MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

goat2

MP Umaria Unique Goat Price Is One Crore:

এটা ছাগলীৰ মূল্য বৰ বেছি কিমান হ’ব পাৰে ? পাঁচ-১০ হেজাৰ টকাৰ পৰা লাখটকীয়া বিশেষ প্ৰজাতিৰ ছাগলীৰ কথা আপোনাৰ নিশ্চয় জ্ঞাত

কিন্তু এটা ছাগলীৰ মূল্য এক কোটি টকা হোৱাতো কল্পনা কৰিব পাৰিব নে ? হয়, এক কোটি টকা মূল্য নিৰ্ধাৰণ কৰা হৈছে এটা ছাগলীৰ। মধ্য প্ৰদেশৰ এজন লোকে তেওঁৰ ঘৰত প্ৰতিপালন কৰা এটা ছাগলী এক কোটি টকাত বিক্ৰী কৰিব।

এই বাতৰিয়ে সম্প্রতি ৰাজ্যখনত বিশেষ চৰ্চা লাভ কৰিছে। মধ্য প্ৰদেশৰ ওমৰিয়া জিলাৰ নৌৰ ‘জাবাদৰ বিন্ধ্যা কলনীৰ বাসিন্দা মোহম্মদ ফাৰুকৰ ঘৰত এটা বিশেষ ছাগলী আছে।

এই ছাগলীৰ পেটত ইংৰাজীত ‘এম’ বুলি লিখা আছে। সেয়েহে ছাগলীটোক বিশেষ গণ্য কৰা হৈছে। সম্প্রতি এই ছাগলীটোৱে সামাজিক মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে ।

ফাৰুকৰ ঘৰত থকা ছাগলীৰ পেটত ‘এম’, লিখা থকাই নহয়, ইয়াৰ ডিঙিত উর্দু ভাষাত ‘মোহম্মদ’ বুলিও লিখা আছে । জন্মৰ পৰাই এই দুটা বিশেষ চিহ্ন ছাগলীৰ শৰীৰত আছে।

ছাগলীৰ গৰাকী ফাৰুকে কয় যে ইছলাম ধৰ্মীৰ বাবে মোহম্মদ এক অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ নাম। তদুপৰি পেটত ‘এম’ লিখা থকাটোও সমানে তাৎপর্যপূর্ণ

ফাৰুকৰ মতে, ছাগলীটোৱে যলৈকে যাব, প্ৰেম আৰু দয়া বৰ্ষণ কৰিব, কিয়নো ই প্ৰকৃততে আল্লাহৰ এক প্ৰতিনিধি। এই কাৰণতে ফাৰুকে ছাগলীটোৰ মূল্য এক কোটি টকা নিৰ্ধাৰণ কৰিছে। ছাগলীটোৰ ওজন ডেৰ কুইণ্টল আৰু ইয়াক বিশেষ যতনৰে ফাৰুকে প্রতিপালন কৰি আহিছে।

প্ৰতিদিনে ছাগলীটোক ভালদৰে স্নান কৰোৱাৰ লগতে খাবলৈ তাৰ প্ৰিয় খাদ্যৰ যোগান ধৰা হয় । ছাগলীটোৱে কোঠাৰ ভিতৰত বিছনাত নিদ্ৰা গ্ৰহণ কৰে।

ফাৰুকে কয় যে তেওঁৰ পৰা বহু লোকে ছাগলীটো ক্ৰয় কৰিব বিচাৰি যোগাযোগ কৰি আহিছে যদিও তেওঁ বিক্ৰী কৰা নাই। এজন ধনাঢ্য লোকে ছাগলীটোৰ বাবদ ৫০ লাখ টকা প্ৰদানৰো প্ৰস্তাৱ দিছিল বুলি দাবী কৰি ফাৰুকে কয় যে যদিহে কোনোবাই তেওঁক এক কোটি টকা দিয়ে তেন্তে তেওঁ উক্ত ব্যক্তিক ছাগলীটো অৰ্পণ কৰিব।

আঢ়ৈ বছৰীয়া ছাগলীৰ প্ৰতি পালনত দৈনিক বহু ধন ব্যয় কৰিব লগা হয় বুলিও ফাৰুকে দাবী কৰি কয় যে তেওঁ ছাগলীটোক কাজু, বুট, বাদাম, বিভিন্ন ফল খোৱাই আহিছে ৷

Exit mobile version