২৫ ফেব্ৰুৱাৰী। যেন গুৱাহাটী মহানগৰীখন কিমান সর্বাংগসুন্দৰ তাক প্রদর্শন কৰাৰ চূড়ান্ত সময়সীমা। গতিকে জালুকবাৰীৰ পৰা খানাপাৰালৈ, কি ৰাষ্ট্ৰীয় ঘাইপথ, কি গড়কাপ্টানী পথ, সকলােতে শ্ৰমিকসকল ব্যস্ত, কেৱল ব্যস্ত। কোনােবাই গছৰ গুৰিত চূণ সানিছে, কোনােবাই ডিভাইডাৰত ক’লা-বগা ৰং সানিছে, কোনােবাই উৰণীয়া সেতুৰ তলত ছবি আঁকিছে আৰু আন কোনােবাই পদপথৰ ৰেলিঙত জাতীয় পতাকাৰ লগতে বগা, সেউজীয়া, নীলা পতাকা আঁৰিছে।
বহু শ্রমিকে ইউটার্ণসমূহক নিশাৰ ভাগত উজলাই তুলিবলৈ বিদ্যুতৰ তাঁৰ সংযােগ কৰাত ব্যস্ত । সময় তাকৰ । গতিকে প্রশাসনে দিন-ৰাতি একাকাৰ কৰি হাতে-কামে লাগিছে । কিয়নাে দেশৰ ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দ আহিব। ৰাজধানী মহানগৰীৰ কদর্য ৰূপ মহামহিম ৰাষ্ট্ৰপতিৰ চকুত পৰিব নালাগে !
চৰকাৰ তথা কামৰূপ মহানগৰ জিলা প্রশাসনেও যেন তাৰেই পণ লৈছে। যেন বাহ্যিক সৌন্দর্য প্রদর্শনৰ ওপৰতেই নিৰ্ভৰ কৰিব ৰাজ্যখনৰ মান, সন্মান আৰু স্বাভিমান।
শেহতীয়াকৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষকৈ খানাপাৰাৰ পৰা জালুকবাৰীলৈ এই ১৮ কিলােমিটাৰ পথছােৱাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু আৰক্ষী প্রশাসনৰ অৱহেলাৰ ফলত সঘনাই দুর্ঘটনা সংঘটিত হােৱাটো এক স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে।
এই ১৮ কিলােমিটাৰ পথছােৱা চোৱা-চিতা নকৰাৰ ফলত একপ্রকাৰ জহি-খহি গৈছে। মূল পথ আৰু ছাৰ্ভিচ ৰােডৰ মাজত থকা ডিভাইডাৰসমূহ নিশ্চিহ্ন হৈ আহিছে। মূল ডিভাইডাৰৰ গছ-গছনি, ফেন্সিং, টিনপাত, লােহাৰ ৰেলিং ইত্যাদি দিনে-নিশাই চোৰে ভাঙি-ছিঙি লুটি নিছে।
ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথছােৱা উদং হৈ আহিছে। বহু ঠাইত স্ট্রীট লাইট পর্যন্ত নিশা নিয়ন্ত্রণহীনভাৱে চলাচল কৰা ডাম্পাৰ, ট্রাকসমূহে মহটিয়াই পেলাইছে। পিছে ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দৰ আগমনক লক্ষ্য কৰি মহানগৰীক সজাই-পৰাই তােলা হৈছে যদিও দুর্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথছােৱা কর্তৃপক্ষই মেৰামতি কৰাৰ পৰা বিৰত আছে।
হাস্যকৰ কথাটো হ’ল জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথছােৱা সজাই তােলাৰ নামত মৰা গছৰ গুৰি আৰু মাটিত বাগৰি থকা স্ত্রীট লাইটৰ পােষ্টতাে চূণ সানিছে। ডিভাইডাৰৰ কাষত জমা হৈ থকা মাটি-বালি আদি ঝাড়ু মাৰি মসৃণ কৰিছে। পথৰ মূল ডিভাইডাৰত হাবি-বননি কাটি চিকুণ কৰিছে ।
এক-দুই ফুট ওখ গছৰ পুলিতাে চূণ সানিছে। স্বাভাৱিকতে ৰাইজৰ মাজত প্রশ্ন উঠিছে— চূণ-তেল-ৰং সানি পথছােৱা ৰঙীন কৰি তুলিছে ঠিকেই, পিছে ভাঙি-ছিঙি জহি-খহি যােৱা পথছােৱা মেৰামতি কৰিব কোনে আৰু কেতিয়া ?
