Guwahati Flood:স্মাৰ্ট চিটিৰ পয়ালগা ৰূপ ! ভয়াৱহ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী

মহানগৰীৰ চৌদিশে কেৱল পানী আৰু পানী, কেতবোৰ স্থানত খহিছে ঠায়ে পাহাৰ, বাতিল বহু শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান, বানৰ কৱলত পৰি দিশহাৰা মহানাগৰিক, প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ, ৯৩৬৫৪-২৯৩১৪ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান

guwahati 1

Guwahati Flood:

দুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী ৷ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ

যাৰ ফলস্বৰূপে ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। এনে কৃত্ৰিম বানৰ বাবে ইতিমধ্যে মহানগৰ প্ৰশাসনে বন্ধ ঘোষণা কৰিছে বহু শিক্ষানুষ্ঠান।

পৰহি নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, ৰাজগড়,কাহিলীপাৰা,জু-ৰোড চানমাৰিৰ দাঁতিকাষৰীয়া অঞ্চল ,উলুবাৰীৰ কাষৰীয়া অঞ্চল হৈ পৰিছে জলমগ্ন। একেদৰে ভি আই পি পথৰ লগতে পাঠৰকুৱেৰী, বৰবাৰীৰ বিভিন্ন স্থান হৈছে প্লাৱিত ।

সদাব্যস্ত আৰ জি বৰুৱা ৰোডত একঁকাল পৰ্যন্ত পানী হোৱাৰ বিপৰীতে জু-ৰোডত কৃত্ৰিম বানৰ বাবে একপ্ৰকাৰ ব্যাহত পৰিছে যাতায়ত ব্যৱস্থা।

চলিতবৰ্ষৰ ভয়াৱহ কৃত্ৰিম বাবে মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । আনকি বাতিল কৰা হৈছে ছমহীয়া পৰীক্ষা ৷ আজি ছেণ্টমেৰিজকে ধৰি বিভিন্ন বিদ্যালয়ত হৈ থকা পৰীক্ষা সাময়িক ভাৱে স্থগিত ৰখাৰ ঘোষণা কৰিছে সংশ্লিষ্ট বিদ্যালয়ৰ কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, ধাৰাষাৰ বৃষ্টিপাতৰ বাবে গুৱাহটী মহানগৰৰ অধিকাংশ অঞ্চল এতিয়া পানীৰ তলত। ৰাজগড় অনিল নগৰৰ কেতবোৰ উপ-পথত এবুকু পৰ্যন্ত পানী হোৱাৰ লগতে বাসগৃহৰ ভিতৰতো এককাল পানী হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে। আবদ্ধ হৈ পৰিছে আবাসী সকল ৷ ঘৰৰ আছবাব এতিয়া পানীৰ তলত ৷ ইতিমধ্যে এছ ডি আৰ এফে আবদ্ধ লোক সকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে ৷

মনকৰিবলগীয়া যে,জি এম চিয়ে খৰালি দিনত নলা – নৰ্দমা সমূহ নিস্কাসন নকৰাৰ বাবেই এজাক মুষলধাৰ বৰষুণ দিলেই মহানগৰৰ অধিকাংশ অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷

একেদৰে একাংশ মহা নাগৰিকৰ কাণ্ডহীনতাও কৃত্ৰিম বানৰ অন্য এক কাৰণ ৷ কিয়নো জাৱৰ- জোথৰ,পলিথিন আৰু প্লাষ্টিকৰ বটল নিক্ষেপ কৰে নলা – নৰ্দমালৈ ৷ যাৰবাবে নলা – নৰ্দমা সমূহৰ পানী যোৱাত স্থবিৰতা আহি পৰে ৷

আনহাতে গুৱাহাটী উন্নয়ণ মন্ত্ৰী অশোক সিংহালে সময়ে সময়ে কথাৰ ফুলজাৰি মাৰি গুৱাহাটীত কৃত্ৰিম বান অন্ত পৰিব বুলি যি দম্ভালি মাৰিছিল সেইয়া এতিয়া স্পষ্ট হৈ পৰিল ৷

সেয়েহে মহানগৰবাসীৰ আহ্বান মন্ত্ৰী গৰাকী আৰু জি এম চিলৈ কথা কম কওক,কামৰে নিজৰ পৰিচয় দাঙি ধৰক ৷ স্মাৰ্ট চিটি নামত ঢাকঢোল বজোৱাতকৈ মহানগৰীৰ অন্যতম সমস্যা কৃত্ৰিম বানৰ অন্ত পেলাওক ৷

আনহাতে বৰষুণৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। বামুণীমৈদামত খহি পৰিল পাহাৰ। আকাশীপথত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত এটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়।

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীৰ আন আন স্থানত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে,বৃহস্পতিবাৰেও জু-ৰোডৰ ভাস্কৰ নগৰত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। বাসগৃহৰ ওপৰত খহি পৰিছিল দেৱাল-মাটি। অৱশ্যে কথমপিহে ৰক্ষা পৰে বাসগৃহৰ লোকসকল ৷

একেদৰে অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবেই মহানগৰীৰ বৈকুণ্ঠপুৰত বৃহস্পতিবাৰে খহিছিল ৰাজ্যিক চিৰিয়াখানাৰ গাৰ্ডৱালখন

গাৰ্ডৱালখন খহি পৰাৰ পাছত মুকলি হোৱা স্থানেদি যিকোনো মুহূৰ্ততে চিৰিয়াখানাৰ পৰা ওলাই আহিব পাৰে জীৱ-জন্তু। যাকলৈ চিন্তিত হৈ পৰিছে চিৰিয়াখানাৰ দাঁতকাষৰীয়া আবাসী সকল ৷

Exit mobile version