All Accused In North Cachar’s Thousand Crore Scam Acquitted: দোষমুক্ত হ’ল উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত আটাইকেইজন অভিযুক্ত

জুৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই, মোহিত হোজাইৰ যাৱজ্জীৱন কাৰাদণ্ড বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, আৰ এইচ খানকো শাস্তিৰ পৰা ৰেহাই, নিম্ন আদালতৰ পূৰ্বৰ গোটেই ৰায়টোকে খাৰিজ

hc

All Accused In North Cachar’s Thousand Crore Scam Acquitted:

উত্তৰ কাছাৰৰ ( বৰ্তমান ডিমা হাচাও) বহুচৰ্চিত হাজাৰ কোটিটকীয়া কেলেংকাৰী গোচৰৰ আটাইকেইজন অভিযুক্তই অৱশেষত ৰেহাই পালে ৷

কেলেংকাৰীৰ পৰা ৰক্ষা পালে আৰ এইছ খান,জুৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই, মোহিত হোজাইকে ধৰি ১১ গৰাকী অভিযুক্তই যাৱজ্জীৱন কাৰাদণ্ড শাস্তিৰ পৰা ৰেহাই পায় ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই গোচৰটোৰ ওপৰত ৰায়দান কৰি নিম্ন আদালতৰ পূৰ্বৰ ৰায়টোক খাৰিজ কৰে ৷

বিচাৰ প্ৰক্ৰিয়াত প্ৰতিয়নযোগ্য তথ্য প্ৰমাণ দাখিলত তদন্তকাৰী সংস্থা ব্যৰ্থ হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে বুলি সদৰি কৰে আচামীগণৰ অধিবক্তা বিজন মহাজনে ৷

ৰাজ্য কপাই যোৱা এহেজাৰ কোটি টকাৰ কেলেংকাৰীৰ স’তে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত হোজাই, সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক আৰ এইছ খান, উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ নেতা জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইকে ধৰি মুঠ ১১ জনক নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল।

পৰৱৰ্তী সময়ত সমাজ কল্যাণ বিভাগৰ তদানীন্তন উপ-সঞ্চালক আৰ এইছ খান সহ ৮ জন অভিযুক্ত জামিনত আছিল ৷

কিন্ত জুৱেল গাৰ্লোচা,মোহিত হোজাই আৰু নিৰঞ্জন হোজাইক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে ১১ জনক দোষী সাব্যস্ত কৰে ৷

নিয়া আদালতৰ সেই ৰায়ক প্ৰত্যাহ্বান জনাই এঘাৰজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত আপিল কৰে ৷ সেই আপিলৰ শুনানি গ্ৰহণ কৰি শুক্ৰবাৰে আদালতৰ ডিভিজন বেঞ্চে নিয়া আদালতৰ ৰায়ক খাৰিজ কৰি আটাইকেইজন অভিযুক্তকে দোষমুক্তৰ ৰায়দান দিয়ে ৷

ইয়াৰ লগে লগে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ ইতিমধ্যে কাৰাবন্দী হৈ থকা নিৰঞ্জন হোজাই, জুৱেল গাৰ্লোচাৰ আৰু মোহিত হোজাই মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ’ল।

Exit mobile version