প্ৰবল বৃষ্টিপাত বুজাবলৈ ইংৰাজীত এশাৰী বাক্য ব্যৱহাৰ কৰা হয়— ‘ইটছ ৰেইনিং কেটছ এণ্ড ডগছ’ । কথাষাৰ সাংকেতিক । সঁচাকৈ বৰষুণৰ লগত কুকুৰ মেকুৰীৰ দৰে কোনো জীৱ মাটিত নপৰে । কিন্তু তেলেংগানাত শনিবাৰে বৰষুণৰ টোপালৰ পৰিৱৰ্তে আকাশৰ পৰা পৰিল মাছ । ঘটনাত একপ্ৰকাৰ হতভম্ব তেলেংগানাবাসী । অৱশ্যে মাছ বৃষ্টিত তিতি তেওঁলোকক বাটিত মাছ ধৰাও দেখিবলৈ পোৱা যায় ।
তেলেংগানাৰ জাগিতাল চহৰত ছাইনগৰত শুকুৰ আৰু শনিবাৰে — দুদিন এই মাছ বৃষ্টি হৈছে । অৱশ্যে বতৰ বিজ্ঞানীসকলে জনাইছে বিৰল হ’লেও এই ঘটনা অস্বাভাৱিক নহয় । আকাশৰ পৰা কেৱল মাছে নহয়, ভেকুলী আনকি কেঁকোৰা বৃষ্টিও হ’ব পাৰে ।
Residents of Jagtial town in #Telangana witnessed a rare weather phenomenon as fish ‘rain’ from the sky. The phenomenon, known as 'animal rain',
happens when small water animals such as frogs, crabs or small fish are swept into water spouts. #Telanganafloods pic.twitter.com/JN9P1fzG5C— Ashish (@KP_Aashish) July 10, 2022
দুর্যোগ পৰিস্থিতিত বহু সময়তেই সমুদ্র বা বৃহৎ জলক্ষেত্রৰ পৰা টর্নেড’ৰ দৰে জলস্তম্ভ সৃষ্টি হয় । এই জলস্তম্ভই জলজ প্রাণীক টানি মেঘৰ ওপৰলৈ লৈ যায় । যি পাছত বৰষুণৰ দৰে সৰি পৰে ।
তেলেংগানাৰ এই বৰষুণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, তাত দেখা গৈছে আকাশৰ পৰা মাছ পৰি মাটিত ধৰফৰাই আছে । সেই মাছ কাঁহীত সংগ্রহো কৰিছে এজন ব্যক্তিয়ে ।