18 New Tollgates Again in the Assam:
ৰাজ্যত ইতিমধ্যেই থকা টোল গেট সমূহে সৰ্বসাধাৰণ জনসাধাৰণক জ্বলাকলা খুৱাই থকাৰ মাজতে এইবাৰ পুনৰ স্থাপন হ’ব ১৮খন নতুন টোলগেট ৷
ADVERTISEMENT
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে টোলগেট স্থাপনৰ ক্ষেত্ৰত যাবতীয় পদক্ষেপ গ্ৰহন কৰিছে ৷
উল্লেখ্য যে,উজনি পৰা নামনিলৈ থকা প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তথৈবচ ৷ পথ সমূহ যাতায়তৰ উপযোগীকৈ নিৰ্মাণ কৰাৰ বিপৰীতে ৰাইজৰ ওপৰত জাপি দিব ওলাইছে টোলগেট ৷
পুনৰ ১৮ টা টোলগেটৰ স্থাপনক লৈ ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিভিন্ন দল-সংগঠনে নতুন টোলগেইট স্থাপনৰ পৰিকল্পনা পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ক ৷