Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ

    Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

    Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

    Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

    Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

NRC : কেন্দ্ৰৰ কৌশলী স্থিতিত বহুচৰ্চিত এন‌আৰচিক লৈ অব্যাহত বিভ্ৰান্তি

samimsultana by samimsultana
November 11, 2022
in India, Assam, News
Reading Time: 1 min read
0
NRC : কেন্দ্ৰৰ কৌশলী স্থিতিত বহুচৰ্চিত এন‌আৰচিক লৈ অব্যাহত বিভ্ৰান্তি
8
SHARES
83
VIEWS
ShareShareShareShare

NRC :

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা ২০২১-২২ বৰ্ষৰ প্ৰতিবেদনত অসমৰ বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন‌আৰচি)ৰ প্ৰসংগত চৰকাৰৰ কোনো স্থিতি স্পষ্ট নকৰাকৈ প্ৰকাৰান্তৰে ইয়াক মান্যতা প্ৰদানৰ কৌশলী স্থিতি গ্ৰহণ কৰাৰ ই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ২০১৯ত দিয়া এক ৰায়ত স্পষ্টভাৱে উল্লেখ কৰিছিল যে তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলাই এন‌আৰচিৰ পৰিপূৰক তালিকাহে প্ৰকাশ কৰিব; কিন্তু তালিকা প্ৰকাশৰ দিনা অনুষ্ঠিত সংবাদমেলত হাজেলাই ইয়াক চূড়ান্ত এন‌আৰচি বুলি ঘোষণা কৰে । হাজেলাৰ প্ৰস্থানৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এন‌আৰচিৰ পৰৱৰ্তী সমন্বয়কজনলৈ বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰি পৰিপূৰক তালিকাখনকে চূড়ান্ত এনআৰচিৰূপে মানি ল’বলৈ হেঁচা আৰোপ কৰিছিল ।

RelatedPosts

NRC: অৱশেষত এনআৰচিক মান্যতা কেন্দ্ৰৰ

CAA-NRC : এনআৰচি সন্দৰ্ভত মুখ্য ন্যায়াধীশক পত্ৰ

পেলনীয়া কাগজত পৰিণত এন‌আৰচি

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত সক্ৰিয় এচাম আমোলাই হাজেলাৰ পক্ষ গ্ৰহণ কৰি বিদেশীৰ নাম সন্নিবিষ্ট বুলি অভিযোগ উঠা এন‌আৰচিখনকে চূড়ান্ত এনআৰচিৰ মৰ্যাদা দিয়াৰ চেষ্টা চলাইছিল । এই সন্দৰ্ভত এনআৰচিৰ বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতীম মজুমদাৰে ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে এনআৰচি প্ৰস্তুত কৰা আইন আৰু বিধিসমূহত স্পষ্টভাৱে উল্লেখ কৰা আছে যে ভাৰতৰ মহাপঞ্জীয়কেহে চূড়ান্ত এনআৰচি প্ৰকাশ কৰিব পাৰিব ।

ৰাজ্যখনত চলা কুচকাৱাজৰ অন্তত এনআৰচিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়কে প্ৰথমতে আংশিক খচৰা প্ৰকাশ কৰা বুলি মন্তব্য কৰি মজুমদাৰে কয় যে খচৰাৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকক তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে উপযুক্ত নথিপত্ৰ দাখিল কৰি পুনৰ আবেদন কৰাৰ সুযোগ দিয়া হৈছিল । ইয়াৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল দ্বিতীয়খন পৰিপূৰক খচৰা তালিকা ।

তেওঁ কয় যে বৰ্তমান বিভিন্ন পক্ষই কৈ থকা চূড়ান্ত এনআৰচি নামৰ তালিকাখন প্ৰকৃততে পৰিপূৰক খচৰা তালিকাহে । এনআৰচি প্ৰকাশৰ অধিকাৰ সমন্বয়কৰ নহয়, ভাৰতৰ মহাপঞ্জীয়কৰহে আছে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