আচলতে ৰাষ্ট্ৰপতিৰ আগমনক লক্ষ্য কৰি আৰম্ভ কৰা মহানগৰীৰ সৌন্দর্যবর্ধন কার্যসূচী ইমানেই ব্যাপক যে সামান্য ব্যৱধানৰ অন্তৰে অন্তৰে পাঁচৰ পৰা ১০জন শ্রমিক ব্যস্ত হৈ পৰিছে। উদাহৰণ স্বৰূপে, জালুকবাৰী উৰণীয়া সেতুৰ তলে-ওপৰে শ্ৰমিকে ঝাড়ু মাৰিছে ।
কাষতে থকা ৰেলৰ দলংখনৰ তলত প্রায় ১০জনমানে ছবি অংকন কৰিছে। আদাবাৰীত কোনােবাই ঝাড়ু মাৰিছে আৰু আন কোনােৱে ডিভাইডাৰত ৰং লগাইছে। ঠিক তেনেকৈ মালিগাঁও, কামাখ্যা, শান্তিপুৰ, ভৰলু, ফাঁচীবজাৰ, পাণবজাৰ, মেঘদূত ভৱন, উচ্চ ন্যায়ালয়ৰ সন্মুখত, গুৱাহাটী ক্লাব, শিলপুখুৰী আৰু আন দিশে পল্টনবজাৰ, মণিপুৰী বস্তি, উলুবাৰী, বৰা ছাৰ্ভিচ, ভঙাগড়, খ্রীষ্টিয়ানবস্তি, গণেশগুৰি হৈ খানাপাৰালৈ শ্ৰমিকসকল মহানগৰীক সজাই তােলাত ব্যস্ত।
মহানগৰীৰ শুক্রেশ্বৰ দেৱালয়ৰ সন্মুখৰ পদপথত থকা এজন গৃহহীন তথা ভিক্ষা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নির্বাহ কৰা কুমুদ দাসে কয়, ‘প্রতিবাৰেই কোনােবা ডাঙৰ মানুহ আহিলে আমাক আঁতৰাই দিয়ে।
আচলতে খেদি দিয়ে; কিন্তু আমি ক’লৈ যাম, ক’ত থাকিম ? মন্দিৰৰ ভক্তই কিবা ভিক্ষা নিদিলে আমি জীৱন্তে মৰিব লাগিব। গতিকে আমি ইয়াতে শুম, ইয়াতে থাকিম; আমাক আঁতৰাব নালাগে ।’
উল্লেখ্য যে পাণবজাৰস্থিত শুক্রেশ্বৰ দেৱালয়ৰ সন্মুখৰ পদপথত থকা গৃহহীন লােকসকল তাতেই দিন-ৰাতি বসবাস কৰে আৰু মুক্ত নলাটোতেই শৌচ-প্রস্রাৱ কৰি আহিছে। পদপথত থকা আন এগৰাকী গৃহহীন মহিলা ভানু দাসে কয়, ‘কোন আহিব নাজানাে।
কাম কৰি থকা মানুহবিলাকে কৈছে কোনােবা ডাঙৰ মানুহ আহিব। এই কাৰণে আমাক আঁতৰিবলৈ কৈছে আৰু পদপথৰ পৰা অমাক লেতেৰা কাপােৰ, আঁঠুৱাবােৰ লৈ যাবলৈ কৈছে। আমি কৈছাে, আমি ক’ত থাকো, কেনেকৈ থাকো, তাকো ডাঙৰ মানুহৰ আগত দেখুৱাব লাগে ।
আমি ভিক্ষাৰীহে, অপৰাধী নহয়। ‘সমগ্ৰ ৰাজধানী মহানগৰীৰ লগতে দিছপুৰস্থিত জনতা ভৱনৰ আশে-পাশেও প্রস্তুতি অধিক প্রতিযােগিতামূলক। জনতা ভৱনৰ সন্মুখৰ পৰা মাত্র কেইমিটাৰ আঁতৰত গণেশগুৰি অভিমুখে থকা ইউটার্ণত পানীৰ ফোৱৰা তােলাৰ লগত নিশাৰ ভাগত পােহৰাই তুলিবলৈ বিজুলী সংযােগৰ ব্যৱস্থা প্রায় সম্পূর্ণ ।
পিছে তাৰ পৰা আৰু মাত্র ২০ মিটাৰ আগলৈ আহিলেই গণেশগুৰি উৰণীয়া সেতু । এতিয়া প্রশ্ন হল— গণেশগুৰিৰ দৰে মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চলটোত ৰাজহুৱা শৌচাগাৰ নথকাৰ ফলত সাধাৰণ ৰাইজে গণেশগুৰিৰ উৰণীয়া সেতুৰ তলতেই মুকলিকৈ মল-মূত্র ত্যাগ কৰি আহিছে। গণেশগুৰি উৰণীয়া সেতুৰ তলত এক মিনিট সময় ৰৈ থকা প্রতিজন ব্যক্তিয়ে জানে অঞ্চলটোত দুর্গন্ধই কি পৰিৱেশ সৃষ্টি কৰি আহিছে ।
এনে পৰিপ্ৰেক্ষিতত সকলােৰে মনত উৎসুকতা বাঢ়িছে যে ডিভাইডাৰত ৰং সানিলেই মহানগৰীৰ প্রকৃত কদর্য ৰূপ হেৰাই যাব নে ? দেশৰ ৰাষ্ট্ৰপতিৰ আগমনক লৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কাপ্টানী পথসমূহৰ গছ-গছনি, বিজুলী বাতি আৰু ষ্ট্রীট লাইটৰ পােষ্টসমূহতহে ৰং বােলাইছে তেনে নহয়, পথৰ ঠায়ে ঠায়ে থকা সৰু-ডাঙৰ সকলাে গাঁত ইমূৰৰ পৰা সিমূৰলৈ সমান কৰি আহিছে ।
প্রশাসনৰ এনে তৎপৰতা দেখি জালুকবাৰী অট’ ষ্টেণ্ডৰ এজন অট’চালক ৰমেন তালুকদাৰে কয়, ‘আমি মনে-প্রাণে প্রার্থনা কৰিছাে, ৰাজ্যৰ ৰাজধানী গুৱাহাটী চহৰখনক চিৰ যৌৱনা কৰি ৰাখিবলৈ প্রতি মাহতে ৰাষ্ট্রপতি, উপ-ৰাষ্ট্রপতি, প্রধানমন্ত্রী অথবা আন আন দেশৰ মুৰব্বীৰ আগমন হওক।
এই আগমন মহানগৰীতে সীমাবদ্ধ নহৈ ৰাজ্যৰ আন আন ঠাইলৈ সম্প্রসাৰণ হওক। সকলােৰে সম উন্নয়ন হ’ব ।’