Assam Legislative Assembly Spl Session:
দিছপুৰৰ বাহিৰত ইতিমধ্যে ৰাজ্য কেবিনেটৰ কে’বাখনো বৈঠক অনুষ্ঠিত কৰাৰ পাছত এইবাৰ ৰাজ্যৰ ভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন ৷
ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে এতিয়াৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন ৷
সেই অনুসৰি প্ৰথম পদক্ষেপ হিচাপে বিধানসভাৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কোকৰাঝাৰত ৷
যোৱাকালি অন্ত পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰটো দিনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনত কয় যে, বিধানসভা খন ৰাজ্য কাষলৈ লৈ যোৱাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে ৷
দিছপুৰতে সীমাবদ্ধ নাৰাখি পৰ্যায়ক্ৰমে আন আন জিলা বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব ৷ আগন্তুক বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব কোকৰাঝাৰত ৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়েও ৰাজধানী বাহিৰত অধিৱেশন আয়োজনৰ ক্ষেত্ৰত ইতিবাচক সহাৰী জনাইছে বুলি সদনত উল্লেখ কৰে ৷