কৰ’না ভাইৰাছৰ প্ৰকোপত সমগ্র বিশ্বই এতিয়া বুজিছে গৃহবন্দী হৈ থকাৰ অর্থ। এনে সংক্রামক ৰােগৰ প্রাদুর্ভাৱ ঘটিলে কিদৰে নিজকে বন্দীদশাত ৰাখি বা আনৰ পৰা দূৰত্ব গঢ়ি তুলি সুস্থ থাকিব পাৰি আৰু আনকো সুস্থ ৰাখিব পৰ যায়, তাৰেই শিক্ষা দিলে কৰ’না অতিমাৰীয়ে। বহুতেই হয়তাে প্রথমবাৰলৈ শুনিলে কোৱাৰেন্টাইন শব্দটো। তেনেকৈ প্ৰথমবাৰলৈ সম্মুখীন হ’ল তলাবন্ধৰ।
অথচ প্রায় চাৰে তিনিশ বছৰৰ পূর্বে ইংলণ্ডৰ এখন সৰু গাঁৱে বিশ্বক শিকাই গৈছিল তলাবন্ধৰ অর্থ। প্লেগ মহামাৰীৰ সংক্রমণ ৰােধ কৰাৰ বাবে নিজকে গৃহবন্দী কৰিছিল সমগ্র গাঁওখনৰ সমূহ পৰিয়ালে। বাহিৰৰ জগতৰ স’তে নিশাৰ ভিতৰতে যােগাযােগ ছিন্ন কৰিছিল তেওঁলােকে। ৩৫৬ বছৰৰ পূর্বৰ সেই ঘটনাৰ বাবেই ইংলণ্ডৰ ডার্বিশ্বায়াৰৰ ইয়াম নামৰ গাঁওখন এতিয়া বিশ্বত পৰিচিত হৈ পৰিছে।
‘গ্লেগ ভিলেজ’ নামেৰে। মহামাৰীক হৰুৱাই এই গাঁওখন এতিয়া সম্পূৰ্ণৰূপে সুস্থ। কিন্তু ৩৫৬ বছৰৰ পুৰণি সেই কাহিনী আজিও জীৱন্ত হৈ আছে গাঁওখনত। সেয়ে ইয়াম গাঁও পর্যটকৰ বাবেও অন্যতম আকর্ষণ হৈ পৰিছে। ১৬৬৫ত মহামাৰীৰ কবলত পৰিছিল ইয়াম গাঁও। ডার্বিশ্বায়াৰৰ পিক জিলাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে অৱস্থিত এই গাঁও। অৰণ্যৰ মাজত অৱস্থিত বাবে গাঁৱত জনসংখ্য তুলনামূলকভাৱে যথেষ্ট কম।
২০১১ৰ জৰীপৰ সময়ত তাত মাত্র ৯৬৯জন লােক আছিল। ১৬৬৫ত সমগৰ বিশ্বতে প্লেগ মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছিল। সেই সময়তে লণ্ডনৰ পৰা বহু কাপােৰ লৈ আহিছিল গাঁওখনৰ জর্জ ভিকাছ নামৰ এজন দর্জীয়ে। সেই কাপােৰৰ লগতে গাঁওখনত প্ৰৱেশ কৰিছিল প্লেগৰ জীৱাণুৱে। এসপ্তাহৰ ভিতৰতে গাঁওখনত আৰম্ভ হয় মৃত্যুৰ মিছিল। প্রথমে মৃত্যু হয় সেই দর্জীজনৰে।
তাৰ পাছত দৰ্জীৰ পৰিয়ালৰ একাংশ আৰু গাঁওখনত থকা তেওঁৰ কিছু সংখ্যক গ্রাহকৰ প্লেগৰ কবলত পৰি মৃত্যু হয়। ইয়াৰ কাৰণ আৰু ভয়াৱহতা বুজিবলৈ অসুবিধা নহ’ল গাঁওখনৰ মুৰব্বী উইলিয়াম মমপেচন্সৰ। বিশ্বব্যাপী প্লেগ মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰ খবৰ তেওঁ লাভ কৰিছিল। সেয়ে তেওঁ অযথা পলম নকৰি নিশাৰ ভিতৰতে কঠোৰ তুলাবন্ধ ঘােষণা কৰিলে।
সমগ্র ইয়াম গাঁৱে নিজক সম্পূৰ্ণৰূপে পৃথক কৰি তুলিছিল। গাঁওখনৰ কোনাে লােকেই বৰ বেছি বাহিৰলৈ নােলাইছিল। সমীপৰ গাঁওসমূহৰ স’তেও যােগাযােগ বিচ্ছিন্ন কৰিছিল ইয়ামে। গাঁওখনৰ পৰা যিদৰে মানুহে আন গাঁৱলৈ যােৱা বন্ধ কৰিছিল, সেইদৰে সমীপৰ গাঁওখনৰ ২৬০জন লােকৰ মৃত্যু হৈছিল। পৰিস্থিতি ইমানেই কৰুণ হৈ পৰিছিল যে পৰিয়ালৰ লােকৰ বাবে নিজেই কবৰ খান্দিবলগীয়া হৈছিল। সহায় কৰিবলৈ কাকোৱেই পােৱা নগৈছিল। তেনে এক কৰুণ কাহিনীৰে সাক্ষী হৈ আছে ৰীলে কবৰ।
এই কবৰটো গাঁওখনৰ হেনকক পৰিয়ালৰ। নামমাত্র যি কেইজন গাঁওবাসী এই মহামাৰীৰ কবলৰ পৰা ৰক্ষা পৰিছিল, তাৰ ভিতৰত অন্যতম আছিল এলিজাবেথ হেনকক। কিন্তু তেওঁৰ পৰিয়ালৰ আন কোনােৱেই জীয়াই থকা নাছিল। প্রথমে স্বামী আৰু তাৰ পাছত ছয় সন্তানক এলিজাবেথে নিজৰ হাতেৰে উক্ত স্থানত কবৰ দিছিল। পর্যটকৰ বাবে গাঁওখনৰ আন বাসিন্দাসকলে।
দেৱালৰ এফালে ৰখা ভিনেগাৰ মিহলােৱা পানীৰ ভিতৰত টকা দি সেইবােৰ সামগ্রী সংগ্রহ কৰিছিল ইয়ামৰ বাসিন্দাই। টকা জীৱাণুমুক্ত কৰাৰ বাবেই পানীত ভিনেগাৰ মিহলােৱা হৈছিল।এই গাঁওখনৰ প্ৰথম প্লেগৰােগী ভিকাৰছৰ বাসগৃহ গাঁৱৰ প্রায় মাজভাগত এতিয়াও আছে।
সেই গৃহটোও এতিয়া পর্যটকৰ আকৰ্ষণৰ স্থল হৈ পৰিছে। প্রায় এবছৰ ধৰি এইদৰেই কোৱাৰেণ্টাইনত আছিল ইয়াম গাঁও। এতিয়াও প্রতি বছৰৰ আগষ্টৰ অন্তিম দেওবাৰটো প্লেগ দেওবাৰৰূপে গাঁওখনত পালন কৰা হয়। সেইদনা মমপেচন্সৰ প্রাচীৰৰ কাষত সমবেত হয় গাঁওবাসী।