দিন বাগৰি যোৱাৰ লগে লগে অধিক ৰহস্যৰ মাজলৈ গতি কৰিছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা । সোমবাৰে মুম্বাইৰ আৰক্ষীৰ অধীক্ষক পৰমবীৰ সিঙে কয় যে অভিনেতাজনৰ বাইপ’লাৰ ডিছঅ’ডাৰৰ চিকিৎসা হৈছিল ৷ লগতে পৰমবীৰ সিঙে কয় যে মৃত্যুৰ কিছুদিন পূৰ্বে সুশান্তৰ মেনেজাৰ দিশা চেলিয়নৰ সন্দৰ্ভত গুগলত চাৰ্চ কৰিছিল । আনহাতে আত্মহত্যা কৰা কেইঘন্টামান পূৰ্বে নিজৰ মানসিক অসুস্থতাৰ সন্দৰ্ভতো গুগল কৰিছিল সুশান্তে ৷ এই তথ্য সুশান্তৰ লেপটপ আৰু ফোনত পোৱা গৈছে ৷
ইপিনে মুম্বাইৰ আৰক্ষীৰ অধীক্ষক পৰমবীৰ সিঙৰ মতে “নিজৰ স্বাস্থ্য সন্দৰ্ভত মৃত্যুৰ আগেয়ে গুগলত চাৰ্চ কৰাৰ লগত সুশান্তে ভয় খাইছিল যে তেওঁৰ নাম দিশা চেলিয়নৰ নামৰ লগত জড়িত হৈ পৰিব ।” ইপিনে অধীক্ষকজনে কয় যে “প্ৰয়াত অভিনেতাজনৰ আছিল বায়’পোলাৰ ডিজঅ’ডাৰ ৷ তাৰ কাৰণে চিকিৎসাধীন হৈ আছিল সুশান্ত । ইয়াৰ পিছতে আত্মহত্যাৰ পথ বাছি লৈছিল অভিনেতাজনে ৷
আনহাতে এই ঘটনাত মহাৰাষ্ট্ৰৰ প্ৰধান শাসক দল শিৱসেনাৰ এজন ঘনিষ্ঠ ৰাজনৈতিক নেতাৰ নাম সাঙুৰ খাইছে ৷ সেই প্ৰসংগত পৰমবীৰ সিঙে কয় যে এই পৰ্যন্ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ৰাজনৈতিক নেতাৰ নাম পোৱা এই ঘটনা জড়িত পোৱা নাই । ১৬ জুনত সুশান্তৰ পিতৃ, ভগ্নী আৰু ভিনীহিয়েকক পুনৰ সোধ পোচ কৰি সকলোৰে ভাষ্য ৰেকৰ্ড কৰে । অৱশ্যে এই পৰ্যন্ত সন্দেহজনকভাৱে কোনো লোকক চিনাক্ত কৰিব পৰা হোৱা নাই ।আনহাতে সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক একাধিকবাৰ সোধপোছ কৰিছে ৷
উল্লেখযোগ্য যে ২৫ জুলাইত সুশান্তৰ পিতৃয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পাটনা ৰাজীৱ নগৰ পুলিচ ষ্টেশ্যনত এখন এফআইআৰ দাখিল কৰে ৷ ইপিনে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল । আৰক্ষী সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি ক’লেও কিন্তু গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু লোকেই সম্প্ৰতি সুশান্তৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰিছিল ৷ অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত খাৰিজ কৰিছে লগতে দেশমুখৰ মন্তব্য যে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবলৈ মুম্বাইৰ আৰক্ষী সক্ষম ।
উল্লেখযোগ্য যে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা কোনো চুইচাইড ন’ট উদ্ধাৰ কৰা নাই । যদি কোনো চুইচাইড ন’ট পালেহেঁতেন তেতিয়া সুশান্তৰ মৃত্যু তদন্তই দীঘলীয়া নহলহেঁতেন ৷ আনহাতে আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ পিছত কোনো ব্যক্তিগত শত্ৰু বা অন্য কিবা ঘটনা জড়িত হৈ আছে নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।