানী, গড়চুক তেঁতেলীয়াৰ মা কামাখ্যা টায়াৰ ছাৰ্ভিচ, গুল্ফ এছিয় মটৰ্ছ লিমিটেড, গাৰ্গ্য মটৰ্ছ,বৰাগাঁৱৰ হৰিজন এনট্ৰেড প্ৰাইভেট লিমিটেড, যোৰাবাটৰ টেকনোমাৰ্ট আৰু এম জি টি মাৰ্ট আৰু মঠঘৰীয়াৰ শৰ্মা এজেন্সী।
জিলা প্ৰশাসনৰ এক সূত্ৰই সদৰী কৰি জনোৱা মতে, মৃত্যুদূত ৰূপী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ স্বাৰ্থত দেশ জুৰি অব্যাহত আছে দ্বিতীয় তলাবন্ধ।এই সময়তছোৱাত মহানগৰীৰ এম্বুলেঞ্চৰ লগতে অত্যাৱশ্যকীয় সেৱাত ব্যৱহৃত যানবাহনৰ চলাচল অব্যাহত আছে । মেৰামতিৰ অভাৱত যাতে অত্যাৱশ্যকীয় সেৱাত ব্যৱহৃত যানবাহন সমূহৰ চলাচলত ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অট’ম’বাইল খণ্ডৰ ১২খন প্ৰতিষ্ঠান খুলি ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে । কিন্ত এই প্ৰতিষ্ঠানসমূহত মানি চলিব লাগিব তলাবন্ধৰ নীতি-নিৰ্দেশনা । নূন্যতম সংখ্যকহে কৰ্মচাৰী নিয়োগ কৰাটো নিশ্চিত কৰিব লাগিব লগতে গ্ৰাহক আৰু কৰ্মচাৰী সকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ।