Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা

    Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

    Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

    Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

    Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

    Saraighat Suicide: শৰাইঘাট দলঙত পুনৰ অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Tea Garden Worker’s agony: দুখ আৰু দৰিদ্ৰতাৰ সৈতেই সহৱস্থান নগাঁও জিলাৰ ৪৪খন চাহ বাগিচাৰ হেজাৰ হেজাৰ  শ্ৰমিকৰ

বাগিছাৰ শ্ৰমিকক যোগান ধৰা হোৱা নাই প্ৰয়োজনীয় সামগ্ৰী 

publisher by publisher
November 10, 2022
in Assam, News
Reading Time: 2 mins read
0
Nagaon Tea Garden Worker’s agony: দুখ আৰু দৰিদ্ৰতাৰ সৈতেই সহৱস্থান নগাঁও জিলাৰ ৪৪খন চাহ বাগিচাৰ হেজাৰ হেজাৰ  শ্ৰমিকৰ

Nagaon Tea Garden.Workers

1
SHARES
9
VIEWS
ShareShareShareShare

Nagaon Tea Garden Worker’s agony: কোটি কোটি টকাৰ বকেয়া অনাদায়

:  চৰকাৰী বঞ্চনা,বাগিচা কৰ্তৃপক্ষৰ শোষণ আদিৰ পৰিপ্ৰেক্ষিতত সীমাহীন দুখ-দাৰিদ্ৰতা আৰু অপ্ৰাপ্তিৰ বেদনাৰ মাজেৰেই দিন অতিবাহিত কৰিব লগা হৈছে নগাঁও জিলাৰ  বিভিন্ন প্ৰকাৰৰ ৪৪খন চাহ বাগিছাৰ হেজাৰ হেজাৰ শ্ৰমিকে।

ADVERTISEMENT
ফলত জিলা খনৰ এই চাহ শ্ৰমিক সকলে স্বাধীনতাৰ সুদীৰ্ঘ ৭৫বছৰৰ পাছতো এক দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে। অতি পৰিতাপৰ বিষয়যে,প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল সমূহৰ বাবে অতি আদৰৰ আৰু মূল্যৱান হৈ পৰা এই চাহ শ্ৰমিক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধিকাংশ আঁচনিয়েই ভালকৈ স্পৰ্শ কৰিব পৰা নাই।
 উল্লেখ্য যে,নগাঁও জিলাত মুঠ ৪৪ খন চাহ বাগিচা আছে।ইয়াৰে আমলখি, ডিজুভেলী আৰু লুংচূং চাহবাগিচা অসম চৰকাৰৰ  অসম চাহ কোম্পানীৰ অধীণস্থ মূল বাগিচা।ইয়াৰে ডিজুভেলীৰ শাখা বাগিচা হৈছে গুটিবাৰী,আমলখিৰ ৰঙাগড়া । আনহাতে লুংচুং চাহ বাগিচাৰ শাখা বাগিচা হৈছে বালিজুৰি আৰু চাপানলা।
আনহাতে, শাকমুঠি, ননৈ আৰু কেলিডেন চাহবাগিচা তিনিখন টাটা কোম্পানীৰ অধীনস্থ। আনহাতে কন্দলী চাহ বাগিছা খন অসম কোম্পানীৰ অধীনস্থ মূল বাগিছা।জিলা খনৰ মুঠ ৪৪  চাহ বাগিচাত কৰ্মৰত স্থায়ী শ্ৰমিকৰ সংখ্যা প্ৰায় ২৫ হেজাৰ।আনহাতে চাহ বাগিচা সমূহত অস্থায়ী শ্ৰমিকৰ সংখ্যা প্ৰায় ৩৫ হেজাৰ।
কিন্তু এই অস্থায়ী শ্ৰমিক সকলৰ প্ৰায় ১৫হেজাৰ শ্ৰমিকে বাগিচাত কাম কৰে যদিও আন ২০হেজাৰ শ্ৰমিকেই পথ নিৰ্মাণ,শিলৰ কুঁৱেৰী,ইটা ভাটা,ৰাজ মিস্ত্ৰী,কাঠ মিস্ত্ৰী,দিন হাজিৰা কৰা শ্ৰমিক হিচাপে বিভিন্ন ঠাইত কাম কৰি জীৱন নিৰ্বাহ কৰিব লগা হয়।
tea garden
tea garden
স্মৰ্তব্য যে, চাহ বাগিচাত কাম কৰা অস্থায়ী শ্ৰমিকক সকল মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত ন মাহ পৰ্যন্ত কামত নিয়োগ কৰা হয়।
 ইপিনে , জিলা খনৰ আটাইকেইখন চাহ বাগিচাতেই প্ৰতি পদে পদে শ্ৰমিক আইনক উলংঘা কৰি থকা হৈছে ।শ্ৰমিকৰ কল্যাণৰ নামত চৰম প্ৰহসন হোৱাৰ বিপৰীতে শোষণৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে।যিটো সময়ত দিন হাজিৰা কৰা সাধাৰণ শ্ৰমিকৰ মজুৰিও পাঁচশ টকা পৰ্যন্ত হৈছেগৈ সেই সময়তো নগাঁৱৰ চাহ বাগিচা সমূহত কৰ্মৰত চাহ শ্ৰমিক সকলক দৈনিক মাত্ৰ ২০৫টকাৰ পৰা ২৩২  টকাৰ মজুৰিত  কামত খটুৱাই থকা হৈছে।
ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি এই পৰ্যন্ত কাৰ্যকৰী হোৱা নাই। তাৰোপৰি জিলা খনৰ আটাইবোৰ চাহ বাগিচাতেই শ্ৰমিক আইনক আংগুষ্ঠ প্ৰদৰ্শন কৰি দৰিদ্ৰ চাহ শ্ৰমিক সকলক নিতৌ পুৱা ৮বজাৰ পৰা বিয়লি ৪বজা পৰ্যন্ত দৈনিক ৮ ঘন্টাকৈ সময় কামত খটুওৱা হয়।
ইপিনে,জিলা খনৰ চাহ বাগিচাৰ শ্ৰমিক সকলৰ অধিকাংশই বৃহৎ পৰিমাণৰ ধন বকেয়া হিচাপে পাবলৈ বাকী আছে যদিও আজি পৰ্যন্ত ফুটা কড়ি এটাও লাভ কৰা নাই।তাৰোপৰি, জিলা খনৰ অসংখ্য চাহ শ্ৰমিকে অৱসৰৰ কেইবা বছৰৰ পাছতো প্ৰভিডেন্ট ফাণ্ড আৰু গ্ৰেছুইতিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ পোৱা গৈছে।
অথচ শ্ৰমিক আইন অনুসৰি, কোনো এজন শ্ৰমিকৰ অৱসৰৰ মাত্ৰ তিনি মাহৰ ভিতৰতে এই ধন আদায় দিব লাগে।
এই সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি শুকদেৱ নায়কে আজি “দৈনিক অগ্ৰদূত”ক কয়-নগাঁও জিলাত ৪৪খন চাহ বাগিচা আছে।ইয়াৰে তিনি খন যেনে আমলখি,ডিজুভেলী,লুংচুং অসম চাহ কোম্পানীৰ বাগিচা আছিল। চৰকাৰে কোনোবা বেজবৰুৱাক বাগিচা কেইখন বিক্ৰী কৰিছে। কিন্তু অসম চৰকাৰৰ অধীনস্থ এই চাহ বাগিচাৰ শ্ৰমিক সকলক বাগিচা কৰ্তৃপক্ষই বিগত ২০০৫ৰ পৰা ২০২১ৰঅক্টোবৰ মাহ পৰ্যন্ত প্ৰায় ৮২কোটি টকাৰ বকেয়া আদায় দিবলৈ বাকী আছে।ইয়াৰ ভিতৰত আছে শ্ৰমিকে বছৰ বছৰ ধৰি নোপোৱাকৈ থকা প্ৰভিডেন্ট ফাণ্ড,বোনাচ,ৰেচন,ছুটী, সামগ্ৰী আদিৰ ধন।
Tea Garden Workers
Tea Garden
