জনীয়া সমষ্টিৰ সোঁ মাজেৰে বৈ যোৱা বেঁকী নদীৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ আমগুৰী-শওঁপুৰৰ নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে । ঘৰ-বাৰী, কৃষিভূমি সকলো বেঁকী নৈৰ বুকুত জাহ গৈছে । যাৰ ফলত এই দুৰ্ভোগীয়া লোকসকলে আশ্ৰয়স্থল হিচাপে বাচি লৈছে এখন পৰিত্যক্ত পকী দলং আৰু এই দলঙৰ ওপৰতেই অনিদ্ৰা অনাহাৰে পাৰ কৰিছে দিন-ৰাতি ।
বিগত দুটা মাহত আমগুৰী, শওঁপুৰ, সুতিঁৰপাথাৰ, কাউৰঝাহী, মুৱামাৰী, খাৰবাল্লী আদি গাঁৱৰ দুই শতাধিক পৰিয়ালে বেঁকী নৈৰ কৰাল গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে । আনকি নৈখনৰ গৰাখহনীয়াই কলগাছিয়া-কৰাৰকুৰ গড়কাপ্তানী পথ আৰু বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ।
এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা আৰু ক্ষতিপূৰণৰ দাবী জনাই চৰকাৰৰ ওচৰত কাতৰ আহবান জনাইছে ।