ইফালে, এনআৰচিৰ ৰাজ্যিক কাৰ্যালয়টোৰ প্ৰসংগত মজুমদাৰে কয় যে সম্প্ৰতি কাৰ্যালয়টোত ঠিকাভিত্তিত নিযুক্ত চাৰিজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ উপৰি আঠজন ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰী আছে । ৰাজ্যিক সমন্বয়কৰ বাদে এন‌আৰচিৰ কাৰ্যালয়ত কোনো নিয়মীয়া চৰকাৰী কৰ্মচাৰী নাই বুলি সদৰী কৰি মজুমদাৰে এই কথাও কয় যে এনআৰচিৰ কাৰ্যালয়ৰ নামত যিহেতু ডাটা চেণ্টাৰটোহে আছে, সেয়েহে এই ছাৰ্ভাৰখিনি উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰ মাজত সংৰক্ষণ কৰাৰ উদ্দেশ্যে অহা মাৰ্চৰ ভিতৰত এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়টো বৰ্তমানৰ ভঙাগড়ৰ পৰা জনতা ভৱনলৈ স্থানান্তৰ কৰা হ’ব । যিহেতু কাৰ্যালয়টোত থকা নথিপত্ৰ তথা ছাৰ্ভাৰসমূহ উপযুক্ত নিৰাপত্তাৰ মাজত ৰখাটোহে মূল কাম, সেয়েহে ইতিমধ্যে চৰকাৰৰ স’তে যোগাযোগ কৰা হৈছে আৰু দিছপুৰলৈ কাৰ্যালয়টো স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে নিয়ম মতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ দৰমহা ভাৰত চৰকাৰে বহন কৰিব লাগে যদিও কেন্দ্ৰই পুঁজি মোকলাই নিদিয়াত সম্প্ৰতি ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীকেইজনক ৰাজ্য চৰকাৰে দৰমহা আদায় দি আছে ।

এনআৰচিক লৈ আমি সুখী নহয়, পুনৰীক্ষণ বিচাৰি ন্যায়ালয়ত আবেদন জনাইছো : সমুজ্জ্বল

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ স’তে আৰম্ভণিৰে পৰা জড়িত হৈ থকা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০টাকৈ জনজাতীয় সংগঠনেও সন্তুষ্ট নহয় বৰ্তমানৰ এনআৰচিখনক লৈ । আছুৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এনআৰচিৰ প্ৰসংগত ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ মাজভাগত প্ৰকাশ কৰা প্ৰথমখন খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল । ইয়াৰে ভিতৰত কিছুসংখ্যক স্বদেশীৰ নামো আছিল ।

‘স্বাভাৱিকতে এই পৰিসংখ্যা দেখি আমি সকলোৱে আশা কৰিছিলো যে চূড়ান্ত এনআৰচিখন ইয়াতকৈ আৰু অধিক গ্ৰহণযোগ্য হ’ব । খচৰা প্ৰকাশ কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত কৈছিল যে আমাৰ সাহস আছে, আমি কৰি দেখুৱালো । আনকি তদানীন্তন মুখ্যমন্ত্ৰীয়েও এনআৰচিখনক ঐতিহাসিক দলিল আখ্যা দিছিল ।’ এইদৰে মন্তব্য কৰি আছুৰ মুখ্য উপদেষ্টাজনে পুনৰ কয় যে খচৰা প্ৰকাশৰ পাছত চূড়ান্ত তালিকা প্ৰস্তুতিৰ সময়লৈ এনআৰচি কতৃৰ্পক্ষই কাম-কাজখিনি নিয়াৰিকৈ কৰাত ব্যৰ্থ হৈছিল । তেওঁলোকে আন্তৰিকতাৰে কাম নকৰাৰ ফলত অসমবাসীয়ে এখন বাংলাদেশীমুক্ত এনআৰচি লাভৰ পৰা বঞ্চিত হ’বলগীয়া হয় ।

ভট্টাচাৰ্যই স্পষ্টভাৱে কয় যে এই পৰিপূৰক এনআৰচিখনক লৈ সদৌ অসম ছাত্ৰ সন্থা মুঠেও সুখী নহয়, ইয়াত যথেষ্ট ত্ৰুটি ৰৈ গৈছে । সেয়েহে এনআৰচিখন পুনৰীক্ষণ হ’ব লাগে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰেও প্ৰথম অৱস্থাত বৰ্তমানৰ এনআৰচিখন বাংলাদেশীমুক্ত নহয় বুলি মন্তব্য কৰি আহিছিল যদিও কোনো এখন চৰকাৰে লিখিত ৰূপত নিজৰ অসন্তুষ্টিৰ কথা ন্যায়ালয়ক জনোৱাৰ পৰা বিৰত আছে । গতিকে সদিচ্ছা থাকিলে দিল্লী আৰু দিছপুৰৰ চৰকাৰে এখন বাংলাদেশীমুক্ত এনআৰচি কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ক শপতনামা আকাৰে এই এনআৰচিখনৰ বিৰোধিতা কৰি স্থিতি অৱগত কৰিব লাগে বুলি আছুৰ মুখ্য উপদেষ্টাজনে মন্তব্য কৰে ।

