Guwahati High Court Bar Association Pressmeet:গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰণৰ বিৰুেদ্ধে সৰৱ অধিবক্তা সন্থা

সংবাদমেলত চৰকাৰক সিদ্ধান্ত বাতিলৰ আহ্বান অধিবক্তা সন্থাৰ

guwahati high court bar association

Guwahati High Court Bar Association Pressmeet:

ঐতিহ্যমণ্ডিত গুৱাহাটী উচ্চ ন্যায়ালয় ভৱন বৰ্তমান স্থানৰ পৰা ২৩ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ ৰংমহল নামৰ ঠাইলৈ স্থানান্তৰিত কৰিবলৈ লোৱা চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰে ৷

সংবাদমেলত সন্থাৰ নেতৃবৰ্গই কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যোৱা ২৩ মে’ একাংশ চৰকাৰী বিষয়াৰ উপস্থিতিত নিজৰ কাৰ্যালয় কক্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ক ইয়াৰ বৰ্তমানৰ স্থানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ ৰংমহল নামৰ ঠাইলৈ স্থানান্তৰিত কৰিবলৈ এক সিদ্ধান্ত লয় ৷

মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তকতীব্ৰ বিৰোধিতা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই ৷ ৰাজ্যৰ আইনী সমুদায়ৰ লগতে বিভিন্ন অধিবক্তা সন্থাক আৰু প্ৰধান অংশীদাৰসকলক একেবাৰে আন্ধাৰত ৰাখি লোৱা এনে হঠাৎ সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে যোৱা জুন মাহৰ পৰা প্ৰতিবাদ চলি থকাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই আজিৰ সংবাদমেলত উচ্চ ন্যায়ালয়ক স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ পদক্ষেপক অদ্ভুত, অযুক্তিকৰ, একপক্ষীয় আৰু স্বৈৰাচাৰী বুলি আখ্যা দিয়ে।

ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ, কেন্দ্রীয় আইন মন্ত্ৰী আদিলৈ বিতং আপত্তি স্মাৰক প্ৰেৰণ কৰি ইতিমধ্যে ২৭ জুনত ধৰ্ণা ৰূপায়ণ কৰিছে বুলি উল্লেখ কৰি অধিবক্তা সন্থাই অনাগত দিনত তীব্ৰতৰ গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ সংকল্প প্ৰকাশ কৰিছে।

সন্থাই সংবামেলত সদৰি কৰি আৰু কয় যোৱা ২৩ মে’ত চৰকাৰে লোৱা সিদ্ধান্তৰ পিছত পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশ লগতে অসমৰ এডভোকেট জেনেৰেল আৰু কেইজনমান চৰকাৰী বিষয়াক লৈ এক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি ৰাজ্য চৰকাৰে একপক্ষীয়ভাৱে গ্ৰহণ কৰা অনুসৰণ ব্যৱস্থাৰ বিৰুদ্ধে অধিবক্তা সন্থাই ক্ষোভ প্ৰকাশ কৰে।

সংবাদমেলত অধিবক্তা সন্থাই স্পষ্ট কৰি দিয়ে যে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই চৰকাৰৰ সিদ্ধান্ত প্রতীয়মান সমৰ্থনত অধিবক্তা সন্থাৰ লগত কোনো আলোচনা নকৰাকৈয়ে দুজন ন্যায়াধীশক মনোনীত কৰিছিল।

উল্লেখ কৰা হয় যে মাত্ৰ দহ বছৰতকৈ কম সময় আগতে প্রায় এশ কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি নিৰ্মাণ কৰা পুৰণি উচ্চ ন্যায়ালয় ভৱনৰ বহুমহলীয়া নতুন ভৱন উদ্বোধন কৰা হৈছিল ।

এতিয়া আদালতৰ কক্ষ আৰু আনুষংগিক আন্তঃগাঁথনিৰ বাবে নক্সা আৰু অভ্যন্তৰীণ সজ্জাৰে নিৰ্মিত এই সংযোজিত ভৱনটো পৰিত্যাগ কৰাটো এক অযুক্তিকৰ পদক্ষেপ যি অধিবক্তা, গোছৰীয় পক্ষ আৰু জনসাধাৰণৰ স্বাৰ্থৰ বিৰোধী

প্ৰাক স্বাধীনতা যুগৰ পৰাই গুৱাহাটীত জিলা আৰু দণ্ডাধীশ আদালত চলি থকাৰ লগতে উচ্চ ন্যায়ালয়ত প্রথমে পুৰণি জিলা আদালত ভৱনৰ পৰা চলি আছিল আৰু পৰৱৰ্তী সময়ত ১৯৫৭ চনত পুৰণি উচ্চ ন্যায়ালয় ভৱনলৈ স্থানান্তৰিত কৰা হয় যাৰ স্থানীয় সৌন্দৰ্যৰ স্নেহ জনসাধাৰণৰ মনত ১৯৭৩-৭৪ ত কোনো দৃষ্টিভংগী নোহোৱাকৈ স্থাপন কৰা দিছপুৰ ৰাজধানী পৰিসৰতকৈ বহু বেছি।

আজিৰ সংবাদমেলত “উচ্চ ন্যায়ালয় নহয় দিছপুৰ ৰাজধানী পৰিসৰ স্থানান্তৰ কৰক”ৰ ওপৰত অধিবক্তা সন্থাই গুৰুত্ব আৰোপ কৰিছে।

সংবাদমেলত উল্লেখ কৰা হৈছে যে আইনী সমুদায়ৰ বাহিৰেও ‘গুৱাহাটী বচাওক, গুৱাহাটী নিৰ্মাণ কৰক’ আদি অৰাজনৈতিক সংগঠনেও নিৰপেক্ষ প্রাসংগিক বিবেচনাক, উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক মর্যাদাক আৰু তেনে স্বৈৰাচাৰী সিদ্ধান্তই অধিবক্তা, গোছৰীয় পক্ষ আৰু জনসাধাৰণৰ বাবে নিশ্চিতভাৱে সৃষ্টি কৰিবলগীয়া সমস্যাক আওকাণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত কৰাৰ বিৰুদ্ধে লোৱা সংকল্পক ইতিমধ্যে সমর্থন আগবঢ়াইছে।

সংবাদমেলত উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই কয় “এনে অবাস্তৱ আৰু একপক্ষীয় পদক্ষেপৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ আন সকলো অংশীদাৰ আৰু সাধাৰণ জনতাৰ মাজত উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই তীব্ৰ বিৰোধিতা বিয়পাই দিয়াৰ সংকল্প গ্ৰহণ কৰে ।

Exit mobile version