●ঘৰৰ চাৰিসীমাত তুলসী থকাটো সৌভাগ্য বুলি কোৱা হয়। তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়। তুলসী বৃক্ষ পূজাৰ ভিতৰত শ্ৰেষ্ঠ বুলিও কোৱা হয়।

●ভাৰতবৰ্ষত কেইবা প্ৰকাৰৰ তুলসী পোৱা যায়। ক’লা তুলসী, ৰাম তুলসী, ফুলাল তুলসী, বন তুলসী। ইয়াৰ বৈজ্ঞানিক নাম Ocimum sanctum Leaf
●কৃমি হ’লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়।
●তুলসী পাত খালে তেজ পৰিষ্কাৰ হয়।
●তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়।
●তুলসীৰ ৰস মৌৰ লগত খালে কাহ, কফ, জ্বৰ কমে।

●তুলসীৰ ৰস খালে বমি, পানী লগা, বিষ, হিকটি ভাল হয়।
●তুলসীৰ পাত খালে মুখৰ দুৰ্গন্ধ নাশ হয়।
●তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ হয় আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়।
●তুলসীৰ পাত নিয়মীয়াকৈ খালে ডায়েবেটিচ হ্ৰাস পায়।
●তুলসীৰ পাত ঠাণ্ডা পানীত আগদিনাই তিয়াই থৈ পিছদিনা সেই পানীৰে মুখ ধুলে মুখৰ ক’লা দাগ নাইকিয়া হয়।

●তুলসী পাতৰ ৰসে এন্টিচেপ্টিকৰ কাম কৰে।
●ক’লা তুলসীৰ পাতৰ ৰস গৰু ঘিউৰ লগত খালে বাত ৰোগ ভাল হয়।
●তুলসী পাতৰ ৰস আৰু হালধিৰ ৰস মিহলাই খালে উচ্চ ৰক্তচাপ ভাল হয়।
●ক’লা তুলসীৰ লগত ক’লা নিমখ আৰু জালুক মিহলাই খালে হাইজা ৰোগ নিৰাময় হয়।
● তুলসী গছে বায়ু বিশুদ্ধ কৰে। তুলসী গছে যি ঠাইত ৰোৱা হয় সেই ঠাইৰ চাৰিওফালে ৬৫০ ফুট ব্যাসাৰ্ধ ঠাই আগুৰি বায়ু বিশুদ্ধ হয়।

● তুলসী ৰোৱা বা থকা ঠাইৰ ওচৰে-পাঁজৰে মেলেৰিয়া, প্লেগ আদি বেমাৰ হ’ব নোৱাৰে।
●কোনো তেজৰ দোষ আৰু কুষ্ঠাদি ৰোগতো তুলসী বৰ উপকাৰী।
● তুলসীৰ কেঁচা পাত বা শুকান পাত অলপ চূণৰ লগত মিহলাই ঘঁহি দিলে খৰ দশ্ৰু গুচে।

●কোনো কাৰণত কাণৰ বিষ হ’লে তুলসীৰ পাতৰ ৰস অলপ গৰম কৰি কুহুমীয়া কৰি তপতে থাকোতে কাণত টোপ টোপকৈ পেলাই দিলে কাণৰ বিষ কমে।





