নায়কে  কয়-চৰকাৰী আইন অনুসৰি,শ্ৰমিকক বকেয়া আদায় নিদিয়া পৰ্যন্ত বাগিচা বিক্ৰী কৰিব নোৱাৰে।আমি চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা নাই। বাগিচা যাকেই বিক্ৰী কৰে কৰক,তাত আপত্তি নাই।আমি কাম কৰি খোৱা মানুহ,আমি কামেই কৰি খাম।কিন্তু আমাৰ অনাদায় বিলাক প্ৰথমে আদায় দিয়ক। কোটি কোটি টকাৰ বকেয়া শ্ৰমিকক আদায় নিদিয়াৰ বাবেই বাগিচা ক্ৰয় কৰা গোস্বামীৰ মানুহ বাগিচাত প্ৰৱেশত শ্ৰমিকে বাধা প্ৰদান কৰি আছে।জিলা খনৰ অন্যান্য চাহ বাগিচাৰ মালিকেও শ্ৰমিকক কোটি কোটি টকাৰ বকেয়া আদায় দিবলৈ বাকী আছে।
চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি অভিযোগ তুলি নায়কে কয়-চৰকাৰে নিজেই প্ৰতিশ্ৰুতি দিছিল চাহ শ্ৰমিকৰ মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰিব বুলি। কিন্তু নগাঁও জিলাৰ চাহ বাগিচাৰ শ্ৰমিক সকলে আজিৰ দিনতো ২০৫টকাৰ পৰা ২৩২টকা মজুৰীত দৈনিক আঠ ঘন্টাকৈ কাম কৰি থাকিব লগীয়া হৈছে।ফলত চাহ শ্ৰমিক সকলে দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হ’ব পৰা নাই।
উল্লেখ্য যে,চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলক ছাতি, ত্ৰিপাল, দীঘল দা,চেণ্ডেল, এপ্ৰ’ন, আঁঠুৱা, কম্বল, খৰি,দা আদি যোগান ধৰিব লাগে যদিও নগাঁও জিলাৰ টাটা কোম্পানীৰ তিনি খন চাহ বাগিচাৰ বাহিৰে আন কোনো এখন চাহ বাগিচাৰ শ্ৰমিককে এই সামগ্ৰী সমূহ যোগান ধৰা নহয় বুলি জানিব পৰা গৈছে। অৱশ্যে চাহ শ্ৰমিকৰ নামত সংশ্লিষ্ট বিভাগৰ পৰা এই সামগ্ৰীসমূহ কাগজে কলমে যোগান ধৰি থকা হৈছে।
নগাঁও জিলাৰ আটাইবোৰ চাহ বাগিচাৰ শ্ৰমিকেই বাগিচা কৰ্তৃপক্ষৰ পৰা পাব লগীয়া আৱাস গৃহৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হৈছে।শ্ৰমিক আইন অনুসৰি, বাগিচা কৰ্তৃপক্ষই চাহ বাগিচাৰ স্থায়ী শ্ৰমিক সকলৰ বাবে আৱাসগৃহৰ সুব্যৱস্থা কৰি দিব লাগে।চাহ বাগিচাত কৰ্মৰত স্থায়ী শ্ৰমিক সকলৰ বাবে বছৰি আঠটাকৈ আৱাসগৃহ নিৰ্মাণ কৰি দিব লাগে।
কিন্তু জিলা খনৰ চাহ শ্ৰমিক সকলৰ অধিকাংশই পঞ্চাশ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা আৰু বৰ্তমান মেৰামতিৰ অভাৱত জহি খহি উৱলি যোৱা আৱাস গৃহতেই বসবাস কৰি থাকিব লগীয়া হৈছে।
আনহাতে আন একাংশই নিজেই সেই আৱাসগৃহ মেৰামতি কৰি লোৱাৰ উপৰিও কাষতে অতিৰিক্ত কোঠা নিজা খৰচত নিৰ্মাণ কৰি লোৱা পৰিলক্ষিত হৈছে। শ্ৰমিক আইন অনুসৰি বাসগৃহৰ ব্যৱস্থা কৰি দিব নোৱাৰা চাহ শ্ৰমিক সকলক কৰ্তৃপক্ষই ঘৰভাড়াৰ ধন পৰ্যন্ত আদায় দিব লাগে।কিন্তু নগাঁও জিলাৰ ৪৪ খন চাহ বাগিচাৰ হেজাৰ হেজাৰ স্থায়ী শ্ৰমিকে এতিয়া জৰাজীৰ্ণ জুপুৰিতহে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে।

RelatedPosts

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

Nalbari : নলবাৰীত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত দেশৰ দীৰ্ঘ উচ্চতাৰ শিৱ মুৰ্তি

Guwahati Pollution : গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ !

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamAssam Tea GardenNagaonTea Worker
publisher

publisher

Related Posts

Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা
International

February 8, 2023
Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ
International

Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

February 8, 2023
Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড
Assam

Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

February 8, 2023
Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত
Assam

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

February 8, 2023
Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !
Assam

Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

February 8, 2023
Saraighat Suicide: শৰাইঘাট দলঙত পুনৰ অঘটন !
Assam

Saraighat Suicide: শৰাইঘাট দলঙত পুনৰ অঘটন !

February 7, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: