ধুবুৰী নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টিৰ নিৰ্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা৷ আজি জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ অধ্যক্ষতাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ স’তে এখন বৈঠক অনুষ্ঠিত হয়৷
উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত বৈঠকত বিজেপি, অগপ, এ আই ইউ ডি এফ, চি পি আই(এম), কংগ্ৰেছ, বিপিএফকে ধৰি কে’বাটাও দলৰ প্ৰতিনিধিয়ে ভাগ লয়৷ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক নিৰ্বাচন প্ৰক্ৰিয়া, নিৰ্বাচনী আচৰণবিধি, ইভিএমকে ধৰি বিষয়বোৰৰ সবিশেষ ব্যাখ্যা কৰা হয়৷
ইয়াৰ পাছতে মনোনয়ন পত্ৰ জমা দিয়া সময়ত গ্ৰহণ কৰিবলগীয়া নিৰাপত্তামূলক বিষয়বোৰৰ আলোচনা কৰা হয়৷ জিলাখনৰ বিভিন্ন বেংকৰ প্ৰতিনিধিৰ স’তেও অনুষ্ঠিত হয় আন এখন বৈঠক৷ সকলোধৰণৰ সন্দেহজনক লেনদেনৰ বিষয়ে প্ৰশাসনক দৈনিক জনাবলৈ বেংকবোৰক নিৰ্দেশ দিয়া হয়৷ সকলোধৰণৰ সন্দেহজনক লেনদেন বন্ধ কৰাৰ ক্ষেত্ৰত বেংকবোৰৰ সহযোগিতা কামনা কৰে প্ৰশাসনে৷
আটাইকেইখন বৈঠকত পৌৰহিত্য কৰে জিলা নিৰ্বাচন বিষয়া দেৱ কুমাৰ কলিতাই৷ বৈঠক কেইখনত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ, জিলা উন্নয়ণ আয়ুক্ত বনশ্ৰী নাথ, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, নিৰ্বাচন বিষয়া পাৰ্থ প্ৰতীম বৰ্মনকে ধৰি জিলা প্ৰশাসনৰ কেবাজনো বিষয়া উপস্থিত থাকে৷
জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত সকলোৰে সহযোগিতা কামনা কৰে৷ ইপিনে কালি বিয়লি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে জিলা নিৰ্বাচনী বিষয়াৰ আহ্বানমৰ্মে নিৰ্বাচন পৰিচালনাৰ বাবে গঠিত কোষবোৰৰ মুৰব্বীৰ এখন বৈঠক অনুষ্ঠিত হয়৷
উল্লেখ্য যে ধুবুৰী নিৰ্বাচন জিলাৰ ধুবুৰী, গোলকগঞ্জ আৰু গৌৰীপুৰ সমষ্টিৰ বাবে ১২ মাৰ্চৰ পৰা মনোনয়ন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ মাৰ্চ৷ ভোটগ্ৰহণ হ’ব ৬ এপ্ৰিলত৷