Atul Bora : আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য কৰাই আমাৰ লক্ষ্য : অতুল বৰা

9d1f2c63 4fec 4484 99a3 1f0d7aafbdf5

Atul Bora :

আজি দৰং জিলাৰ মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত মঙলদৈ লোকসভা সমষ্টি ভিত্তিক দলীয় কৰ্মকতা সন্মিলনত সভাপতিত্ব কৰি বৰাই কয় যে অসম তথা উত্তৰ পূবাঞ্চলক লৈ কংগ্ৰেছৰ দৃষ্টিভংগী কোনো সলনি নহ’ল। জৱাহৰলাল নেহেৰুৰ পৰা বৰ্তমানৰ কংগ্ৰেছ সভাপতি মল্লিকা অৰ্জুন খৰ্গেলৈ একে দৃষ্টি ভংগীতে আছে কংগ্ৰেছ।

এই কংগ্ৰেছৰ পৰা অসম তথা উত্তৰ পূবাঞ্চলৰ উন্নয়নৰ কোনো আশা কৰিব নোৱাৰি। তেওঁ কয় যে অগপ বিজেপি দলৰে মিত্ৰতা আছে আৰু আগন্তুক দিনলৈ ই থাকিব।

দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাই আদৰণি ভাষণ দিয়া দলীয় কৰ্মকতা সন্মিলন খনত সভাপতি বৰাই আৰু কয় যে আন্দোলন দল সুকীয়া বিষয়।

অগপ কোনো ছাত্র সংগঠন নহয় ই এটা ৰাজনৈতিক দলহে বুলি তেওঁ কয়। তেওঁ কয় যে কোনো এটা দল ক্ষমতাত থাকিল বুলিয়েই যোগ যোগান্তৰলৈ ক্ষমতা নাথাকে। সেয়া আমাক ইতিহাসে কৈছে।

দুবাৰকৈ ক্ষমতাত থকা আমাৰ দলটোৱে ১২৬ খন আসনৰ ভিতৰত ন খনত বিজয়ী হৈছোঁ। সেয়েহে কোনোবাই সমালোচনা কৰিলেও আমি এখোজ আগুৱাই এখোজ পিছুৱাই পৰিৱৰ্তিত পৰিস্থিতিৰ স’তে আগুৱাই যাব বিছাৰিছো।

আমাৰ দলৰ বহু নেতা ইতিমধ্যে আঁতৰি গৈছে, কেৱল তৃণমূল কৰ্মীয়েহে আমাৰ দলটো ধৰি ৰাখিছে। সেয়েহে তৃণমূল কৰ্মীৰ ওপৰতে আমি নিৰ্ভৰ কৰি চলিব লাগিব। সভাপতি বৰাই যিকোনো মূহুৰ্ততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব পাৰে বুলি কৈ পঞ্চায়ত নিৰ্বাচনলৈ দলীয় কৰ্মী সকলক সাজু হ’বলৈ আহবান জনায়।

উল্লেখ্য যে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ, কলাইগাওঁ, ছিপাঝাৰ, দলগাঁও, নলবাৰী ৰঙিয়া, কমলপুৰ, পানেৰী, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ অগপৰ বিধান পৰিষদৰ দলীয় কৰ্মকতা সকলৰ উক্ত সন্মিলনত অংশগ্ৰহণ কৰি দলৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে অগপ দলটো এতিয়া এটা শক্তিশালী ৰাজনৈতিক দল।

ই সদায়েই অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰি যাব। দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখনত দলটিৰ ন জন নিৰ্বাচিত বিধায়কৰ লগতে প্ৰাক্তন মন্ত্ৰী ডঃ জয়নাথ শৰ্মা, মহেন্দ্ৰ মোহন ৰায় চৌধুৰী, দলৰ উপসভাপতি মনোজ শইকীয়া সুনীল ডেকাৰ লগতে অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, দলৰ কৃৰ্ষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, কেন্দ্ৰীয় নেতা অতুল গোস্বামী, ৰমেশ ডেকাই অংশগ্ৰহণ কৰে।

উল্লেখ্য যে বিজেপি দলৰ দখলত থকা মঙলদৈ লোকসভা সমষ্টিটো আগন্তুক নিৰ্বাচনত অগপ দলক এৰি দিবলৈ তৃণমূল কৰ্মী সকলে দাবী কৰিছে।

দুবাৰকৈ অগপৰ সাংসদৰ দখলত থকা মঙলদৈ লোকসভা সমষ্টিটো পুনৰ অগপ দলে দখল কৰিব পাৰিব বুলি তৃণমূল কৰ্মী সকলে দাবী কৰা বিষয়টো তাৎপৰ্য বহন কৰিছে।

আনহাতে মঙলদৈ বিধানসভা আৰু কলাইগাওঁ বিধানসভা সমষ্টিৰ কিছু অংশ লৈ গঠিত মুদৈবৰী বিটিচি পৰিষদীয় সমষ্টিটো অগপ দলক এৰি দিবলৈ মিত্ৰ বিজেপি দলক আহবান জনাইছে অন্যাৰ্থ মুদৈবৰী সমষ্টিত অগপই নিজাববীয়াকৈ প্ৰতিদন্দিতা কৰি হলেও সমষ্টিটো দখল কৰিব বুলি অধিকাংশ কৰ্মীয়ে দাবী উথাপন কৰে।

Exit mobile version