Philippines flood :  ফিলিপাইনছত প্ৰচণ্ড বৃষ্টিপাত আৰু বানপানীত মৃত্যু ৯৮ সন্ধানহীন অৰ্ধ শতাধিক

4332aa31 afe1 46c8 8921 b3a507782350

Philippines flood :

ফিলিপাইনছত যোৱা শুক্ৰবাৰৰ পৰা অব্যাহত থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত হোৱা বানপানী আৰু ভুতৰ ওপৰত দানহ পৰাৰ দৰে ভূমিস্খলনত মৃত্যু হৈছে প্ৰায় ৯৮ জনকৈ লোক ৷

নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ৫৮ গৰাকী লোক চিনাক্ত হোৱাৰ বিপৰীতে ৪০ গৰাকী লোক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে ৬৯ জন লোক আহত হোৱাৰ লগতে ৬৩ জন লোক এতিয়ালৈ নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

দেশখনৰ অস্বাভাৱিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মাগুইণ্ডানাও, নভেলটা,দক্ষিণ দ্বীপ মিন্দানাও সহ কেইবাখনো প্ৰদেশত প্ৰলংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ আবাসী আৰু ব্যৱসায়িক অঞ্চল সমূহত এবুকু পৰ্যন্ত পানী ৷ উল্লেখযোগ্য যে ১৭টা অঞ্চলৰ ৩১,৯৪২ খন গাঁৱৰ ১,৮১২,৭৪০ জন লোকৰ ৫ লাখ ৭৫ হাজাৰ ৭২৮ টা পৰিয়াল ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷


ফিলিপাইনৰ উপকূলৰক্ষী বাহিনীয়ে ফেচবুকত ফটো পোষ্ট কৰিছিল ৷য’ত দেখা গৈছিল যে ইয়াৰ কৰ্মচাৰীসকল মিন্দানাওৰ মাগুইন্দানাও ডেল নৰ্টপ্ৰদেশৰ বিধ্বস্ত কুচিয়াং গাঁৱত আছে তাত ডাঠ বোকা আৰু পানীৰ মাজেৰে উপঙি আছে মৃতদেহবোৰ ৷ মৃতদেহৰ সন্ধানত দীঘল কাঠৰ টুকুৰা ব্যৱহাৰ কৰিছে সেনাই।
ফিলিপাইনছ সেনা বাহিনী আৰু দুৰ্যোগ প্ৰশমন বিভাগে তৎপৰতাৰে বানত আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

ৰাজধানী মানিলাৰ দক্ষিণে থকা নভেলেটা পৌৰসভাৰ অন্তৰ্গত আৱাসীসকলে তেওঁলোকৰ আচবাব আৰু অন্যান্য সামগ্ৰী সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে বাসগৃহত আৱদ্ধ পানী উলিওৱাত ব্যস্ত হয় ৷

৫৫ বছৰীয়া জোচেলিটো ইলানোৱে কয়, “মোৰ গোটেই জীৱনটোত আমি প্ৰথমবাৰৰ বাবে এনে ধৰণৰ বানপানীৰ অভিজ্ঞতা লাভ কৰিছো,” মোৰ গোটেই ঘৰটোত এককাল পৰ্যন্ত পানীয়ে প্লাৱিত কৰে। আনহাতে ৭১ বছৰীয়া পাৰফিডিয়া চেগুয়েণ্ডিয়া আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ চুবুৰীয়াৰ দুমহলীয়া ঘৰলৈ পলাই যোৱাৰ সময়ত তেওঁলোকে পিন্ধি থকা কাপোৰৰ বাহিৰে তেওঁলোকৰ সকলো সামগ্ৰী হেৰুৱাইছিল। “সকলো বোৰ প্লাৱিত হৈছিল – আমাৰ ফ্ৰিজ, ৱাছিং মেচিন, মটৰচাইকেল, টিভি ৷ আমি একো বচাব পৰা নাছিলো, কেৱল আমাৰ জীৱন বচাই ছিলো।”

ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে সোমবাৰে নভেলেটাকে ধৰি কিছুমান বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি স্থানীয় প্ৰাদেশিক চৰকাৰৰ সমুহক পীড়িতসকলক পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী আৰু খোৱা পানী বটল বিতৰণৰ নিৰ্দেশ দিয়ে ৷

ৰাষ্ট্ৰপতি মাৰ্কোছে কৈছিল যে নভেলেটাত প্ৰাৰম্ভিক স্থানান্তৰে জীৱন ৰক্ষা কৰিছিল। তেওঁ কয়, “যদিও দুৰ্যোগটো যথেষ্ট আছিল, হতাহতৰ সংখ্যা সিমান বেছি নাছিল, যদিও আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে।” ইপিনে বতৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে পৃথিৱীখন গৰম হোৱাৰ লগে লগে মাৰাত্মক আৰু ধ্বংসাত্মক ধুমুহা অধিক শক্তিশালী হৈ উঠিছে।

আনপিনে ফিলিপাইনছ বিমান পৰিবহণ বিভাগে বহু বিমান সেৱা বেয়া বতৰৰ বাবে বাতিল কৰিছে৷ইযাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী আৱদ্ধ হৈ পৰিছে মানিলা বিমান বন্দৰত ।

উল্লেখ্য বুধবাৰৰ পৰা ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহাই ফিলিপাইনছৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলবোৰত বেয়াকৈ প্ৰভাৱিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে দেশখনৰ বতৰ বিজ্ঞান বিভাগে ।

মনকৰিবলগীয়া যে বিগত বছৰবোৰত ফিলিপাইনছত ধুমুহাৰ ফলত সৃষ্টি হোৱা আটাইতকৈ ভয়ংকৰ বিপদবোৰৰ ভিতৰত ভূমিস্খলন আৰু আকস্মিক বানপানী মুখ্যতঃ বনাঞ্চলৰ পৰা উদ্ভৱ হৈছে বুলি ধাৰণা কৰিছে চৰকাৰে।

Exit mobile version