Guwahati Murder:মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড

নামাজৰ বাবে ওলাই যোৱা বৃদ্ধাক ৰডেৰে প্ৰহাৰ কৰি হত্যা

hatigaon murder

Guwahati Murder:

ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰ্যবেশিত হৈছে উত্তৰ পূবৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰ৷ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি অপৰাধীয়ে নিবিঘ্নে ইটোৰ পাছত সিটোকৈ কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷

মহানগৰ আৰক্ষীৰ অৱস্থা এনে পৰ্যায় পাইছেগৈ যে ‘আছে গৰু নেবায় হাল,হোৱাতকৈ নোহোৱাই ভাল ৷

বৃহস্পতিবাৰে পুৱতি নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷ হাতীগাওঁ থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগৰ ফ্ৰেণ্ডছ পথত তেজেৰে তুমৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় এজন বৃদ্ধৰ মৃতদেহ ৷

এই ঘটনাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃত লোকজনক জাভেদ আলী বুলি চিনাক্ত কৰা হয়। অসম চৰকাৰৰ গড় কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা জাভেদ আলী আহমেদ আজি পুৱতি নিশা নামাজৰ বাবে ঘৰৰ নিলগত থকা ফ্রেণ্ডছ নগৰ জামে মছজিদলৈ বুলি ওলাই গৈছিল ৷

কিন্তু পুৱাতে স্থানীয় লোকে ফ্রেণ্ডছ পথত মৃত অৱস্থাত উদ্ধাৰ কৰে বয়োজ্যেষ্ঠ জাভেদ আলী আহমেক ৷ ইয়াৰ পাছতে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত ৷ হত্যাকাণ্ডৰ বলি হোৱা আহমেদ ফ্রেণ্ডছ নগৰ জামে মছজিদৰ সভাপতি আছিল।

ইতিমধ্যে ঘটনাস্থলীত হাতীগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহৰ কাষতে উদ্ধাৰ কৰে তেজৰ দাগ থকা এডাল ৰ’ড ৷ সন্দেহ কৰা মতে,উল্লিখিত ৰডেৰেই বৃদ্ধ গৰাকীক হত্যা কৰিছিল দুৰ্বৃত্তই । মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল ।

আনহাতে আৰক্ষীয়ে ঘটনাস্থলীত থকা চি চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি প্ৰত্যক্ষ কৰে যে হত্যাকাণ্ডৰ সময়ছোৱাত দুজন সন্দেহজনক যুৱক আহযাহ কৰি আছিল ৷ আৰক্ষীয়ে স্নিফাৰ ডগ আনি কিবা শুংসূত্ৰ পাই নেকি তদন্ত আৰম্ভ কৰিছে ৷

একেদৰে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰিছে ৷
ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সৰবৰহী বয়োবৃদ্ধ গৰাকীক কি কাৰণত নৃশংসভাবে হত্যা কৰা হ’ল এই সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে  তদন্ত ৷

প্ৰাপ্ত খবৰ মতে,হত্যাকাণ্ডৰ তদন্তৰ বাবে মহানগৰ আৰক্ষী প্ৰশাসনে চি আই ডিক দিয়াৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, এই বছৰৰ পহিলাতে এই পথতে আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল ৷

Exit mobile version