চূড়ান্ত এনআৰচি নহয়, এইখন পৰিপূৰক তালিকাহে : হিতেশ দেৱশৰ্মা

২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন চূড়ান্ত নহয়, বৰঞ্চ এইখন পৰিপূৰক তালিকাহে আছিল বুলি আজি প্ৰকাশ কৰিছে এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই । আজি ‘দৈনিক অগ্ৰদূত’ৰ আগত দেৱশৰ্মাই এই প্ৰসংগত কয় যে ২০১৯ৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনাত কৈছিল যে তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলাই এখন পৰিপূৰক তালিকাহে প্ৰকাশ কৰিব; কিন্তু হাজেলাই ন্যায়ালয়ৰ কথা নুশুনি বাৰে বাৰে দাবী কৰিছিল যে দ্বিতীয়খন পৰিপূৰক তালিকাই চূড়ান্ত এনআৰচি বুলি । স্বাভাৱিকতে এনআৰচিখনক কেন্দ্ৰ কৰি ৰাইজৰ মাজত খু-দুৱনিৰ সৃষ্টি হৈছিল ।

দেৱশৰ্মাই পুনৰ কয় যে চূড়ান্ত এনআৰচি প্ৰকাশৰ অধিকাৰ ৰাজ্যিক সমন্বয়কৰ নাথাকে । আইন অনুসৰি চূড়ান্ত এনআৰচি প্ৰকাশ কৰিব পাৰে ভাৰতৰ মহাপঞ্জীয়কেহে । ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ কৰা এনআৰচিৰ পৰিপূৰক তালিকাখনক লৈ যিহেতু এতিয়াও ভাৰতৰ মহাপঞ্জীয়কে কোনো অধিসূচনা প্ৰকাশ কৰা নাই, গতিকে প্ৰকাশিত এনআৰচিএখন কোনোপধ্যে চূড়ান্ত নহয় । অৱশ্যে প্ৰথমজন ৰাজ্যিক সমন্বয়কে বৰ্তমানৰ এনআৰচিখনকে চূড়ান্ত এনআৰচি বুলি প্ৰতিপন্ন কৰিবলৈ দিল্লী মহলত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি দেৱশৰ্মাই মন্তব্য কৰে ।

বিদেশীৰে পৰিপূৰ্ণ এনআৰচিখনকে চূড়ান্ত ৰূপ দিবলৈ চেষ্টা চলালে কেন্দ্ৰই : অভিজিৎ

ৰাষ্ট্ৰজুৰি নাগৰিকপঞ্জী প্ৰৱৰ্তন কৰিবলৈ ওলোৱা কেন্দ্ৰীয় চৰকাৰে অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত লোৱা ভূমিকা মুঠেও সন্তোষজনক নহয় । এই মন্তব্য কৰিছে এনআৰচিক কেন্দ্ৰ কৰি দীৰ্ঘদিনে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই থকা আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই । বৰ্তমানৰ পৰিপূৰক এনআৰচিখনকে চূড়ান্ত এনআৰচি বুলি প্ৰতিপন্ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলাই অহাৰ প্ৰসংগত শৰ্মাই আজি কয় যে নাগৰিকপঞ্জীৰ পৰিপূৰক তালিকা প্ৰকাশ কৰা তিনি বছৰ হৈ গ’ল । এই তিনি বছৰৰ আঢ়ৈ বছৰে কেন্দ্ৰীয় চৰকাৰে এনআৰচি সঞ্চালকালয়ক বিদেশীৰ নামেৰে পৰিপূৰ্ণ নাগৰিকপঞ্জীখনকে চূড়ান্ত ৰূপ দিয়াৰ বাবে জোৰ দি থাকিল ।

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰত থকা প্ৰতীক হাজেলাপন্থী আমোলাৰ প্ৰভাৱ লক্ষ্যণীয় বুলি মন্তব্য কৰি শৰ্মাই কয় যে ৰাজ্য চৰকাৰেও বিগত তিনিটা বছৰে নাগৰিকপঞ্জীৰ পুনৰীক্ষণ বিচাৰে বুলি মৌখিকভাৱে কৈ আছে যদিও আজিলৈকে উচ্চতম ন্যায়ালয়ত কোনো শপতনামা দাখিল নকৰিলে । আনকি নাগৰিকপঞ্জীৰ উন্নীতকৰণত হোৱা কে’বাশ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ সম্পৰ্কতো চৰকাৰে কোনো ব্যৱস্থা নল’লে বুলি আক্ষেপ প্ৰকাশ কৰে এপিডব্লিউৰ সভাপতিজনে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Abhijit SarmaHitesh DebsarmaNRCSamujjal Kumar Bhattacharya
samimsultana

samimsultana

Related Posts

G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ
Assam

January 28, 2023
Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ
India

Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

January 28, 2023
Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ
Assam

kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

January 28, 2023
Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান
India

Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

January 28, 2023
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

January 28, 2023
Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান
Assam

Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: