Opposition’s No-Confidence Motion Rejected In Lok Sabha:লোকসভাত খাৰিজ বিৰোধীৰ অনাস্থা প্ৰস্তাৱ

মণিপুৰৰ পৰিস্থিতিক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে উদ্থাপন কৰিছিল অনাস্থা প্ৰস্তাৱ, লোকসভাৰ পৰা নিলম্বন কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, শীঘ্ৰেই শান্তিৰ সূর্যোদয় হ'ব মণিপুৰত, ‘মই মণিপুৰৰ জনসাধাৰণক আহ্বান আৰু আশ্বাস দিছো : প্ৰধানমন্ত্ৰী মোদী

p m modi speech

Opposition’s No-Confidence Motion Rejected In Lok Sabha:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ বিপৰীতে প্ৰতিক্ৰিয়া স্বৰূপে ন বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হয়। লোকসভাই মঙলবাৰে অনাস্থা বিতৰ্কৰ আৰম্ভণি কৰে।

প্ৰায় ৪ মাহৰ পিছত সংসদলৈ উভতি অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে আলোচনাত অংশগ্ৰহণ কৰে । ২০ জুলাইত বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ পৰা মণিপুৰৰ হিংসাত্মক ঘটনাকে ধৰি কেইবাটাও বিষয়ত সংসদত এক  জোঁট হোৱা দেখা গৈছে।

বিতৰ্কৰ সময়ত কংগ্ৰেছ নেতাজনে মণিপুৰ ভ্ৰমণ আৰু ৰাজ্যখনত হিংসাৰ বলি হোৱা লোকসকলৰ সৈতে হোৱা বৈঠকৰ কথা উল্লেখ কৰি কয় যে ‘ভাৰত’ হৈছে দেশৰ জনসাধাৰণৰ কণ্ঠস্বৰ আৰু “মণিপুৰত কণ্ঠস্বৰ হত্যা কৰা হৈছিল”। সংসদৰ অনাস্থা প্ৰস্তাৱৰ বাবে একেলগে থাকক বিৰোধী।

ইয়ে হে লুট কি ডুকান, ঝুথ কা বজাৰ : প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছ সহ ইণ্ডিয়াক আক্ৰমণ কৰি উল্লিখিত মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয়, “মই কংগ্ৰেছৰ সমস্যাবোৰ বুজি পাওঁ। বহু বছৰ ধৰি, তেওঁলোকে বাৰে বাৰে এক ৰিজেক্ট সামগ্ৰী বিক্ৰী কৰি আহিছে। প্ৰতিবাৰেই আৰম্ভণিৰে পৰা বিফল হৈ আহিছে । ফলাফলটো হ’ল ভোটাৰসকলৰ প্ৰতি তেওঁলোকৰ ঘৃণা শীৰ্ষত উপনীত হৈছে। তেওঁলোকে ভোটাৰসকলৰ প্ৰতি ঘৃণা পোষণ কৰে। কিন্তু মানুহে ‘মহব্বত কি দুকন’ প্ৰচাৰ কৰে। সেয়েহে দেশৰ মানুহে কৈছে, ‘ইয়ে হে লুট কি দুকান, ঝুথ কা বজাৰ’৷

অদূৰ ভৱিষ্যতেও মণিপুৰত শান্তি বাহাল থাকিব : প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ওপৰত বক্তব্য ৰাখে; কয়, “অভিযুক্তসকলে যাতে কঠোৰতম শাস্তি লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে সকলো সম্ভৱ চেষ্টা কৰি আছে। মই জনসাধাৰণক আশ্বাস দিব বিচাৰো যে অনাগত সময়ত মণিপুৰত শান্তি আৰু পুনৰস্থাপন কৰা হ’ব। মই মণিপুৰৰ মহিলা আৰু কন্যাসহ মণিপুৰী লোকসকলক ক’ব বিচাৰো যে দেশখন আপোনালোকৰ সৈতে আছে আৰু চিৰদিন আপোনালোকৰ স’তে সহাৱস্থান কৰিব ৷

উল্লেখ্য যে,প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ মাজতেই বিৰোধীয়ে কৰিলে সদন ত্যাগ। মণিপুৰৰ প্ৰসংগক লৈ প্ৰধান মন্ত্ৰীয়ে কথা নোকোৱাৰ অভিযোগ তুলি বিৰোধীৰ সদন ত্যাগ কৰে৷। মোদীয়ে বিৰোধীক আখ্যা দিলে পলৰীয়া বুলি ৷

আনহাতে শেহতীয়া খৱৰ অনুসৰি লোকসভাত খাৰিজ হয় বিৰোধীৰ অনাস্থা প্ৰস্তাৱ ৷ মণিপুৰৰ পৰিস্থিতিক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে উদ্থাপন কৰিছিল অনাস্থা প্ৰস্তাৱ ৷

ইপিনে জ্যেষ্ঠ কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীক লোকসভাৰ পৰা নিলম্বন কৰে অধ্যক্ষ ওম বিৰলাই ৷

Exit mobile version