শুকুৰবাৰে বিশ্বজুৰি চিত্ৰগৃহত হলিউডৰ এখন বহু প্রতীক্ষিত ছবিয়ে মুক্তি লাভ কৰিলে। ‘এটাৰনেলছ’ নামৰ এইখন ছবিয়ে উপাৰ্জনৰ দিশত বক্স অফিচত নতুন বিশ্ব অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি চলচ্চিত্র বাণিজ্যিক বিশ্লেষকসকলে মন্তব্য কৰিছে।
মহানায়ককলৈ এইখন ছবিৰ কাহিনী ৰচিত হৈছে। চলচ্চিত্র বাণিজ্যিক বিশ্লেষকে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে মুক্তিৰ দিনাই ‘এটাৰনেলছ’-এ বক্স অফিচত কমেও ১৫০ নিযুত ডলাৰ অৰ্থাৎ প্রায় ১১০০ কোটি টকাৰ ব্যৱসায় কৰে।
অগ্রিম বুকিঙৰ ক্ষেত্ৰত চলিত বৰ্ষত হলিউডৰ এইখন ছবিয়ে দ্বিতীয় সর্বাধিক পৰিমাণৰ ব্যৱসায় কৰিবলৈ সফল হ’ল। ‘এটাৰনেলছ’-এ বক্স অফিচত হলিউডৰ ছবি হিচাপে সৰ্বকালৰ সৰ্বাধিক ব্যৱসায় কৰাৰ সম্ভাৱনা আছে বুলিও চলচ্চিত্র বাণিজ্যিক বিশ্লেষকে জানিবলৈ দিয়ে।
কৰ’না পৰৱৰ্তী বিশ্বত ‘এটাৰনেলছ’ৰ মুক্তিয়ে চলচ্চিত্র উদ্যোগলৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই অনাৰ সম্ভাবনা আছে। উল্লেখ্য যে এইখন ছবিত প্রথমবাৰৰ বাবে ১০ জন নতুন মহানায়কক একেলগে দর্শকে দেখা পাব। এটাৰনেলছত এঞ্জেলিনা জ’লী, ছলমা হে’ক, কুমেল ননজিয়ানি আদিয়ে অভিনয় কৰিছিল। ভাৰতত এইখন ছবি ইংৰাজীৰ লগতে হিন্দীসহ মুঠ ছটা ভাষাত মুক্তি দিয়া হৈছে।