আজি কাতি বিহু ৷ অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আহিনৰ শেষ দিনটো অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু ৷ এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি আৰু সংস্কৃতি। অসমীয়া জনজীৱনত কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে ।
অসমীয়া জনজীৱনৰ বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে। কাতি বিহু প্ৰধানকৈ কৃষিৰ লগত জড়িত ৷জেঠ, আহাৰ, শাওণ মাহত মূৰৰ ঘাম মাটিত পেলাই হাড়ভাঙা পৰিশ্ৰমেৰে খেতিয়কে খেতি কৰে। খেতিয়কৰ অন্তৰত হেঁপাহ জাগে যে , এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, আৰু আকালৰ দিন শেষ হ’ব ৷ এনে সময়ত শস্যৰ নষ্টকাৰী কীট পতংগ, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হয়।
কাতি খেতিয়কে ধাননি পথাৰত চাকি দিয়ে। আনহাতে অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনাড়ম্বৰভাৱে পালন কৰি আহিছে। এই সময়তে প্ৰায়ভাগ খেতিয়কৰ ভঁৰাল উদং হয়। সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে।
কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ দুৱাৰ, আলি-পদূলি,পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে।ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয়। লোক বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ,চোতাল -পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে। কিন্তু সময়ৰ সোঁতত বৰ্তমান কাতি বিহু পাহৰণিৰ গৰ্ভত হেৰাই গৈছে যদিও অসমীয়া চহা জীৱনত কাতি প্ৰাসংগিকতা নুই কৰিব নোৱাৰি ।






























