টুইটাৰত অব্যাহত আছে বলিউডৰ টুইট-যুদ্ধ। কেৱল সলনি হৈছে দলৰ পক্ষ বিপক্ষ। এইবাৰ দুয়োটা প্ৰান্তত আছে আন্তৰ্জাতিক তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু মিয়া খালিফা । কোনে টুইট কৰিছিল, নাই কৰা তাক লৈ আৰম্ভ হৈছে বাদ-বিবাদ । এতিয়ালৈকে যদিও কোনো পক্ষই মাত মতা নাই কিন্তু নেতাসকল প্ৰিয়ংকাৰ পক্ষত মাত মতাত উঠিপৰি লাগিছে ।
মিয়া খালিফাই দাবী কৰিছে যে, প্ৰিয়ংকা চোপ্ৰাই কিয় ভাৰতৰ কৃষকসকলৰ বাবে মুখ খোলা নাই ! তেওঁ লিখিছিল, ‘বেইৰুট বিস্ফোৰণৰ সময়ত শাকিৰা যিদৰে নিৰৱে আছিল ঠিক তেনেদৰেই নীৰৱতা অৱলম্বন কৰিছে।’
Is Mrs. Jonas going to chime in at any point? I’m just curious. This is very much giving me shakira during the Beirut devastation vibes. Silence.
— Mia K. (@miakhalifa) February 7, 2021
লগে লগে নেতাসকলে মিয়াৰ কমেণ্ট বক্সত উপস্থিত হ’ল। তেওঁলোকে কয় যে মিয়া টুইটাৰত ইমান সক্ৰিয় নহয় হয়তো । গতিকে তেওঁ নাজানে যে প্ৰিয়ংকাই বহু দিনৰ আগতেই এই বিষয়ে মুখ খুলিছে । প্ৰথমে কৃষকসকলৰ হৈ মাত মতা তাৰকাসকলৰ ভিতৰত তেঁৱো এগৰাকী ।
কিছুমানে আকৌ প্ৰিয়ংকাৰ পুৰণি টুইটবোৰ প্ৰমাণ হিচাপে উত্থাপন কৰিছে । দুমাহ আগতে টুইটত প্ৰিয়কাই লিখিছিল, ‘কৃষকসকল দেশৰ খাদ্য যোদ্ধা । তেওঁলোকৰ দাবীপূৰণ কৰিব লাগিব।’
মাৰ্কিন পপ গায়িকা ৰিহানাৰ টুইটৰ পিছত, আন্তৰ্জাতিক তাৰকাসকলে ভাৰতত এই আন্দোলনৰ স’তে একে লগে থিয় দিছিল। তাৰকা মিয়া খলিফাও তেওঁলোকৰ ভিতৰত এজন। তেওঁ লিখিছিল, ‘কোনেও মানৱ অধিকাৰ উলংঘনৰ বিষয়ে কিয় কথা কোৱা নাই? কেন্দ্ৰীয় চৰকাৰে দিল্লীত ইণ্টাৰনেট সেৱা বন্ধ কৰিছে!’ এজন কৃষকৰ প্লেকাৰ্ড ধৰি থকা এখন ছবিও পোষ্ট কৰিছিল মিয়ায়ে। প্লেকাৰ্ডখনত লিখা আছিল ‘কৃষকসকলক হত্যা কৰা বন্ধ কৰক। ‘